• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সন্মুখত লাঠি লৈ সোণম, পিছফালে ৰাজা; পোহৰলৈ আহিছে মেঘালয় কাণ্ডৰ ‘শেষ’ ভিডিঅ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2025 8:07 am
534
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ত হানিমুনত এক ৰোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। নৱবিবাহিত পত্নী সোণম ৰঘুবংশীৰ বিৰুদ্ধে স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰাৰ অভিযোগ। এতিয়া তদন্তকাৰীৰ হাতলৈ আহিছে এটা নতুন ভিডিঅ’ ফুটেজ।

সংশ্লিষ্ট মহলৰ মতে, এই ফুটেজ সম্ভৱতঃ ৰাজা ৰঘুবংশী আৰু তেওঁৰ পত্নী একেলগে থকাৰ শেষ ফুটেজ। অনুমান কৰা হৈছে যে এই ভিডিঅ’টো ৰাজাক হত্যা কৰাৰ আৰু সোণম পলায়ন কৰাৰ কিছু সময়ৰ পূৰ্বে লোৱা হৈছিল।

সূত্ৰ অনুসৰি, এই ভিডিঅ’টো আন এজন পৰ্যটকৰ মোবাইল ফোনত শ্বুট কৰা হৈছে, যিয়েও একে অঞ্চলতে ট্ৰেকিং কৰি আছিল। সমগ্ৰ ঘটনা সংঘটিত হৈছে অজানিতে। ২৩ মে’ৰ পুৱা প্ৰায় ৯:৪৫ বজাত এজন পৰ্যটকে ৰেকৰ্ড কৰা ভিডিঅ’টোত সোণম আৰু ৰাজাক দেখা গৈছে।

ইপিনে, একেদিনাই সোণম আৰু তেওঁৰ প্ৰেমিক ৰাজ কুশৱাহাই সেইদিনা বিয়লি তিনিজন ভাড়াতীয়া হত্যাকাৰীৰ সৈতে ৰাজাক হত্যা কৰি নদীৰ ঘাটত পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে।

দেৱ সিং নামৰ এজন পৰ্যটকে ইনষ্টাগ্ৰামত পোষ্ট কৰা ভিডিঅ’টোত সোণমক বগা টি-চাৰ্ট পিন্ধি আগবাঢ়ি যোৱা দেখা গৈছে। তাই হাতত লাঠি এখন লৈ আছিল। হাতত প্লাষ্টিকৰ বেগ এটা লৈ পিছফালে খোজ কাঢ়ি গৈ আছে ৰাজা। আনহাতে, ভিডিঅ’টোত সোণমক পিন্ধা দেখা পোৱা বগা টি-চাৰ্টটো আৰক্ষীয়ে ৰাজাৰ মৃতদেহৰ পৰা উদ্ধাৰ কৰে।

ভিডিঅ’টোৰ সন্দৰ্ভত দেৱে কয় যে, “মই ২৩ মে’ত মেঘালয় ভ্ৰমণৰ সময়ত এটা ভিডিঅ’ বনাইছিলো। কালি ভিডিঅ’টো চাই থাকোঁতে মই অজানিতে ইন্দোৰৰ এহাল দম্পতীক ভিডিঅ’টোত খোজ কাঢ়ি থকা দেখা গৈছে।”

মেঘালয় আৰক্ষীৰ তথ্য অনুসৰি, ৰাজা আৰু সোণম ২৩ মে’ৰ পুৱা প্ৰায় ৫:৩০ বজাত নাংৰিয়াটৰ শিপাৰা হোমষ্টেৰ পৰা ৰাওনা হৈছিল। তাৰ পিছত ট্ৰেকিংৰ বাবে চেৰাপুঞ্জীলৈ ৰাওনা হয়। ভাড়াতীয়া হত্যাকাৰী তিনিজনো ওচৰৰ হোমষ্টেত আছিল। তেওঁলোকো একে সময়তে ওলাই গৈছিল। বাটত সোণম আৰু ৰাজাই হত্যাকাৰী তিনিজনক লগ পায়। অজানিতে ৰাজাই হত্যাকাৰীৰ লগত কথা পাতিবলৈ ধৰে। তাৰ পাছত সুযোগ বুজি তিনিওজনে ৰজাক হত্যা কৰি এটা খাৱৈত পেলাই দিয়ে। ২ জুনত ৰাজাৰ মৃতদেহ উদ্ধাৰ হয়।তাৰ পিছতে সোণমো ধৰা পৰে।

