• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোমাতংকৰ বাবে মাজ আকাশৰ পৰা জাৰ্মানীলৈ উভতিল হায়দৰাবাদ অভিমুখী বিমান!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 16, 2025 10:33 am
169
VIEWS
Share on FacebookShare on Twitter

জাৰ্মানীৰ ফ্ৰেংকফৰ্টৰ পৰা হায়দৰাবাদ বিমানবন্দৰত উপস্থিত হোৱাৰ কথা আছিল লুফথানছা এয়াৰলাইন্সৰ এখন বিমান। কিন্তু টেক অফৰ কিছু সময়ৰ পিছতে ই মাজ আকাশৰ পৰা ফ্ৰেংকফৰ্টলৈ উভতি যায়। হায়দৰাবাদ বিমানবন্দৰৰ সূত্ৰ অনুসৰি বোমাতংকৰ বাবেই বিমানখন ঘূৰি গৈছে।

হায়দৰাবাদ বিমানবন্দৰৰ এজন বিষয়াই সংবাদ সংস্থাক জনাইছে যে, “বোমাতংকৰ বাবে বিমানখন ঘূৰি গৈছে। সেই সময়ত বিমানখন ভাৰতীয় আকাশমাৰ্গৰ বাহিৰত আছিল।” কিন্তু লুফথানছা এয়াৰলাইন্সে দাবী কৰে যে অৱতৰণ কৰিবলৈ অনুমতি নোপোৱাৰ বাবে বিমানখন ফ্ৰেংকফৰ্টলৈ উভতি যায়।

হায়দৰাবাদ অভিমুখী বিমানখনে দেওবাৰে স্থানীয় সময় অনুসৰি দিনৰ ২:১৫ বজাত ফ্ৰেংকফৰ্টৰ পৰা উৰা মাৰিছিল। সোমবাৰে পুৱা ৬ বজাত হায়দৰাবাদত উপস্থিত হোৱাৰ কথা আছিল। কিন্তু দেওবাৰেই ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ললৈ এটা নটিফিকেশ্যন আহে। খবৰ আহে যে এল এইচ ৭৫২ বিমানখন মাজ আকাশৰ পৰাই ফ্ৰেংকফৰ্টলৈ উভতিছে। জনা যায় যে সেইখন বয়িং ৭৮৭-৯ ড্ৰিমলাইনাৰ বিমান আছিল।

ফ্ৰেংকফৰ্ট-হায়দৰাবাদ বিমানখনৰ বাহিৰেও আন এখন আন্তঃৰাষ্ট্ৰীয় বিমান দেওবাৰে আহি ভাৰতত উপস্থিত নোহোৱাকৈ উভতি যায়। দেওবাৰে লণ্ডনৰ পৰা চেন্নাইত উপস্থিত হোৱাৰ কথা আছিল ব্ৰিটিছ এয়াৰৱেজৰ এখন বিমান। কিন্তু লণ্ডনৰ হিথ্ৰ’ বিমানবন্দৰৰ পৰা উৰণৰ পিছত মাজ আকাশতে বিমানখনৰ ফ্লেপত যান্ত্ৰিক বিজুতিৰ সৃষ্টি হয়। ইয়াৰ বাবেই ই মাজভাগতে লণ্ডনলৈ উভতি যায়।

উল্লেখ্য যে যোৱা ১২ জুনত আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান উৰণৰ কিছু সময়ৰ পাছতে দুৰ্ঘটনাগ্ৰস্ত হয়। এজনৰ বাহিৰে বিমানত থকা সকলো যাত্ৰী আৰু ক্ৰুৰ মৃত্যু হয়। বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা অঞ্চলতো কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছে। এই পৰিস্থিতিত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিমান পৰিচালনাত অতিৰিক্ত সাৱধানতা অৱলম্বন কৰা হৈছে।

Recent News

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

নাগৰিকত্বৰ প্ৰমাণ দিয়াৰ পিছতো বাংলাদেশলৈ প্ৰেৰণ! পশ্চিম বংগ আৰক্ষীয়ে ঘূৰাই আনিলে ৪ জন ভাৰতীয় নাগৰিক

নাগৰিকত্বৰ প্ৰমাণ দিয়াৰ পিছতো বাংলাদেশলৈ প্ৰেৰণ! পশ্চিম বংগ আৰক্ষীয়ে ঘূৰাই আনিলে ৪ জন ভাৰতীয় নাগৰিক

হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে ‘ফ্লাইঅভাৰৰ চিএম’ নাম দিছে : গৃহ বিভাগৰ স্বৰূপ উদঙালে এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই

হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে ‘ফ্লাইঅভাৰৰ চিএম’ নাম দিছে : গৃহ বিভাগৰ স্বৰূপ উদঙালে এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই

সোমবাৰৰ পৰা ইউপিআই লেনদেন হ’ব আৰু অধিক সহজ! কি নতুন পৰিৱর্তন আনিলে চৰকাৰে?

সোমবাৰৰ পৰা ইউপিআই লেনদেন হ’ব আৰু অধিক সহজ! কি নতুন পৰিৱর্তন আনিলে চৰকাৰে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd