ইখনৰ পিছত সিখন বিমানত কালিকা লাগিছে। এইবাৰ লক্ষ্ণৌ বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত চৌদি এয়াৰলাইন্সৰ এখন বিমান যান্ত্ৰিক বিজুতিৰ সন্মুখীন হয়। বিমানখনত আছিল ২৫০ জন হজ যাত্ৰী।
জানিব পৰা মতে, দেওবাৰে বিমানখন চৌধুৰী চৰণ সিং বিমানবন্দৰত অৱতৰণ কৰি থকাৰ সময়তে হঠাতে চকাৰ সন্মুখৰ পৰা ধোঁৱা ওলোৱা দেখা যায়। লগে লগে আতংক বিয়পি পৰে। যাত্ৰীসকলৰ মাজত হুলস্থুলৰ সৃষ্টি হয়। পাইলটে খৰধৰকৈ বিমানখন ৰখাই এ টি চিত খবৰ দিয়ে।
নিৰ্দিষ্ট স্থানৰ সলনি পাইলটে বিমানখন পিছলৈ ঠেলি লৈ যায়। টেক্সি বে’ৰ সন্মুখত বিমানখন ৰৈ যায়। সকলো যাত্ৰীক তাতেই নিৰাপদে অৱতৰণ কৰোৱা হয়। বিমানবন্দৰৰ অগ্নিনিৰ্বাপক বাহিনী সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।
অৱশ্যে ২০ মিনিট ধোঁৱা ওলোৱা দেখি আতংকিত হৈ পৰে যাত্ৰীসকল। আহমেদাবাদৰ ভয়াবহ বিমান দুৰ্ঘটনাৰ স্মৃতি সজীৱ হৈ থকাৰ সময়তে এই ঘটনাক লৈ লক্ষ্ণৌ বিমানবন্দৰত চাঞ্চল্যৰ সৃষ্টি হৈছে।
জানিব পৰা মতে, শনিবাৰে নিশা ১০:৪৫ বজাত ছৌদি আৰৱৰ জেদ্দা বিমানবন্দৰৰ পৰা উৰা মাৰিছিল হজ যাত্ৰী কঢ়িয়াই অনা বিমানখন। দেওবাৰে পুৱা ৬:৩০ বজাত বিমানখন অৱতৰণ কৰাৰ কথা আছিল।
বিমানবন্দৰৰ সূত্ৰ অনুসৰি বিমানখনৰ বাওঁ চকাৰ পৰা ধোঁৱা ওলোৱা দেখা গৈছিল। অৱতৰণৰ সময়ত যান্ত্ৰিক বিজুতিৰ বাবে এনে হ’ব পাৰে। অভিযন্তাসকলে সমস্যাটো সমাধানৰ চেষ্টা কৰিছে। অৱশ্যে এই সমস্যা সমাধান কৰিবলৈ নিশা ৯:৩০ বাজি যায়। এনে সমস্যাৰ মূল কাৰণ হ’ল হাইড্ৰলিক লিকেজ। বিশেষজ্ঞসকলে কয় যে পাইলটৰ তৎপৰতাৰ বাবেই এক বৃহৎ দুৰ্ঘটনাৰ পৰা হাত সৰাটো সম্ভৱ হৈছে।