আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰা মাৰিলে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই। শুভাংশু শুক্লাৰ সৈতে উৰা মাৰিছে আন তিনিগৰাকী মহাকাশচাৰীয়ে ।
বুধবাৰে ভাৰতীয় সময় অনুসৰি দুপৰীয়া প্ৰায় ১২ বজাত মহাকাশ কেন্দ্ৰলৈ উৰা মাৰে মহাকাশচাৰী কেইগৰাকীয়ে।
উল্লেখ্য যে ইয়াৰ পূৰ্বে কাৰিকৰী ত্ৰুটি আৰু অন্যান্য সমস্যাৰ বাবে এই অভিযান কেইবাবাৰো পিছুৱাই দিয়া হৈছিল।
জানিব পৰা মতে, এই মহাকাশ যাত্ৰাৰ নাম ৰখা হৈছে এক্সিয়াম-৪। ই হৈছে এক বাণিজ্যিক মহাকাশ উৰণ। হিউষ্টনৰ কোম্পানী এক্সিয়াম স্পেছে এই অভিযান চলাইছে।
নাছাৰ মতে, শুভাঞ্চু শুক্লাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱাসকল হৈছে পোলেণ্ডৰ স্লাভোজ আজনানস্কি উইছনিউস্কি, হাংগেৰীৰ টিবৰ কাপু আৰু আমেৰিকাৰ পেগী হুইটছন।
জানিব পৰা মতে আটাইকেইগৰাকী মাহাকাশচাৰী দুসপ্তাহ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব।উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাকেশ শৰ্মা আছিল ১৯৮৪ চনত ৰাছিয়াৰ অভিযানৰ অধীনত মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয়।