ত্ৰিপুৰাৰ আগৰতলাৰ পৰা মোবাইল টাস্ক ফ’ৰ্চে (Mobile Task Force) ৫ জুনত দুজন সন্দেহজনক বাংলাদেশী যুৱকক আটক কৰে। যুৱক দুজন বাংলাদেশৰ ব্ৰাহ্মণবাৰিয়াৰ কাইছেৰ আহমেদ আৰু নৰচিন্দিৰ টাইজুল ইছলাম বুলি জানিব পৰা গৈছে।
আটকাধীন যুৱক দুজনক মোবাইল টাস্ক ফ’ৰ্চে পাছত তদন্তৰ বাবে পশ্চিম আগৰতলা আৰক্ষীক গতাই দিয়ে। প্ৰাথমিক অনুসন্ধানত আৰক্ষীয়ে যুৱক দুজনৰ পৰা ভাৰতীয় আধাৰ কাৰ্ড, বাংলাদেশী পাছপ’ৰ্ট, বাংলাদেশী টকা, মোবাইল ফোনৰ লগতে অন্যান্য আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰে।
আৰক্ষীৰ জেৰাত বাংলাদেশী যুৱক দুজনে উত্তৰ প্ৰদেশৰ দিওবান্দৰ মাদ্ৰাছাত শিক্ষা গ্ৰহণ কৰি থকা বুলি জনোৱাৰ লগতে কলিকতাৰ পৰা বিমানযোগে ত্ৰিপুৰাত প্ৰৱেশ কৰা বুলি জনায়।
উল্লেখ্য যে যোৱা ১০ মে’তো ত্ৰিপুৰাৰৰ আগৰতলা ৰে’ল ষ্টেশ্যনৰ পৰা ত্ৰিপুৰা আৰক্ষীয়ে ২৪জন সন্দেহজনক বাংলাদেশী নাগৰিকক আটক কৰিবলৈ সক্ষম হৈছিল৷ ধৃত বাংলাদেশী কেইজনেও আৰক্ষীৰ জেৰাৰ সময়ত উত্তৰ প্ৰদেশৰ মাদ্ৰাছাত শিক্ষা গ্ৰহণ কৰি থকা বুলি জানিবলৈ দিছিল।
মন কৰিবলগীয়া যে ধৃত বাংলাদেশী কেইজনৰ অন্তৰ্নিহিত উদ্দেশ্যৰ বিষয়ে জনাৰ বাবে ইতিমধ্যে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ এটি দল আগৰতলালৈ ৰাওনা হৈছে।