সংবিধানত উল্লেখ কৰা ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ সাংসদ শিৱৰাজ সিং চৌহানে। তেওঁৰ মতে দুয়োটা শব্দৰ কোনো প্ৰয়োজন নাই।
শুকুৰবাৰে বাৰাণসীত অনুষ্ঠিত এক অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, “ধৰ্মনিৰপেক্ষতা আমাৰ সংস্কৃতিৰ মূল নহয়। জৰুৰীকালীন সময়ত এই শব্দবোৰ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল আৰু এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ প্ৰাসংগিকতাৰ বিষয়ে চিন্তা কৰাৰ প্ৰয়োজন হৈছে।”
চৌহানে কয়, “আমি এক প্ৰাচীন আৰু মহান জাতি, আমাৰ জাতি সকলো ধৰ্মৰ প্ৰতি সমান সন্মানৰ নীতিৰে গঠিত। ই হাজাৰ হাজাৰ বছৰ পুৰণি এক পৰম্পৰা। আমাৰ সভ্যতাই বহু ধৰ্ম আৰু মতাদৰ্শৰ সহাৱস্থানত বিশ্বাস কৰে।”
ইয়াৰ পূৰ্বে দিল্লীত ‘৫০ বছৰীয়া জৰুৰীকালীন অৱস্থা’ বিষয়ক আলোচনাত দত্তত্ৰেয় হোছাবলে সংবিধানৰ পৰা দুটা শব্দ বাদ দিয়াৰ দাবী জনায়। তেওঁ কয়, ‘কংগ্ৰেছে জৰুৰীকালীন সময়ত গণতন্ত্ৰক হত্যা কৰিছিল। সেই সময়ত সংবিধানৰ প্ৰস্তাৱনাত যিবোৰ শব্দ সংযোজন কৰা হৈছিল সেইবোৰ ধৰি ৰখা উচিত নেকি? বাবাছাহেব আম্বেদকাৰে প্ৰস্তুত কৰা সংবিধানৰ প্ৰস্তাৱনাত এই কথাবোৰ কেতিয়াও নাছিল।’
আৰএছএছ নেতাৰ এই বক্তব্যৰ প্ৰতিবাদ কৰি ৰাহুল গান্ধীয়ে কয়, “আৰএছএছৰ মুখাখন পুনৰ খোল খাইছে। সংবিধানে তেওঁলোকক অপমান কৰিছে কাৰণ ইয়াত সমতা, ধৰ্মনিৰপেক্ষতা আৰু ন্যায়ৰ কথা কোৱা হৈছে। আৰএছএছ-বিজেপিয়ে সংবিধান নিবিচাৰে, তেওঁলোকে মনুস্মৃতি বিচাৰে। তেওঁলোকে দুখীয়াৰ অধিকাৰ কাঢ়ি লৈ পুনৰ দাস কৰি ল’ব বিচাৰে। তেওঁলোকৰ প্ৰকৃত এজেণ্ডা হ’ল দৰিদ্ৰৰ অস্ত্ৰ সংবিধান কাঢ়ি লোৱা।