• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ব্ৰহ্মপুত্ৰ নদীত বান্ধ দি ভাৰতত আঘাত কৰাৰ পৰিকল্পনা চীনৰ! বিস্ফোৰক অভিযোগ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 10, 2025 11:33 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ কৰিছে চীনে। সেই বান্ধটো বোমাতকৈ কম নহয়। এই অভিযোগ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ। তেওঁৰ মতে চীনৰ এনে পদক্ষেপ ভাৰতৰ বাবে যথেষ্ট চিন্তনীয়। প্ৰসংগক্ৰমে চীনে আন্তঃৰাষ্ট্ৰীয় জল সন্ধি স্বাক্ষৰ কৰা নাই। ফলত তেওঁলোক কোনো নিয়মৰ অধীনত নপৰে। এই ‘অবাধ স্বাধীনতা’ৰ আচিলা লৈ চীনে ভাৰত বিৰোধী যিকোনো চক্ৰান্ত ৰচনা কৰিব পাৰে।

মঙলবাৰে সংবাদ সংস্থা পিটিআইক দিয়া এক সাক্ষাৎকাৰত খাণ্ডুৱে কয়, “চীনে ইয়াৰলুং ছাংপো (ব্ৰহ্মপুত্ৰৰ তিব্বতী নাম)ত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ কৰি আছে। তেওঁলোকক বিশ্বাস কৰিব নোৱাৰি। তেওঁলোকে কি কৰিব পাৰে কোনেও নাজানে। সামৰিক আগ্ৰাসন দূৰৰ কথা। মই ভাবো এই বান্ধ প্ৰকল্পটো যিকোনো সামৰিক আক্ৰমণতকৈ বহু বেছি চিন্তনীয়। এই বান্ধটোৱে আনকি আমাৰ অস্তিত্বৰ সংকটৰ সৃষ্টি কৰিব পাৰে। চীনেও এই বান্ধটোক এনেদৰে ব্যৱহাৰ কৰিব পাৰে। এইটো এটা ‘জল বোমা’।”

খাণ্ডুৰ মতে, যিহেতু চীন আন্তঃৰাষ্ট্ৰীয় পানী ভাগ-বতৰা চুক্তিৰ চুক্তিবদ্ধ নহয়, সেয়েহে চীনে এই বান্ধৰ অপব্যৱহাৰ কৰিব পাৰে। বান্ধ নিৰ্মাণৰ পাছত যদি চীনে হঠাতে পানী এৰি দিয়ে তেন্তে অৰুণাচল প্ৰদেশৰ ছিয়াং নদী সম্পূৰ্ণৰূপে জাহ যাব। কেতিয়াবা, চীনে সমগ্ৰ ব্ৰহ্মপুত্ৰৰ পানী বান্ধ কৰি ল’ব পাৰে। লগতে মথাউৰি নিৰ্মাণ কৰিলে কিছু ভূতাত্ত্বিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ ফলত অৰুণাচলত ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

এনে পৰিস্থিতিত চীনৰ ‘ষড়যন্ত্ৰ’ ৰোধৰ বাবে প্ৰতিকাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি কেন্দ্ৰক খাণ্ডুৱে আহ্বান জনায়। খাণ্ডুৰ পৰামৰ্শ যে, ভাৰতেও ব্ৰহ্মপুত্ৰৰ ওপৰত মথাউৰি নিৰ্মাণ কৰক। সেই সন্দৰ্ভত ইতিমধ্যে অৰুণাচল চৰকাৰে আলোচনা আৰম্ভ কৰিছে। আনহাতে, চীনৰ বান্ধ নিৰ্মাণৰ কাম যুদ্ধকালীন গতিৰে আগবাঢ়িছে। এই বান্ধৰ বাবে প্ৰায় ১৩৭ বিলিয়ন ডলাৰ আবণ্টন কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

September 19, 2025 9:40 am
ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

September 19, 2025 9:19 am
বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

September 19, 2025 9:40 am
ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

September 19, 2025 9:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd