• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আদানিৰ এৰ’চিটিৰ বাবে উছন হ’ব ১১১৬ টা পৰিয়ালৰ ভেটি : আজাৰা, মিৰ্জাপুৰ, গৰলত অধিগ্ৰহণ কৰিব ৪১০ বিঘা ভূমি

নৰ্থ-ইষ্ট নাও by নৰ্থ-ইষ্ট নাও
July 29, 2025 7:46 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ আমোলত অসমত ৰকেট গতিত বাঢ়িছে আদানিৰ সাম্ৰাজ্য। বিজেপিৰ “বন্ধু” বুলি সততে অভিযোগ উত্থাপিত আদানি গ্ৰুপৰ এৰ’চিটি নিৰ্মাণৰ বাবে লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃর্জাতিক বিমান বন্দৰৰ সমীপত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অধিগ্রহণ কৰিব ১,১১৬ টা পৰিয়ালৰ ৪১০ বিঘা ভূমি। আজি সংবাদমেলযোগে এই তথ্য দাঙি ধৰে ৰাইজৰ দলৰ নেতা ভাস্কো ডি শইকীয়াই।

Apply Now

সংবাদমেলত শইকীয়াই জনোৱা মতে, ইতিমধ্যে ভূমি অধিগ্ৰহণৰ জাননী জাৰি কৰা হৈ গৈছে। বিমান বন্দৰৰ সমীপৰ ৩ খন গাঁও আজাৰা, মির্জাপুৰ আৰু গৰলত অধিগ্ৰহণ কৰা হ’ব আদানিৰ এৰ’চিটিৰ বাবে এই বিশাল পৰিমাণৰ ভূমি। মির্জাপুৰত ২৫৭ বিঘা ৯১.৫ লেচা, আজাৰাত ৮৩ বিঘা ৪ কঠা ১৫ লেচা আৰু গৰলত ৭০ বিঘা, ১৬ লেচা ভূমি অধিগ্রহণৰ বাবে যো-জা চলোৱা হৈছে।

এই ক্ষেত্রত তাৎপর্যপূর্ণ কথাটো হ’ল যে এই তিনিখন গাঁৱৰ ৰাইজৰ মাটি এতিয়ালৈকে বিমান বন্দৰৰ বাবে চাৰিবাৰ পৰ্যন্ত অধিগ্রহণ কৰা হৈছে। এতিয়া বহু পৰিয়ালৰ কেৱল ভেটি মাটিহে আছে। এইবাৰ এৰ’চিটিৰ নামত অধিগ্রহণ হ’লে বহু পৰিয়ালে হেৰুৱাব নিজৰ ভেটি মাটিও।

কেৱল এই তিনিখন গাঁৱৰ মাটিয়েই নহয় আৰু অন্য মাটিও পৰৱৰ্তী সময়ত অধিগ্রহণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো ২০১৭ চনতে ভাৰত চৰকাৰে এৰ’চিটি নিৰ্মাণৰ বাবে ২,০০০ একৰ মাটি অসম চৰকাৰক বিচাৰিছিল অর্থাৎ, ৩,২২০ বিঘা মাটি।

সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ পিছত আজাৰা ৰাজহ চক্ৰৰ অধীনৰ অঞ্চল জালুকবাৰী সমষ্টিৰ অন্তর্ভুক্ত হৈছে। দ্রুতগতিত উন্নয়ন হৈ থকা অঞ্চলটো কৌশলৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিজৰ সমষ্টিৰ অন্তৰ্ভুক্ত কৰি লোবাৰ সম্ভাবনাই প্রবল। কিন্তু যি সময়ত মুখ্যমন্ত্রীগৰাকীয়ে জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কৈ আছে, সেই সময়ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই নিজ সমষ্টিতে থলুৱাৰ ভেটি উছন কৰি আদানিক মাটি গতাই দিব বিচাৰিছে।

ৰাজসাহাৰ্যৰে নিৰ্মাণ কৰা হ’ব আদানিৰ বাবে এৰ’চিটি। এৰ’চিটিৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল Advantage Assam 2.0 ত। তেতিয়াই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছিল বিনিয়োগকাৰীক দিয়া হ’ব বিশেষ ৰাজসাহাৰ্যৰ সুবিধা। এতিয়াৰ থলুৱাৰ ভেটি উছন কৰি ৰাজকোষৰ ৰাজসাহাৰ্যৰে নিৰ্মাণ কৰা হ’ব আদানিৰ এৰ’চিটি।

হিমন্ত বিশ্ব শর্মাই শেহতীয়াকৈ জাতিক ৰক্ষা দিবলৈ সংখ্যালঘুৰ দখলত থকা অঞ্চলত উচ্ছেদৰ ৰাজনীতিৰে উচ্ছেদ চলাই আছে। কিন্তু সেই একেটা সময়তে আদানিক মাটি গতাই দিবলৈ ১,১১৬ টা খিলঞ্জীয়া পৰিয়াললৈ ভূমি অধিগ্রহণৰ জাননীও প্ৰেৰণ কৰা হৈছে। একেটা সময়তে এফালে ধুবুৰীত উচ্ছেদ চলাই আছে আৰু আনফালে কার্বি আংলঙত আদানিক মাটি গতাই দিয়াৰ যো-জা চলাই আছে।

সংবাদ মেলত ৰাইজৰ দলে কয় যে বিজেপিৰ আমোলত অসমত ৰকেট গতিত বাঢ়িছে আদানিৰ বেপাৰ। দলটোৱে বিজেপিৰ আমোলত আদানিৰ বাণিজ্যিক সম্প্ৰসাৰণৰ এক তালিকাও দাখিল কৰে।

১) লোকপ্রিয় আন্তঃর্জাতিক বিমান বন্দৰ।

২) ৮৪০ কোটি টকাৰ স্মার্ট মিটাৰৰ ঠিকা।

৩) এৰ’চিটি।

৪) ধুবুৰীত ৩,৫০০ বিঘা ভূমিত ৩,০০০ মেগাৱাটৰ তাপ বিদ্যুৎ প্রকল্প।

৫) কার্বি আংলঙত ১২,০০০ বিঘা ভূমিত সৌৰ শক্তি প্রকল্প। (সংবাদ মাধ্যমত প্রকাশিত খবৰ অনুসৰি)

৬) ৯,০০০ বিঘা মাটিত ডিমা হাচাওত চিমেন্ট কোম্পেনী। (সংবাদ মাধ্যমত প্রকাশিত খবৰ অনুসৰি)

নৰ্থ-ইষ্ট নাও

নৰ্থ-ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

August 12, 2026 3:17 pm
৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

August 12, 2026 3:17 pm
৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd