এসময়ত আলী-কুলিৰ ৰাজনীতি কৰা কংগ্ৰেছে পাহৰিলে সংখ্যালঘু উচ্ছেদিতৰ দুৰ্দশা। যোৱা বছৰ অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিৰ পৰা অভিলেখ সংখ্যক ভোটত জয়লাভ কৰিছিল কংগ্ৰেছে বিধায়ক ৰকিবুল হুছেইনে। স্বাধীনোত্তৰ কালৰে পৰা অসমৰ সংখ্যালঘু জনতাৰ মাজত আছে কংগ্ৰেছৰ এটা শক্তিশালী ভোটবেংক। অসমৰ ৰাজনৈতিক পৰিসংখ্যা ইয়াৰ জলন্ত সাক্ষী। কিন্তু সন্মুখত থকা ২০২৬ৰ বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছে গ্ৰহণ কৰিছে এক সুবিধাজনক স্থিতি। এই অভিযোগ অসমৰ সচেতন জনতাৰ। কংগ্ৰেছৰ দৰেই এক অনুৰূপ স্থিতি গ্ৰহণ কৰিছে অসম জাতীয় পৰিষদ তথা দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। ২০২৪ৰ লোকসভা নিৰ্বাচনত উজনি অসমৰ যোৰহাট লোকসভা সমষ্টিৰ ফলাফলত অত্যুৎসাহী কংগ্ৰেছে এইবাৰ উজনিৰ খিলঞ্জীয়া ৰাইজৰ সমৰ্থন আদায় কৰাৰ স্বাৰ্থত গ্ৰহণ কৰিছে এই সুবিধাবাদী স্থিতি।
উল্লেখ্য যে, যোৱা ৮ জুলাই তাৰিখে ধুবুৰীৰ চাপৰত হৈছিল এক বৃহৎ উচ্ছেদ কাৰ্য। অঞ্চলটোৰ প্ৰায় ১৩০০ ঘৰ লোকৰ ১২,০০০ৰো অধিক লোকক উচ্ছেদ কৰি ৩৫০০ বিঘা ভূমি আদানী গ্ৰুপক তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে আবণ্টনৰ যো-জা চলোৱা হৈছে। কিন্তু অঞ্চলটোৰ উচ্ছেদিতৰ কাষত ঠিয় হ’বৰ বাবে আহৰি নাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। অসমৰ ৰাজনীতিক কাষৰে পৰা বুজা প্ৰতিজন লোকেই গোপীনাথ বৰদলৈৰ পৰা তৰুণ গগৈলেকে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হোৱাত সংখ্যালঘু ভোটৰ মহত্ব জানে।
কিন্তু এসময়ত কংগ্ৰেছৰ বুকুৰ কুটুম সংখ্যালঘু যেন কংগ্ৰেছৰ বাবে হৈ পৰিছে এলাগী। ইয়াৰ কাৰণ হিচাপে চিহ্নিত হৈছে কংগ্ৰেছ দলৰ ভয়। কংগ্ৰেছৰ মনত ভয় হৈছে যে, যদি গৌৰব গগৈয়ে চাপৰৰ উচ্ছেদিত সংখ্যালঘুৰ কাষলৈ যায় তেন্তে উজনি অসমৰ খিলঞ্জীয়া লোকৰ ভোট হেৰুৱাব পাৰে। শাসকীয় বিজেপিয়ে অভিযোগ কৰে যে, কংগ্ৰেছৰ সংখ্যালঘু প্ৰীতি অধিক আৰু কংগ্ৰেছৰ ৰাজ্যিক ৰাজনীতিৰ ছবিখনো প্ৰায় এনেকুৱাই। সেয়েহে কংগ্ৰেছে এই অভিযোগৰ পৰা নিজকে মুক্ত কৰাৰ স্বাৰ্থত এই স্থিতি গ্ৰহণ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে। কংগ্ৰেছৰ দৰে উজনিত নিজৰ স্থিতি সৱল আৰু খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ ভোটৰ পৰা সংখ্যালঘু উচ্ছেদিতৰ কাষ চাপিলে বঞ্চিত হোৱাৰ ভয়ে খেদিছে অসম জাতীয় পৰিষদৰ নেতা লুৰীনজ্যোতি গগৈকো। সেয়েহে অসমৰ ৰাজনীতিৰ দুই চৰ্চিত গগৈ ক্ৰমে গৌৰৱ আৰু লুৰীণে এক সুৰক্ষিত দূৰত্বত অৱস্থান গ্ৰহণ কৰিছে।