অৰুণাচল প্ৰদেশৰ হিলাং য়াজিকে ইতিহাস ৰচনা কৰিছে। ২৫ বছৰীয়া যুৱতীগৰাকীয়ে মহিলা বডি বিল্ডিং প্ৰতিযোগিতা ১৫ সংখ্যক দক্ষিণ এছিয়ান বডি বিল্ডিং আৰু ফিজিক স্প’ৰ্টছ চেম্পিয়নশ্বিপ ২০২৫ত এটা শাখাত সোণ আৰু আন এটা শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছে।
এইবাৰ ভূটানৰ থিম্ফুত আয়োজন কৰা হৈছিল এই প্ৰতিযোগিতা। ১১ জুনৰ পৰা ১৫ জুনলৈকে চলিছিল এই প্ৰতিযোগিতা। দেওবাৰে শেষ দিন আছিল। তেতিয়াই গম পোৱা গ’ল যে হিলাঙে কেৱল বডি বিল্ডিঙতেই নহয়, যিকোনো আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰতো স্বৰ্ণ পদক লাভ কৰা ৰাজ্যখনৰ পৰা প্ৰথমগৰাকী মহিলা খেলুৱৈ হোৱাৰ এক অনন্য অভিলেখ গঢ়ি তুলিছে।
এইবাৰে নহয়, যোৱা বছৰে তেওঁ লাইমলাইটলৈ আহিছিল। ৫৬ সংখ্যক এছিয়ান বডি বিল্ডিং এণ্ড ফিজিক স্প’ৰ্টছ চেম্পিয়নশ্বিপ আৰু ডব্লিউ বি পি এফ ৱৰ্ল্ড বডি বিল্ডিং এণ্ড ফিজিক স্প’ৰ্টছ চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
মন কৰিবলগীয়া যে থিম্ফুত যোগদান কৰাৰ আগতে য়াজিকে বহু পৰ্যায়ৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল। ইণ্ডিয়ান বডি বিল্ডাৰ ফেডাৰেচন আৰু কেৰালাৰ বডি বিল্ডিং এছ’চিয়েশ্যনে যৌথভাৱে এই বাছনি প্ৰক্ৰিয়াটো পৰিচালনা কৰে। ট্ৰায়েলত উত্তীৰ্ণ হোৱাৰ পিছত অৰুণাচলৰ যুৱতীগৰাকীয়ে বিশ্ব প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে।
এই সফলতাৰ বাবে বহুতে যাজিকক অভিনন্দন জনাইছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে তেওঁৰ এক্স-হেণ্ডলত লিখিছে, ‘হিলাং অৰুণাচলৰ। যিয়ে ইতিহাস সৃষ্টি কৰিছে।’ সমগ্ৰ ৰাজ্যই বিশ্ব জয় কৰি সুখী। য়াজিকও সুখী। তেওঁ কয়, ‘মোৰ ৰাজ্যৰ বাবে এই পদকসমূহ অতি গুৰুত্বপূৰ্ণ। কাৰণ ইয়াত মহিলাৰ বডি বিল্ডিং জনপ্ৰিয় প্ৰতিযোগিতা নহয়। মোৰ পৰৱৰ্তী লক্ষ্য এছিয়ান আৰু বিশ্ব চেম্পিয়নশ্বিপ। মই মোৰ দেশৰ বাবে পদক লাভ কৰিব বিচাৰো।’
য়াজিকৰ কেৰিয়াৰ পৰিকল্পনা কি? য়াজিকে আৰক্ষী বিষয়া হ’ব বিচাৰে। তেওঁৰ ভাষাত, ‘মই মাত্ৰ এনেয়ে বডি বিল্ডিং আৰম্ভ কৰো। আৰু তাৰ পিছত মই অনুপ্ৰাণিত হৈ এই খেলবিধক গুৰুত্ব দিবলৈ আৰম্ভ কৰো।’
কিন্তু তেওঁ মানি লৈছে যে তেওঁৰ বিচৰা মতেই সকলো হাতলৈ অহা নাই। য়াজিকে কয়, ‘গোটেই কথাটো আছিল অতি প্ৰত্যাহ্বানজনক। পেশীবহুল ছোৱালী মানুহে ভাল নাপায়৷ মই বডি বিল্ডিঙৰ লগতে আৰক্ষী বিষয়া হ’ব বিচাৰো।’