উত্তৰ প্ৰদেশৰ কানপুৰ জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ভাৰতীয় নৌসেনাৰ এজন বিষয়াই এগৰাকী মহিলাক ড্ৰাগছ খুৱাই ধৰ্ষণ কৰাৰ লগতে সেই দৃশ্য ভিডিঅ’ ৰূপে ৰেকৰ্ড কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল কৰাৰ ভাবুকি দিয়াৰ অভিযোগ উঠিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।
আৰক্ষী সূত্ৰৰ অনুসৰি, অভিযুক্ত বিষয়াগৰাকী ভুক্তভোগী মহিলাগৰাকীৰ ককায়েকৰ বন্ধু আছিল আৰু তেওঁৰ জৰিয়তে প্ৰায়েই তেওঁলোকৰ ঘৰলৈ অহা-যোৱা কৰিছিল। এই সুযোগেৰে তেওঁ মহিলাগৰাকীৰ লগত ব্যক্তিগত সম্বন্ধ গঢ়ি তোলে। অভিযোগ অনুসৰি, ককায়েকৰ অনুপস্থিতিতো অভিযুক্তজনে ঘৰত অহিবলৈ আৰম্ভ কৰিছিল আৰু বিয়াৰ প্ৰতিশ্ৰুতি দি মহিলাগৰাকীক মোহিত কৰিছিল।
শেহতীয়াকৈ, অভিযুক্তজনে মহিলাগৰাকীক এখন হোটেললৈ মাতি অনাৰ পাছত ফলৰ ৰসত ড্ৰাগছ মিহলাই তেওঁক অচেতন কৰি ধৰ্ষণ কৰে। লগতে, সেই দৃশ্য ভিডিঅ’ কৰি ৰাখে আৰু তাৰ পাছত ভিডিঅ’ আৰু ফটো ভাইৰেল কৰাৰ ভাবুকি দি ব্লেকমেইল কৰা আৰম্ভ কৰে। মানসিকভাৱে বিধ্বস্ত মহিলাগৰাকীয়ে অৱশেষত আৰক্ষীৰ শৰণাপন্ন হয় আৰু ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰে।
তেওঁৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত নৌসেনা বিষয়া বিৰুদ্ধে এফআইআৰ ৰুজু কৰিছে। যদিও এতিয়ালৈকে অভিযুক্তৰ সন্ধান পোৱা হোৱা নাই, আৰক্ষীয়ে অভিযুক্তক বিচাৰি ব্যাপক অভিযান চলাইছে। স্বৰূপনগৰ থানাৰ এচিপি ইন্দ্ৰপ্ৰকাশ সিঙে জানিবলৈ দিছে যে, ঘটনাৰ তদন্ত চলি আছে আৰু অভিযুক্তক অতি সোনকালে ধৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।