অসমৰ কৃষি অৰ্থনীতিৰ বাবে এক ভাললগা খবৰ। প্ৰথমবাৰৰ বাবে বিদেশলৈ ৰপ্তানি কৰা হৈছে নদীদ্বীপ মাজুলীত জৈৱিকভাবে উৎপাদন কৰা ৰঙা বাও ধানৰ চাউল। এই খবৰে এতিয়া অসমৰ ধান খেতিয়কসকলক উৎসাহিত কৰি তুলিছে।
উদ্যান শস্য, অসমৰ খাদ্য সংসাধন বিভাগৰ তত্বাৱধানত মাজুলী কৃষি জৈৱিক কৃষক উৎপাদক কোম্পানী লিমিটেড আৰু জিলা কৃষি বিভাগৰ সহযোগত আনুষ্ঠানিকভাৱে এই ৰপ্তানি কাৰ্যসূচী আৰম্ভ কৰা হৈছে। মধ্য এছিয়া আৰু ইউৰোপৰ কেইবাখনো দেশলৈ এই ৰঙা চাউল ৰপ্তানি কৰা হ’ব। এই পদক্ষেপে মাজুলীক আন এক নতুন স্বীকৃতি দিয়াৰ লগতে থলুৱা খেতিয়কসকলক আৰ্থিকভাবে শক্তিশালী কৰি তুলিব।
জানিব পৰা মতে, এই ৰপ্তানি পদক্ষেপৰ নেতৃত্ব দিছে আইভিচি এগ্ৰ’ভেট প্ৰাইভেট লিমিটেড। লিমিটেডে মাজুলীৰ ১০০০ৰো অধিক কৃষকৰ পৰা পোনপটীয়াকৈ ২৬০ মেট্ৰিক টন ৰঙা ধান ক্ৰয় কৰিছে। জৈৱিকভাৱে খেতি কৰা ৰঙা ধানক “REJAIV” ব্ৰেণ্ড নামেৰে বিশ্বজুৰি বজাৰত বিক্ৰী কৰা হ’ব বুলি জানিবলৈ দিছে কোম্পানীটোৱে।
প্ৰাৰম্ভিকতে ২৫০ কুইণ্টল ৰঙা ধান হাৰিয়ানালৈ অধিক প্ৰক্ৰিয়াকৰণ আৰু ৰপ্তানিৰ বাবে প্ৰেৰণ কৰিছে আইভিচি এগ্ৰ’ভেট প্ৰাইভেট লিমিটেড। লিমিটেডে ২০২৬ চনৰ ভিতৰত ১০০০ মেট্ৰিক টন ৰঙা ধান ৰপ্তানি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
খবৰ অনুসৰি মাজুলীৰ কৃষকে ৰঙা ধানৰ বিনিময়ত প্ৰতি কুইণ্টলত ৩৪৬৫ টকা উপাৰ্জন কৰিছে। এই পদক্ষেপে পৰম্পৰাগত ৰঙা ধানৰ বাবে নতুন পথ মুকলি কৰাই নহয়, দ্বীপটোৰ কৃষক সমাজৰ আয়ো যথেষ্ট বৃদ্ধি কৰিছে।