• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ন্যায়াধীশ যশৱন্ত ভাৰ্মাক অপসাৰণৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া তদন্ত কমিটীৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 19, 2025 3:21 pm
59
VIEWS
Share on FacebookShare on Twitter

উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া তদন্ত কমিটীয়েও ‘বিতৰ্কিত’ ন্যায়াধীশ যশৱন্ত ভাৰ্মাক অপসাৰণৰ পৰামৰ্শ আগবঢ়াইছে। সূত্ৰ অনুসৰি এই পৰামৰ্শৰ সমান্তৰালকৈ কমিটীয়ে নিজৰ প্ৰতিবেদনত কিছুমান অতি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে।

ইয়াত উল্লেখ কৰা হৈছে যে দিল্লীস্থিত তেওঁৰ চৰকাৰী বাসগৃহৰ পৰা বৃহৎ পৰিমাণৰ জ্বলি যোৱা আৰু অক্ষত টকাৰ নোট উদ্ধাৰৰ ঘটনাৰ একাধিক সাক্ষী আছে। সেই ঘটনাৰ পিছত ন্যায়াধীশ ভাৰ্মাই আৰক্ষীৰ ওচৰত কোনো অভিযোগ দাখিল কৰা নাছিল।

আনকি তেওঁ ন্যায়পালিকাৰ উচ্চতম কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰা নাছিল। ন্যায়াধীশ ভাৰ্মাৰ আচৰণ আছিল ‘অস্বাভাৱিক’।

চলিত বৰ্ষৰ দৌলৰ নিশা দিল্লীত ন্যায়াধীশ ভাৰ্মাৰ চৰকাৰী বাসগৃহত হঠাৎ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ লোক, বিষয়া আৰু আৰক্ষী জোৱানসকলে বাসগৃহৰ ষ্ট’ৰ ৰুমৰ পৰা বৃহৎ পৰিমাণৰ জ্বলি যোৱা আৰু অক্ষত ভাৰতীয় টকা উদ্ধাৰ কৰে। ঘটনাৰ সময়ত যশৱন্ত ভাৰ্মা আছিল দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ।

সেই ঘটনাত উচ্চতম ন্যায়ালয়ে নিজৰ অধিকাৰক্ষেত্ৰৰ ভিতৰত তিনিজনীয়া তদন্ত কমিটী গঠন কৰি ঘটনাটোৰ তদন্ত কৰিছিল। কমিটীয়ে দাখিল কৰিছে প্ৰতিবেদন।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে কমিটীৰ সদস্যসকলে মুঠ ৫৫ জন সাক্ষীক জেৰা কৰে। তাৰ ভিতৰত আছে ন্যায়াধীশ ভাৰ্মাৰ কন্যাও। প্ৰত্যক্ষদৰ্শীৰ বক্তব্য অনুসৰি ষ্ট’ৰ ৰুমৰ মজিয়াত একাধিক ভিডিঅ’ ফুটেজ আৰু ফটো, বিপুল পৰিমাণৰ আধা জ্বলি যোৱা আৰু অক্ষত ৫০০ টকীয়া নোট সিঁচৰতি হৈ থকা দেখা গৈছিল।

প্ৰতিবেদনত কমিটীৰ জেৰাৰ সময়ত এজন সাক্ষীয়ে দিয়া বক্তব্যৰ কথা উল্লেখ কৰা হৈছে। ভাষ্য়ত সাক্ষীগৰাকীয়ে কয় যে, “ইমান বৃহৎ পৰিমাণৰ ধন দেখি মই স্তম্ভিত হৈ পৰিলোঁ। জীৱনত ইমান টকা কেতিয়াও দেখা নাই।”

কমিটীয়ে নিজৰ প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ কৰিছে যে ইমান ডাঙৰ ঘটনাৰ পিছতো ন্যায়াধীশ ভাৰ্মাই নিজে বা তেওঁৰ পৰিয়ালে আৰক্ষীৰ ওচৰত কোনো অভিযোগ দাখিল কৰা নাছিল। আনকি ন্যায়পালিকাৰ উচ্চ কৰ্তৃপক্ষৰো দৃষ্টিগোচৰ হোৱা নাছিল।

তেওঁ একো নাজানিছিল আৰু ন্যায়াধীশ ভাৰ্মাই যি দাবী কৰিছে সেয়া ষড়যন্ত্ৰ বুলি কৰা দাবীৰ কোনো ব্যাখ্যাও নাই। ন্যায়াধীশ ভাৰ্মাৰ এই দাবী বিশ্বাসযোগ্য নহয়।

প্ৰতিবেদনত লগতে কোৱা হৈছে যে ন্যায়াধীশ ভাৰ্মাৰ ব্যক্তিগত সচিবে অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলক অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰতিবেদনত ধন উদ্ধাৰৰ কথা নক’বলৈ নিৰ্দেশ দিছিল। অগ্নিনিৰ্বাপক বাহিনীৰ উচ্চ পদস্থ বিষয়াসকলেও বিষয়টো আগুৱাই নিনিবলৈ পৰামৰ্শ দিয়ে। কাৰণ এই ঘটনাৰ লগত ওপৰ মহলাৰ মানুহ জড়িত হ’ব পাৰে।

ন্যায়াধীশ ভাৰ্মাক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পৰা দিল্লী উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল। ধন উদ্ধাৰৰ ঘটনাৰ বাবে তেওঁক পুনৰ এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি কৰা হয়।

কিন্তু তালৈ বদলি হোৱাৰ পিছত তেওঁক ন্যায়িক প্ৰক্ৰিয়াৰ লগত জড়িত কোনো কাম কৰিবলৈ দিয়া হোৱা নাই। ন্যায়াধীশ ভাৰ্মাই পদত্যাগো কৰা নাই। স্বেচ্ছামূলক অৱসৰৰ বাবেও তেওঁ আৱেদন কৰা নাই। সূত্ৰ অনুসৰি তেওঁ নিৰ্বিকাৰ হৈ আছে।

Recent News

বৈষম্য দূৰ নকৰাকৈ কোনো দেশেই নিজকে প্ৰকৃত গণতন্ত্ৰ বুলি দাবী কৰিব নোৱাৰে: মুখ্য ন্যায়াধীশ বি আৰ গাভাই

বৈষম্য দূৰ নকৰাকৈ কোনো দেশেই নিজকে প্ৰকৃত গণতন্ত্ৰ বুলি দাবী কৰিব নোৱাৰে: মুখ্য ন্যায়াধীশ বি আৰ গাভাই

ন্যায়াধীশ যশৱন্ত ভাৰ্মাক অপসাৰণৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া তদন্ত কমিটীৰ

ন্যায়াধীশ যশৱন্ত ভাৰ্মাক অপসাৰণৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া তদন্ত কমিটীৰ

ইৰাণৰ সৈতে ৰাছিয়াৰ পাৰমাণৱিক সহযোগিতা: পুটিনৰ ঘোষণাই বিশ্ব ৰাজনীতিত নতুন উত্তেজনাৰ সূচনা কৰিছে!

ইৰাণৰ সৈতে ৰাছিয়াৰ পাৰমাণৱিক সহযোগিতা: পুটিনৰ ঘোষণাই বিশ্ব ৰাজনীতিত নতুন উত্তেজনাৰ সূচনা কৰিছে!

হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ এন এল ইউ গুৱাহাটীৰ ছাত্ৰ

হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ এন এল ইউ গুৱাহাটীৰ ছাত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd