• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 6, 2025 3:27 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰূপালী জগতৰ তাৰকা মানে এইটো নহয় যে তেওঁলোকৰ কোনো আৰ্থিক সমস্যা নাই। টলিউড (তেলেগু) অভিনেতা তথা কমেডিয়ান ফিচ ভেংকট ইয়াৰ অন্যতম উদাহৰণ। ৱান ইণ্ডিয়াক দিয়া এক সাক্ষাৎকাৰত ফিচ ভেংকটৰ কন্যা শ্ৰাৱন্তীয়ে জনায় যে তেওঁৰ পিতৃৰ কিডনী ট্ৰান্সপ্লাণ্টৰ বাবে বহুত টকাৰ প্ৰয়োজন।

ইতিমধ্যে টলিউডৰ অভিনেতা প্ৰভাসৰ টীমৰ তৰফৰ পৰা মোটা অংকৰ ধনৰ প্ৰস্তাৱ দিয়া হৈছে। অভিনেতা-কমেডিয়ানৰ কন্যাই অনুৰোধ জনাইছে যে টলিউডত পিতৃৰ সৈতে কাম কৰা প্ৰতিজন ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াওক। সংবাদ মাধ্যমৰ সন্মুখত শ্ৰাৱন্তীয়ে কয় যে এই মুহূৰ্তত পিতৃৰ চিকিৎসাৰ বাবে প্ৰাথমিকভাৱে ৫০ লাখ টকাৰ প্ৰয়োজন।

Apply Now

শ্ৰাৱন্তীৰ ভাষাত ‘মোৰ দেউতাৰ স্বাস্থ্য একেবাৰে ভাল নহয়। তেওঁৰ শাৰীৰিক অৱস্থা যথেষ্ট বেয়া। এই মুহূৰ্তত তেওঁ আই চি ইউত আছে। তেওঁক কিডনী ট্ৰান্সপ্লাণ্টৰ প্ৰয়োজন। যাৰ বাবে ৫০ লাখ টকাৰ প্ৰয়োজন। প্ৰভাসৰ সহায়কৰ পৰা ফোন আহিছে। আৰ্থিক সহায়ৰ বাবে হাত আগবঢ়াইছে। তেওঁ মোক বৃক্ক সংৰোপণৰ তাৰিখৰ বিষয়ে জনাই দিবলৈ কৈছে, তৎক্ষণাত টকাখিনি পঠিয়াই দিব।’

ইপিনে, আৰ্থিক সমস্যা সমাধান হ’লেও পৰিয়ালৰ কোনোৱেই বৃক্ক দান কৰিবলৈ ইচ্ছুক নহয়। ইয়াৰ বাবে এতিয়াও কোনো দাতা পোৱা হোৱা নাই।

উদ্যোগটোৰ কিছুমান মানুহৰ নাম উল্লেখ কৰি শ্ৰাৱন্তীৰ অনুৰোধ, ‘চিৰঞ্জীৱী, পৱন কল্যাণ, আল্লু অৰ্জুন, জুনিয়ৰ এন টি আৰ, আপোনালোকৰ প্ৰত্যেকেই এই বিষয়ত মোক সহায় কৰক। দেউতাই সকলোৰে লগত হিট ছবিত কাম কৰিছে। কিন্তু, এতিয়া তেওঁক কোনেও বিচৰা নাই। সকলোকে মোৰ আন্তৰিক অনুৰোধ যে অনুগ্ৰহ কৰি মোৰ দেউতাক সহায়ৰ হাত আগবঢ়াওক।’

কোন এইগৰাকী টলিউডৰ অভিনেতা ফিচ ভেংকট? তেলেগু চলচ্চিত্ৰ জগতত তেওঁ অতি পৰিচিত মুখ। কমেডী আৰু খলনায়কৰ চৰিত্ৰত অভিনয় কৰি তেওঁ তেলেগু ছবিৰ দৰ্শকৰ মনত এক স্থান দখল কৰিছে। তেলেংগানা উপভাষাত তেওঁৰ অসাধাৰণ দক্ষতাৰ বাবে তেওঁক মাছ ( Fish )বুলি উপনাম দিয়া হৈছে।

তেওঁৰ চলচ্চিত্ৰ জীৱনৰ কেইখনমান উল্লেখযোগ্য হিট ছবিৰ ভিতৰত বানি, আধুৰ্ছ, ধী, মিৰাপাকে আদি অন্যতম। শেহতীয়াকৈ তেওঁক দেখা গৈছিল থ্ৰিলাৰ চিনেমা কফি উইথ এ কিলাৰত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

September 10, 2026 11:47 am
বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

September 10, 2026 10:18 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd