নীলাচল পাহাৰত সামৰণি পৰিল অম্বুবাচীৰ মহাযোগৰ। পুৱাৰ ৩ বজাত নিবৃত্তি হ’ল অম্বুবাচীৰ।
দেৱীক স্নানৰ পাছতে আৰম্ভ হ’ল নিত্য পূজা-অৰ্চনা আৰু ভক্তৰ বাবে খোল খালে মা কামাখ্যাৰ দুৱাৰ।
মা কামাখ্যাৰ আশিস ল’বলৈ নীলাচলত অগণন ভক্তৰ ভিৰ দেখা গ’ল।
যোৱা ২২ জুনৰ পৰা বন্ধ হৈ আছিল মা কামাখ্যাৰ দুৱাৰ।
আজি মা কামাখ্যাত উপস্থিত হৈ আশিস ল’লে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই।