• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে ‘প্ৰকৃতিৰ মৃত্যুত শোক প্ৰকাশ’ শ্ল’গানেৰে উত্তাল দীঘলীপুখুৰীৰ পাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 5, 2025 6:41 pm
আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে ‘প্ৰকৃতিৰ মৃত্যুত শোক প্ৰকাশ’ শ্ল’গানেৰে উত্তাল দীঘলীপুখুৰীৰ পাৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে ‘প্ৰকৃতিৰ মৃত্যুত শোক প্ৰকাশ’ শ্লগানেৰে দীঘলীপুখুৰীৰ পাৰ উত্তাল কৰি তোলে একাংশ সচেতন নাগৰিক, শিক্ষাৰ্থী, দল সংগঠনৰ একাংশ প্ৰতিনিধিয়ে। শেহতীয়াকৈ অসম চৰকাৰে লোৱা উন্নয়নমূলক প্ৰকল্পৰ নামত পৰিবেশৰ যি অৱক্ষয় হৈছে তাৰ বিৰুদ্ধে সচেতন নাগৰিক সমাজৰ উদ্যোগত আছিল এই প্ৰতিবাদী কাৰ্যসূচী। দীঘলীপুখুৰীৰ পাৰৰ গছ কটাৰ চৰকাৰী অভিযান বন্ধ কৰা, গছৰ অবৈধ স্থানান্তৰকৰণ, দক্ষিণ কামৰূপৰ দৰাবিল ৰক্ষা, দৰাবিলৰ গো – চৰণীয়া পথাৰৰ ১৫০ বিঘা মাটি সংৰক্ষণ মুক্ত কৰিবলৈ বিচৰাৰ সিদ্ধান্ত বাতিলৰ দাবী আছিল আজিৰ প্ৰধান বিষয়। বিগতবৰ্ষত সন্দিকৈ কলেজৰ ওচৰৰ দীঘলীপুখুৰী আগুৰি থকা শ শ বছৰ পুৰণি বহুবোৰ গছ কটাৰ চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে শিক্ষাৰ্থীসমাজৰ লগতে বহু অনুষ্ঠান – প্ৰতিষ্ঠানে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী লৈছিল।

সেই সময়ত স্বতঃস্ফূৰ্তভাৱে ওলাই অহা জনতাৰ প্ৰতিবাদ-ক্ষোভৰ আগত সেও মানি চৰকাৰে গছ কটাৰ সিদ্ধান্ত বাতিল কৰে। কিন্তু দুদিন পূৰ্বে প্ৰশাসনে অতি নিৰ্দয়ভাৱে দীঘলীপুখুৰীৰ প্ৰৱেশ পথৰ সন্মুখৰ বহুবোৰ গছৰ ৭০-৮০ শতাংশ গা-গছ কাটি তহিলং কৰে। আজিৰ এই শোক প্ৰকাশ কার্যসূচীত উপস্থিত থাকি বিশিষ্ট শিক্ষাবিদ ড° অপূৰ্ব কুমাৰ বৰুৱাই মন্তব্য কৰে যে, “আমি একেলগ হৈ বিপদৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিব লাগিব। প্ৰকৃতি ধ্বংস কেৱল গুৱাহাটীৰ সমস্যা নহয়, এই সমস্যা অসমৰে। চৰকাৰে স্থানান্তৰকৰণৰ কথা কৈছে কিন্তু এই বিষয়ক কোনো বিতং পৰিকল্পনা ৰাজহুৱা কৰা নাই। আমি দেখিছো যে ভাৰতত এই স্থানান্তৰকৰণৰ কাৰবাৰটোয়ে বিশেষ সফলতা লাভ কৰা নাই। এই প্ৰক্ৰিয়াত সৰহভাগ গছেই মৰিছে। কৰ্টৰ মতে এটা অত্যাধুনিক পৰিকল্পনাৰ কথা আছিল কিন্তু এই পৰিকল্পনা কি কোনেও নাজানে! মই ইয়ালৈ আহি উপস্থিতসকলক সুধিছো যে তেওঁলোকে গছৰ আগ কাটিছে হয় পিছে মানুহৰ মূৰবোৰ কেতিয়া কাটিব? দল মত নিৰ্বিশেষে মই সকলোকে ক’ব খোজো যে এয়া কেৱল চৰকাৰী নিৰ্দেশনা বা কৰ্টৰ এখন কাগজৰ কথা নহয়, এয়া বিকাশৰ পদ্ধতিৰ কথা। মানুহে ৰাজনীতি কৰিব নালাগে বুলি কয় কিন্তু বিকাশ এক ৰাজনৈতিক পদ্ধতি। এই চৰকাৰখন প্ৰকৃততে মানুহৰ জীৱন জীৱিকা বা পৰিৱেশ লৈ চিন্তিত নহয়। চৰকাৰৰ উদ্দেশ্য মুষ্টিমেয় মানুহক ধন ঘটাৰ উপায় দিয়া। আচল দায়িত্ব গণতান্ত্ৰিক ৰাজনৈতিক দলসমূহৰ। দল নিৰ্বিশেষে মানুহৰ স্বাৰ্থত তেওঁলোক সংগঠিত হ’ব লাগে। সকলো ৰাজনৈতিক দল নিৰ্বাচনৰ আগত কেৱল ভোট বিচাৰি নহয় ৰাইজৰ সুৰক্ষাৰ বাবে ঐক্যবদ্ধ ভাৱে ওলাই আহক।”

অসমেই হয়তো বিশ্বৰ এখন ৰাজ্য য‘ত উন্নয়ন অহাৰ বহু পূৰ্বেই, উন্নয়নৰ পৰিকল্পনাৰো বহু পূৰ্বেই প্ৰকৃতি ধ্বংসই অগ্ৰাধিকাৰ পায়। সাধাৰণ তথ্য অনুসৰিয়েই গুৱাহাটীত ছয়লেনযুক্ত ৰাস্তা নিৰ্মাণৰ নামত জালুকবাৰীৰ পৰা খানাপাৰালৈ প্ৰায় ৩হাজাৰ গছ, উজান বজাৰৰ সৌন্দৰ্যবোধনৰ নামত, বিধায়ক আৱাসত, বিভিন্ন অজুহাতত জু ৰোড, ছয়মাইল আদিত গছ কটা আকৌ খানাপাৰাৰ পৰা বাইহাটালৈ ৰিং ৰ’ড নিৰ্মাণৰ বাবে ৩০হাজাৰমান গছ কটাৰ প্ৰস্তুতি চলি আছে। বিশিষ্ট বিজ্ঞানী দীনেশ গোস্বামী ডাঙৰীয়াই মন্তব্য কৰে যে, “এইখন চৰকাৰে আদালতৰ মজিয়াত এই অঞ্চলৰ গছ কটা নহ’ব বুলি প্ৰতিশ্ৰুতি দি হঠাত ৰাতি মনে মনে গছ কাটে। সৰু গছ কেতিয়াবা স্থানান্তৰকৰণ হ’ব পাৰে কিন্তু ডাঙৰ গছৰ ক্ষেত্ৰত বিশেষ প্ৰক্ৰিয়া আছে। গছৰ ডাল কাটি থ’লেও বাৰিষাত পোখা মেলিব কিন্তু সেইটোৱে নুবুজায় যে গছজোপা জীয়াই থাকিবই। গতিকে এইবোৰ লুকাই চুৰকৈ কৰা কাম নহয়। প্ৰক্ৰিয়াটো সহজ হোৱা হ’লে ৰাইজ আৰু বিশেষজ্ঞক লগত লৈ স্বচ্ছভাৱে কামটো কৰিলেহেঁতেন। আমি সকলোকে সজাগ হৈ থাকিবলৈ অনুৰোধ জনালোঁ।” চৰকাৰে এই বৃহৎ পুৰণি গছবোৰ স্থানান্তৰকৰণৰ কথাৰে জনসাধাৰণক আভুৱা ভাৰিছে। বাস্তৱিকভাৱে স্থানান্তৰকৰণৰ পাছত বৃহৎ এজোপা বৃক্ষৰ জীৱনৰ সম্ভাৱনা ৫০শতাংশও নহয়। স্থানান্তৰকৰণৰ ফলত কম বয়সীয়া গছবোৰে পুৰ্নজীৱন পাব পাৰে। কিন্তু এই ব্যৱস্থা যথেষ্ঠ ব্যয়বহুলৰ লগতে খুবেই সংবেদনশীল।

প্ৰকৃতিয়ে নিজে থিতাপি লোৱা ঠাইৰ পৰা জোৰ কৰি নি চৰকাৰী ব্যৱস্থাই এজোপা গছক জীয়াই থাকিবলৈ বাধ্য কৰিব নোৱাৰে! শিক্ষাবিদ মনোৰমা শৰ্মাই আক্ষেপ প্ৰকাশ কৰে, “আমাৰ দেশৰ বিকাশ সাধাৰণ মানুহখিনিৰ বাবে নহয়। এই বিকাশ আম্বানী – আদানীৰ বাবে। গতিকে আমাৰ হাতত গণতন্ত্ৰৰ অস্ত্ৰ প্ৰতিবাদৰ শক্তি আছে। আহক, সকলো একগোট হৈ যেনেকৈ পাৰো প্ৰতিবাদ কৰোঁ।” প্ৰতিবাদৰ অন্ততঃ সৰ্বসন্মতিক্ৰমে প্ৰতিবাদ তীব্ৰতৰ কৰি তোলাৰ স্বাৰ্থত বিৰোধী ৰাজনৈতিক দলসমূহৰ সহযোগিতা আৰু কায়িক উপস্থিতি বিচাৰি এখন স্মাৰকপত্ৰ অসমৰ অন্যতম বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত প্ৰদান কৰা হয়। স্মাৰকপত্ৰ প্ৰদান কৰা সজাতি দলটোত শিক্ষাবিদ ড° অপূৰ্ব কুমাৰ বৰুৱা, ড° মনোৰমা শৰ্মা, ড° দীনেশ গোস্বামী, জ্যেষ্ঠ সাংবাদিক মহেশ ডেকা, মানৱাধিকাৰ কৰ্মী পূজা নিৰলা, ট্ৰান্স কৰ্মী মিলিন দত্ত, বাওপন্থী নেত্ৰী সংগীতা দাস, ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ নেতা সুব্ৰত তালুকদাৰ, লেখক প্ৰণৱ জ্যোতি ডেকা, কৃষক সভাৰ জয়ন্ত গগৈ, লেখিকা ৰূপালীম দত্ত, উৎপলা দাস, নিৰংকুশ নাথ, গায়ক হুমায়ুন চৌধুৰী আদি উপস্থিত থাকে। লগতে এই অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ কংগ্ৰেছী নেতা মেহদী আলম বৰা, যুটীয়া সম্পাদকদ্বয় ক্ৰমে- ঋতুপৰ্ণ কোঁৱৰ আৰু বিমান গগৈৰ লগতে আন বহু কংগ্ৰেছকৰ্মী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

August 20, 2025 7:29 pm
অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

August 20, 2025 7:15 pm
জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

August 20, 2025 5:50 pm
সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা গোচৰ খাৰিজ উচ্চতম ন্যায়ালয়ৰ

August 20, 2025 5:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

August 20, 2025 7:29 pm
অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

August 20, 2025 7:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd