• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 17, 2025 9:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেলেষ্টাইনৰ জনগণৰ প্ৰতি সংহতি প্ৰকাশ আৰু গাজাত ইজৰাইলী বাহিনীৰ গণহত্যাৰ প্ৰতিবাদত দেশৰ পাঁচটা বাওঁপন্থী দল — চিপিআই(এম), চিপিআই,  চিপিআই(এম-এল), এআইএফবি আৰু আৰএছপিৰ  আহ্বান মৰ্মে আজি ১৭ জুনত গুৱাহাটীতো ‘পেলেষ্টাইনৰ সৈতে ৰাষ্ট্ৰীয় সংহতি দিৱস‘ পালন কৰা হয়।

গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সভাখন পৰিচালনা কৰে চিপিআই(এম)ৰ জ্যেষ্ঠ নেতা শতঞ্জীৱ দাস, চিপিআইৰ ৰাজ্যিক নেত্ৰী অসমী গগৈ, চিপিআই(এম-এল)ৰ নেতা ধীৰাজ দাস আৰু ফৰৱাৰ্ড ব্লকৰ ৰাজ্যিক অধ্যক্ষ মিহিৰ নন্দীক লৈ গঠিত সভাপতিমণ্ডলীয়ে। সভাৰ আৰম্ভণিতে যোৱা ১২ জুনত আহমেদাবাদত সংঘটিত শোকাৱহ বিমান দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে নিহতসকলৰ পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰা হয়।

Apply Now

সভাই গাজাত নিৰীহ পেলেষ্টাইনী নাগৰিকৰ ওপৰত চলি থকা ইজৰাইলী সেনা বাহিনীৰ বৰ্বৰতা তথা গণহত্যা আৰু যুদ্ধ অপৰাধৰ বাবে ইজৰাইল চৰকাৰক তীব্ৰ নিন্দা আৰু অচিৰেই যুদ্ধ বিৰতি ঘোষণা কৰাৰ দাবী উত্থাপন কৰে। প্ৰতিবাদী সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰি চিপিআই(এম)ৰ ৰাজ্যিক নেতা নয়ন ভূঞাই কয়,

গাজাত প্ৰকৃতাৰ্থত নৰসংহাৰ চলি আছে আৰু ইয়াৰ প্ৰতিবাদত বাওঁ দলসমূহে আজি ১৭ জুনত সমগ্ৰ দেশত প্ৰতিবাদী সভা-সমাৱেশৰ আয়োজন কৰিছে।

চিপিআই(এম)ৰ কেন্দ্ৰীয় কমিটিৰ সদস্য ইচ‌্ফাকুৰ ৰহমানে যৌথ সভাখনত পাৰ্টিৰ বক্তব্য তুলি ধৰি কয় যে পেলেষ্টাইনী জনগণৰ মুক্তি সংগ্ৰামৰ ইতিহাস বহু পুৰণি। এটা শতিকাৰো অধিক কালজুৰি প্ৰথমে ব্ৰিটিছ সাম্ৰাজ্যবাদ আৰু পাছলৈ আমেৰিকান সাম্ৰাজ্যবাদৰ নেতৃত্বত তথা উন্নত পুঁজিবাদী দেশবোৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত ইজৰাইলৰ জায়নবাদী চৰকাৰে স্বাধীন পেলেষ্টাইন ৰাষ্ট্ৰ গঠনত বাধা প্ৰদান আৰু নৃশংস হত্যালীলা চলাই আছে। ব্ৰিটিছৰ চক্ৰান্তত ১৯৪৮ চনত পেলেষ্টাইনীসকলৰ গৃহভূমিত ইজৰাইল ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ পাছৰ পৰাই পেলেষ্টাইনৰ জনগণৰ অধিকাৰবোৰ খৰ্ব কৰা হৈছে। এতিয়া পেলেষ্টাইন হৈ পৰিছে মানৱতাৰ বধ্যভূমি। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰৰোচনা, আৰ্থিক সাহায্য আৰু সমৰাস্ত্ৰৰ সহায়ত ইজৰাইলৰ যুদ্ধোন্মাদ নেট্যানয়াহু চৰকাৰে সমগ্ৰ মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা বজাইছে বুলি ৰহমানে কয়। তেওঁ লগতে কেন্দ্ৰৰ বিজেপি চৰকাৰে স্বাধীন বৈদেশিক নীতি জলাঞ্জলি দি পেলেষ্টাইন সংক্ৰান্তত ভাৰতৰ পূৰ্বৰ নীতিৰ পৰা ফালৰি কাটি ইজৰাইল চৰকাৰক সমৰ্থন দিয়াৰ বাবে মোদী চৰকাৰক নিন্দা কৰে। চিপিআই দলৰ অসম ৰাজ্য পৰিষদ সম্পাদক কনক গগৈয়ে ভাষণ প্ৰসংগত কয় যে কমিউনিষ্টসকল সদায়েই পৰৰাষ্ট্ৰ আক্ৰমণকাৰী সাম্ৰাজ্যবাদ আৰু অন্যায় যুদ্ধৰ বিৰোধী তথা মানৱতাবাদৰ পূজাৰী। পেলেষ্টাইনত ইজৰাইলী নৰসংহাৰে মানৱতা ভূলুণ্ঠিত কৰিছে বুলি গগৈয়ে উল্লেখ কৰে।

বাওঁ দলবোৰে সকলো দেশৰ জনগণৰ ন্যায্য অধিকাৰবোৰৰ পক্ষে যুঁজ কৰে বুলি তেওঁ কয়। চিপিআই(এম এল)ৰ ৰাজ্যিক নেতা পংকজ কুমাৰ দাসে তেখেতৰ ভাষণত পেলেষ্টাইন সংক্ৰান্তত মোদী চৰকাৰৰ ইজৰাইলপন্থী নীতিক কঠোৰ সমালোচনা কৰাৰ উপৰি ভাৰত চৰকাৰে সম্প্ৰতি স্বাধীন বৈদেশিক নীতি বিসৰ্জন দিয়া বুলি অভিযোগ কৰে। ফৰৱাৰ্ড ব্লকৰ ৰাজ্যিক কমিটিৰ অধ্যক্ষ মিহিৰ নন্দীয়ে পেলেষ্টাইন তথা মধ্যপ্ৰাচ্যত অচিৰেই যুদ্ধ বন্ধ কৰি স্বাধীন পেলেষ্টাইন ৰাষ্ট্ৰ গঠনৰ পথ মুকলি কৰিব লাগিব বুলি কয়।

প্ৰতিবাদী সভাখনত সভাপতিমণ্ডলীৰ হৈ চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদকমণ্ডলীৰ অন্যতম সদস্য শতঞ্জীৱ দাসে বক্তব্য দাঙি ধৰি গাজাত গণহত্যা বন্ধ কৰাৰ লগতে পেলেষ্টাইন সংক্ৰান্তত ভাৰত চৰকাৰৰ নীতি পৰিৱৰ্তনৰ দাবী উত্থাপন কৰে। তেখেতে সুনিৰ্দিষ্ট অভিযোগ উত্থাপন কৰি কয় যে ৰাষ্ট্ৰ সংঘৰ শেহতীয়া সাধাৰণ পৰিষদৰ অধিৱেশনত পেলেষ্টাইনত যুদ্ধ বিৰতিৰ পক্ষে ভাৰত চৰকাৰে ভোট দান কৰাৰ সলনি ভোটদানৰ পৰা বিৰত থাকি সমগ্ৰ বিশ্বত ইজৰাইল প্ৰীতি উদঙাই দিছে। দাসে তথ্য সহকাৰে দেখুৱাই দিয়ে ইজৰাইলৰ বর্বৰতা আৰু পাশৱিক হত্যালীলাৰ কৰুণ চিত্ৰখন।

সভাত কেওজন বক্তাই ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ, আন্তৰ্জাতিক ন্যায় আদালতৰ ৰায় তথা বিশ্ব জনমত নেওচি ইজৰাইল চৰকাৰে গণহত্যা তথা যুদ্ধ-অপৰাধ অব্যাহত ৰখাৰ নিন্দা কৰাৰ লগতে ১৯৬৭ চনৰ পেলেষ্টাইনৰ সীমা অক্ষুণ্ণ ৰাখি পূব জেৰুজালেমক ৰাজধানী হিচাপে লৈ স্বাধীন পেলেষ্টাইন ৰাষ্ট্ৰ গঠনৰ দাবী তোলে। তদুপৰি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পদলেহনকাৰী তথা ইজৰাইল প্ৰীতিৰ নীতি অনুসৰণ কৰাৰ সলনি ভাৰত চৰকাৰক পেলেষ্টাইনবাসীৰ সমৰ্থনত বলিষ্ঠ নীতিগত অৱস্থান গ্ৰহণ কৰাৰ দাবী জনায়। ইজৰাইলে শেহতীয়াভাৱে ইৰান আক্ৰমণ কৰাৰ ঘটনাকো সভাত তীব্ৰ নিন্দা কৰা হয় আৰু এই ঘটনাই সমগ্ৰ মধ্যপ্ৰাচ্যত যুদ্ধৰ উত্তেজনা তথা ধ্বংসলীলাৰ সূচনা কৰা বুলি বক্তাসকলে অভিমত প্ৰকাশ কৰে।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd