য’ত জীৱন সুৰক্ষিত হ’ব লাগিছিল, তাত বহুদিন ধৰি চলি আহিছিল চৰম অমানৱীয় নিৰ্যাতন। মহাৰাষ্ট্ৰৰ লাটুৰ জিলাত সংঘটিত হৈছিল এই ঘটনা। এইচআইভি সংক্ৰমিত কিশোৰৰ বিৰুদ্ধে দুবছৰ ধৰি ‘সেৱালয়া’ নামৰ আশ্ৰয় গৃহত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। গৰ্ভৱতী হোৱাৰ পাছতো কিশোৰীৰ সন্মতি অবিহনে গৰ্ভপাত কৰিছিল। এই ঘটনাক লৈ অস্থিৰ হৈ পৰিছে ৰাজ্যখনৰ ৰাজনীতি।
১৬ বছৰীয়া কিশোৰীগৰাকীয়ে আৰক্ষীক জনোৱা মতে, ২০২৩ চনৰ ১৩ জুলাইৰ পৰা ২০২৪ চনৰ ২৩ জুলাইৰ ভিতৰত এজন শ্ৰমিকে কমেও চাৰিবাৰকৈ নিৰ্যাতন চলাইছিল।
অভিযোগ অনুসৰি ইয়াৰ পাছতে আশ্ৰয় গৃহ কৰ্তৃপক্ষই চিকিৎসকক ফোন কৰি কিশোৰীগৰাকীৰ সন্মতি অবিহনে গৰ্ভপাত কৰে। একে সময়তে তেওঁক ভাবুকি দিয়া হৈছিল যাতে তেওঁ কাকো ঘটনাৰ বিষয়ে কথা নকয়।
অৱশ্যে ছোৱালীজনীয়ে সাহস হেৰুৱাব পৰা নাছিল। এটা সময়ত তেওঁ অভিযোগ লিখি আশ্ৰয় শিবিৰৰ অভিযোগ বাকচত জমা দিলে। কিন্তু চিঠিখন পঢ়ি কৰ্তৃপক্ষই সহায় নকৰিলে, তাৰ পৰিৱৰ্তে কাগজখন ফালি পেলাই দিয়ে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ‘সেৱালয়া’ৰ প্ৰতিষ্ঠাপক ৰবি বাপাটলে, অধীক্ষক ৰচনা বাপাটলে, আৰু দুজন শ্ৰমিক অমিত মহামুনি আৰু পূজা ৱাঘমাৰেক গ্ৰেপ্তাৰ কৰে।
‘সেৱালায়া’ৰ অফিচিয়েল ৱেবছাইট অনুসৰি এইচআইভি সংক্ৰমিত ২৩ জন ল’ৰা আৰু ৭ গৰাকী ছোৱালীক ৰখাৰ স্বেচ্ছাসেৱী সংস্থা। ৱেবছাইটটোৰ মতে, এই আশ্ৰয় শিবিৰৰ সকলো কৰ্মচাৰীয়ে স্বেচ্ছাই আৰু বিনা বেতনে কাম কৰে। সংগঠনটোৰ টেগলাইন হৈছে ‘শিশুৰ সুখী ঘৰ’।
স্থানীয় লোকৰ মতে এই ঘটনাই কেৱল ছোৱালীজনীৰ আত্মবিশ্বাসেই নহয়, সমাজৰ আস্থাও ক্ষতিগ্ৰস্ত কৰিছে। প্ৰশ্ন উত্থাপন হয়, এনে এটা সংগঠনৰ তত্বাৱধানত ইমান ডাঙৰ অন্যায় কেনেকৈ সংঘটিত হ’ল? ইমান দিনে আশ্ৰয় শিবিৰত থকা বাকীসকলে কিয় নিমাত হৈ আছে?
আৰক্ষীয়ে জনোৱা মতে, ছোৱালীজনীৰ চিকিৎসা প্ৰতিবেদন আৰু বক্তব্যৰ ভিত্তিত একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে। তদন্ত চলি আছে। সকলো দিশ পৰীক্ষা কৰি চূড়ান্ত পদক্ষেপ লোৱা হ’ব।