সোণম আৰু ৰাজা ৰঘুবংশীৰ বিয়া হৈছিল ইন্দোৰত। যোৱা ২০ মে’ত হানিমুনৰ বাবে মেঘালয়ত উপস্থিত হৈছিল। ২৩ মে’ত নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছিল। ২ জুনত মেঘালয়ৰ খাৱৈৰ পৰা ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে পত্নী সোণম ৰঘুবংশী সন্ধানহীন হৈ আছিল। ৯ জুনৰ পুৱা উত্তৰ প্ৰদেশৰ গাজীপুৰত তেওঁক বিচাৰি উলিয়াই গ্ৰেপ্তাৰ কৰা হয়।

View this post on Instagram

A post shared by Dev (@m_devsingh)

সোণমৰ প্ৰেমিক ৰাজ কুশৱাহা আৰু ৰাজা ৰঘুবংশীক হত্যা কৰা আন তিনিজনকো গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰৰ পিছত সোণমে দাবী কৰে যে তেওঁক ড্ৰাগছ সেৱন কৰি অপহৰণ কৰি গাজীপুৰত পেলাই দিয়া হৈছিল। অৱশ্যে আৰক্ষীয়ে আত্মসমৰ্পণ কৰা বুলি জানিবলৈ দিয়ে। অভিযুক্তক মেঘালয় আৰক্ষীক গতাই দিয়ে।

জানিব পৰা মতে, আৰক্ষীৰ জিম্মাত থকা সোণমে স্বামী ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ কথা স্বীকাৰ কৰে । ইপিনে, সোণম আৰু ৰাজা ৰঘুবংশীৰ পৰিয়ালে আটাইকেইজন অভিযুক্তৰ লগতে সোণমকো মৃত্যুদণ্ডৰ দাবী জনাইছে।

Recent News

মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা

মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা

গুৱাহাটীৰ মাজ-মজিয়াত যুৱতীৰ ৰহস্যজনক মৃত্যু! দূৰ সম্পৰ্কীয় মোমায়েকে প্ৰেমৰ জালত পেলাই ধন-সম্পত্তি দাবীৰ অভিযোগ পৰিয়ালৰ

গুৱাহাটীৰ মাজ-মজিয়াত যুৱতীৰ ৰহস্যজনক মৃত্যু! দূৰ সম্পৰ্কীয় মোমায়েকে প্ৰেমৰ জালত পেলাই ধন-সম্পত্তি দাবীৰ অভিযোগ পৰিয়ালৰ

উৰিষ্যাৰ সমুদ্ৰ তীৰত লোমহৰ্ষক ঘটনা : প্ৰেমিকৰ সমুখতে দলৱদ্ধ ধৰ্ষণ যুৱতীক, গ্ৰেপ্তাৰ ৮ পৰ্যটক

উৰিষ্যাৰ সমুদ্ৰ তীৰত লোমহৰ্ষক ঘটনা : প্ৰেমিকৰ সমুখতে দলৱদ্ধ ধৰ্ষণ যুৱতীক, গ্ৰেপ্তাৰ ৮ পৰ্যটক

আদানিৰ স্বাৰ্থত জলাঞ্জলি জনজাতিৰ ভূমি! ভূমিপুত্ৰৰ প্ৰতিবাদে চকু মেল খুৱাবনে ‘খিলঞ্জীয়া’ চৰকাৰৰ?

আদানিৰ স্বাৰ্থত জলাঞ্জলি জনজাতিৰ ভূমি! ভূমিপুত্ৰৰ প্ৰতিবাদে চকু মেল খুৱাবনে ‘খিলঞ্জীয়া’ চৰকাৰৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd