• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰ : যোৱা এটা দশকত ২৭.১ শতাংশৰ পৰা ৫.৩ শতাংশলৈ হ্ৰাস পাইছে দৰিদ্ৰতা

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 15, 2025 7:55 pm
91
VIEWS
Share on FacebookShare on Twitter

যোৱা ১১ বছৰত ভাৰতত চৰম দৰিদ্ৰতাৰ হাৰ ২১.৮ শতাংশ হ্ৰাস পাইছে। ২০১১-১২ চনত চৰম দৰিদ্ৰতাৰ হাৰ আছিল ২৭.১ শতাংশ, যিটো ২০২২-২৩ চনত ৫.৩ শতাংশলৈ হ্ৰাস পাইছে। বিশ্ব বেংকৰ শেহতীয়া তথ্যত এই কথা প্ৰকাশ পাইছে।

ভাৰত চৰকাৰৰ কেইবাটাও কল্যাণমূলক নীতিৰ বাবে এই চৰম দৰিদ্ৰতাৰ হাৰ হ্ৰাস পাইছে বুলি প্ৰকাশ কৰিছে বিশ্ব বেংকে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ চৰকাৰক প্ৰশংসা কৰি কয়- সৱলীকৰণৰ জৰিয়তে আমি কেৱল দৰিদ্ৰতা দূৰ কৰাই নহয়, দৰিদ্ৰৰ মৰ্যাদা আৰু সুযোগো পুনৰ ঘূৰাই আনিছো।

বিশ্ব বেংকৰ তথ্য অনুসৰি ২০১১-১২ চনত ভাৰতৰ ৩৪ কোটিতকৈ অধিক লোক চৰম দৰিদ্ৰ সীমাৰেখাৰ তলত আছিল। ২০২২-২৩ চনত এই সংখ্যা ৭.৫ কোটিতকৈ অলপ বেছিলৈ হ্ৰাস পাইছে। অৰ্থাৎ মাত্ৰ ১১ বছৰত প্ৰায় ২৭ কোটি লোক চৰম দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে।

বিশ্ব বেংকে কয় যে উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, পশ্চিম বংগ আৰু মধ্যপ্ৰদেশ ৰাজ্যই এই অগ্ৰগতিৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিছে। এই পাঁচখন ৰাজ্যই মিলি চৰম দৰিদ্ৰতা হ্ৰাসৰ কমেও দুই তৃতীয়াংশ অৰিহণা যোগাইছে।

দৰিদ্ৰতা হ্ৰাস পোৱাটো গ্ৰাম্য আৰু চহৰ দুয়োখন অঞ্চলতে স্পষ্ট হৈ পৰিছে। ২০১১-১২ চনৰ পৰা ২০২২-২৩ চনৰ ভিতৰত গ্ৰাম্য অঞ্চলৰ চৰম দৰিদ্ৰতা ১৮.৪ শতাংশৰ পৰা ২.৮ শতাংশলৈ হ্ৰাস পাইছে, আৰু চহৰৰ চৰম দৰিদ্ৰতা ১০.৭ শতাংশৰ পৰা মাত্ৰ ১.১ শতাংশলৈ হ্ৰাস পাইছে।বিশ্ব বেংকে আন্তঃৰাষ্ট্ৰীয় দৰিদ্ৰ সীমাৰেখা প্ৰতিদিনে ২.১৫ ডলাৰ (২০১৭ চনৰ মূল্যত) নিৰ্ধাৰণ কৰিছে। এই স্কেলত ২০২২ চনত ভাৰতত দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যা আছিল ৩৩.৬৬ মিলিয়ন, যিটো ২০১১ চনত ২০৫.৯৩ মিলিয়ন আছিল।

Recent News

পুনৰ হাস্পাতালত ভৰ্তি ছোনিয়া গান্ধী; এইবাৰ দিল্লীৰ গংগা ৰাম হাস্পাতালত ভৰ্তি কংগ্ৰেছ নেত্ৰী

পুনৰ হাস্পাতালত ভৰ্তি ছোনিয়া গান্ধী; এইবাৰ দিল্লীৰ গংগা ৰাম হাস্পাতালত ভৰ্তি কংগ্ৰেছ নেত্ৰী

ইজৰাইলৰ আক্ৰমণত নিহত ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডৰ চোৰাংচোৱা শাখাৰ মুৰব্বী, দুই জেনেৰেল

ইজৰাইলৰ আক্ৰমণত নিহত ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডৰ চোৰাংচোৱা শাখাৰ মুৰব্বী, দুই জেনেৰেল

সন্তানৰ ব্যক্তিত্ব গঠনত পিতৃৰ এই আচৰণসমূহে স্পষ্ট ছাপ পেলায়; প্ৰকাশ পাইছে গৱেষণাত

সন্তানৰ ব্যক্তিত্ব গঠনত পিতৃৰ এই আচৰণসমূহে স্পষ্ট ছাপ পেলায়; প্ৰকাশ পাইছে গৱেষণাত

পুনেৰ ইন্দ্ৰায়নী নদীত দলং ভাঙি কমেও ৬ জনৰ মৃত্যু, বহু পৰ্যটক নিৰুদ্দেশ

পুনেৰ ইন্দ্ৰায়নী নদীত দলং ভাঙি কমেও ৬ জনৰ মৃত্যু, বহু পৰ্যটক নিৰুদ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd