• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইউক্ৰেইনৰ কেন্দ্ৰত প্ৰৱেশ কৰিছে ৰাছিয়াৰ সেনা! যুদ্ধ আৰম্ভ হোৱাৰ পিছত এই প্ৰথম, দাবী মস্কোৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2025 7:53 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্য ইউক্ৰেইনত প্ৰৱেশ কৰিছে ৰাছিয়াৰ সেনা! দেওবাৰে এই কথা দাবী কৰিছে ক্ৰেমলিনে। তিনি বছৰীয়া ৰাছিয়া-ইউক্ৰেইন যুদ্ধত ৰাছিয়াৰ সৈন্যই প্ৰথমবাৰৰ বাবে ইউক্ৰেইনৰ কেন্দ্ৰত উপস্থিত হৈছে।

পূব ইউক্ৰেইনত ডনবাছ (ডনেটস্ক আৰু লুহানস্ক অঞ্চলক সামূহিকভাৱে এই নামেৰে কোৱা হয়) আচলতে ইউক্ৰেইনৰ এটা অংশ য’ত ইয়াৰ বাসিন্দাসকলৰ অধিকাংশই জাতিগতভাৱে ৰাছিয়ান। তেওঁলোকে গঠন কৰা মিলিচীয়া গোটবোৰে তাত মস্কোৰ বাবে সক্ৰিয়ভাৱে যুঁজি আছে।

Apply Now

ইতিমধ্যে ৰাছিয়াৰ সৈন্যই ডনেটস্ক অঞ্চলৰ এক বৃহৎ অংশ দখল কৰি লৈছিল। এইবাৰ ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰিছে যে ৰাছিয়াৰ সেনাৰ ৯০ নং টেংক ডিভিজনে ডনেটস্কৰ গাতে লাগি থকা ডনিপ্ৰ’ চহৰৰ সীমান্তত উপনীত হৈছে। তেওঁলোকে দাবী কৰে যে ড্নিপ্ৰ’ চহৰৰ সীমান্তৰ পৰা ৰাছিয়াৰ সৈন্যই আৰু অধিক ভিতৰুৱা অঞ্চলত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছে।

দৰাচলতে যোৱা কেইমাহমানৰ পৰা ৰাছিয়াৰ বাহিনীয়ে মধ্য ইউক্ৰেইনৰ ডিনিপ্ৰ’ত প্ৰৱেশৰ চেষ্টা চলাই আহিছে। এইবাৰ ৰাছিয়াই দাবী কৰিছে যে তেওঁলোকে প্ৰথমবাৰৰ বাবে মধ্য ইউক্ৰেইনৰ ড্নিপ্ৰ’ অঞ্চলত প্ৰৱেশ কৰিছে।

অৱশ্যে ক্ৰেমলিনে এতিয়াও দাবী কৰা নাই যে তেওঁলোকে চহৰখন দখল কৰিছে। অনুমান কৰা হৈছে যে যদি ৰাছিয়াৰ সেনাই ড্নিপ্ৰ’ চহৰৰ নিয়ন্ত্ৰণ লয় তেন্তে ই ইউক্ৰেইনৰ সেনাৰ বাবে নতুন সমস্যাৰ সৃষ্টি কৰিব পাৰে।

শেহতীয়াকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সেনাই ডনবাছ অঞ্চলত সক্ৰিয় মস্কো সমৰ্থক মিলিচীয়া গোটৰ সহায়ত ইউক্ৰেইনৰ সেনাৰ স্থানত স্থলপথেৰে বাৰে বাৰে আক্ৰমণ চলাইছে। তদুপৰি ড্ৰোন আৰু মিছাইল আক্ৰমণো অব্যাহত আছে। এই পৰিস্থিতিত যদি মধ্য ইউক্ৰেইনৰ ডিনিপ্ৰ’ ৰাছিয়াৰ বাহিনীৰ হাতত পৰে তেন্তে ই ক্ৰেমলিনক কৌশলগতভাৱে সহায় কৰিব পাৰে।

এসপ্তাহ পূৰ্বে ইউক্ৰেইনে যোৱা দেওবাৰে ৰাছিয়াত ড্ৰ’ন আক্ৰমণ চলাইছিল। সেইটোৱেই আছিল ইউক্ৰেইনৰ যুদ্ধৰ যোৱা তিনি বছৰৰ ভিতৰত ৰাছিয়াৰ ওপৰত কৰা আটাইতকৈ ডাঙৰ আক্ৰমণ। ইউক্ৰেইনৰ ড্ৰ’নে ৰাছিয়াৰ কেইবাটাও বিমান ঘাটিত বোমাৰু বিমানক আক্ৰমণ কৰে।

বিভিন্ন সূত্ৰৰ মতে, এই আক্ৰমণত ৪০ খনতকৈও অধিক ৰাছিয়াৰ যুদ্ধ বিমান ক্ষতিগ্ৰস্ত হৈছে। ইউক্ৰেইনে ড্ৰোন আক্ৰমণত ১১খন ৰাছিয়াৰ বিমান ধ্বংস কৰা বুলি দাবী কৰিছে। এই ঘটনাৰ পিছত ক্ৰেমলিনেও কয় যে ৰাছিয়াৰ সেনাই সঠিক সময়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব।

ইয়াৰ পিছতে যোৱা দুদিনত ইউক্ৰেইনৰ দুখন গুৰুত্বপূৰ্ণ চহৰত ৰাছিয়াৰ বাহিনীয়ে আক্ৰমণ চলাইছে। শুকুৰবাৰে ৰাছিয়াৰ সেনাই ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ড্ৰ’ন আক্ৰমণ চলায়। শনিবাৰে ইউক্ৰেইনৰ আন এখন গুৰুত্বপূৰ্ণ চহৰ খাৰকিভত সংঘটিত হয় এই আক্ৰমণ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোডী মন্ত্ৰীসভাৰ পৰা কিয় পদত্যাগ কৰিলে জৰ্জ কুৰিয়ানে? আস্থা হেৰুৱালে নেকি বিজেপিয়ে?

মোডী মন্ত্ৰীসভাৰ পৰা কিয় পদত্যাগ কৰিলে জৰ্জ কুৰিয়ানে? আস্থা হেৰুৱালে নেকি বিজেপিয়ে?

June 23, 2026 3:17 pm
সংসদৰ চলিত অধিৱেশনকে ধৰি ঘৰুৱা জৰুৰী ব্যস্ততাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিল, দিল্লীত হ’ব মোদীৰ সৈতে বৈঠক

সংসদৰ চলিত অধিৱেশনকে ধৰি ঘৰুৱা জৰুৰী ব্যস্ততাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিল, দিল্লীত হ’ব মোদীৰ সৈতে বৈঠক

June 23, 2026 2:48 pm
প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

June 23, 2026 1:43 pm
জুবিন গাৰ্গৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদন; অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

জুবিন গাৰ্গৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদন; অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

June 23, 2026 12:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডী মন্ত্ৰীসভাৰ পৰা কিয় পদত্যাগ কৰিলে জৰ্জ কুৰিয়ানে? আস্থা হেৰুৱালে নেকি বিজেপিয়ে?

মোডী মন্ত্ৰীসভাৰ পৰা কিয় পদত্যাগ কৰিলে জৰ্জ কুৰিয়ানে? আস্থা হেৰুৱালে নেকি বিজেপিয়ে?

June 23, 2026 3:17 pm
সংসদৰ চলিত অধিৱেশনকে ধৰি ঘৰুৱা জৰুৰী ব্যস্ততাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিল, দিল্লীত হ’ব মোদীৰ সৈতে বৈঠক

সংসদৰ চলিত অধিৱেশনকে ধৰি ঘৰুৱা জৰুৰী ব্যস্ততাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিল, দিল্লীত হ’ব মোদীৰ সৈতে বৈঠক

June 23, 2026 2:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd