বেটিং এপ গোচৰত ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ তৰিছে এনফৰ্চমেণ্ট সঞ্চালকালয়ে। এই তালিকাত বিজয় দেৱেৰাকোণ্ডা, প্ৰকাশ ৰাজ, ৰাণা ডগ্গুবটি, নিধি আগৰৱালা আদিৰ দৰে অভিনেতা-অভিনেত্ৰীৰ নাম হৈছে।
হায়দৰাবাদত চাইবাৰাবাদ আৰক্ষীয়ে দাখিল কৰা এফআইআৰৰ ভিত্তিত কেন্দ্ৰীয় সংস্থাটোৱে এই গোচৰ ৰুজু কৰিছে। সম্প্ৰতি ইডিয়ে অভিযুক্তৰ সৈতে এপ কোম্পানীসমূহৰ বিত্তীয় লেনদেন আৰু ডিজিটেল যোগাযোগৰ তদন্ত অব্যাহত ৰাখিছে। সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত আছে।
১৯ মাৰ্চত চাইবাৰাবাদৰ মিয়াপুৰ আৰক্ষী থানাত বেটিং এপৰ প্ৰচাৰৰ অভিযোগত ২৫জন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। অভিযুক্তৰ ভিতৰত আছে ৰাণা ডগ্গুবটি, প্ৰকাশ ৰাজ, মাঞ্চু লক্ষ্মী আৰু নিধি আগৰৱালা।
খবৰ অনুসৰি এই সকলো অভিনেতা আৰু সংবাদ মাধ্যমৰ প্ৰভাৱশালী ব্যক্তিৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩১৮(৪), ১১২ আৰু ৪৯ নং ধাৰা আৰু তেলেংগানা ৰাজ্যিক গেমিং আইনৰ ৪ নং ধাৰা আৰু তথ্য প্ৰযুক্তি আইনৰ ৬৬-ডি ধাৰাত অভিযোগ উত্থাপন কৰা হৈছে।
এই ধাৰাসমূহ প্ৰৱঞ্চনামূলক কাৰ্যকলাপ, গেমিংৰ অবৈধ প্ৰচাৰ আৰু অনলাইন প্ৰতাৰণা আদি অভিযোগৰ ক্ষেত্ৰত প্ৰযোজ্য।
তাৰকাসকলে তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ অভিযোগ সন্দৰ্ভত মুখ খুলিবলৈ আৰম্ভ কৰিছে। এটা ছ’চিয়েল মিডিয়া পোষ্টত প্ৰকাশ ৰাজে ২০১৬ চনত এটা গেমিং এপ প্ৰচাৰ কৰা বুলি কয়। কিন্তু নিজৰ ভুল উপলব্ধি কৰি ২০১৭ চনত বন্ধ কৰি দিয়ে। তেতিয়াৰ পৰা তেওঁ আন কোনো গেমিং এপৰ প্ৰচাৰ কৰা নাই বুলি অভিনেতাজনে লিখিছে।
আনহাতে ৰাণা ডগ্গুবটিয়ে কয় যে ২০১৭ চনত তেওঁ দক্ষতাভিত্তিক গেমিং প্লেটফৰ্মৰ প্ৰচাৰ কৰিছিল। তেওঁ দাবী কৰে যে এই এপটো সম্পূৰ্ণ বৈধ।