গুজৰাটৰ এজন চিকিৎসকক চাইবাৰ অপৰাধীয়ে ১২০ দিন ধৰি ডিজিটেল এৰেষ্ট কৰি কোটি কোটি টকা লুটি নিয়াৰ ঘটনা পোহৰলৈ আহিছে। অভিযোগ অনুসৰি ১৯ কোটি টকা আত্মসাৎ কৰা হৈছে।
গুজৰাটৰ গান্ধীনগৰৰ এগৰাকী বৃদ্ধ চিকিৎসক এই ডিজিটেল গ্ৰেপ্তাৰৰ বলি হৈছে। অভিযোগ অনুসৰি এই ১৯ কোটি টকা ৩০টা ভিন্ন বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হৈছিল। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন সন্দেহজনক ব্যক্তিক।
যোৱা মাৰ্চ মাহত সংঘটিত হৈছিল এই ঘটনা। অভিযোগ অনুসৰি, প্ৰথমে অচিনাকি নম্বৰৰ পৰা ফোন আহিছিল চিকিৎসকগৰাকীলৈ। অপৰাধীয়ে নিজকে দূৰসংযোগ বিভাগৰ এজন বিষয়া বুলি পৰিচয় দিছিল। তাৰ পিছত আন এজন ব্যক্তিয়ে তেওঁক আৰক্ষীৰ উপ-পৰিদৰ্শক হিচাপে পৰিচয় দি ফোন কৰে।
সকলো নথি-পত্ৰ চোৱাৰ পিছত প্ৰৱঞ্চকসকলে তেওঁক কয় যে তেওঁৰ হাতত প্ৰায় ২০ কোটি টকাৰ সম্পত্তি আছে। তদন্তৰ বাবে সমান পৰিমাণৰ ধন জমা কৰিব লাগিব। দাবী কৰা মতে চিকিৎসকে তেওঁৰ কেইবাটাও ফিক্সড ডিপ’জিট উলিয়ালে। তেওঁ সোণৰ গহনাও বিক্ৰী কৰিলে। মুঠতে তেওঁ ক্ৰমান্বয়ে প্ৰায় ১৯ কোটি টকা প্ৰৱঞ্চকসকলে দিয়া বিভিন্ন বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিলে। পিছত তেওঁক প্ৰতাৰণা কৰা বুলি গম পাই যোৱা সপ্তাহত থানাত এজাহাৰ দাখিল কৰে।এই ঘটনাৰ সৈতে জড়িত লালজী জয়ন্তীভাই বলদনিয়া নামৰ এজন সন্দেহজনক ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। সূত্ৰ অনুসৰি এই ব্যক্তিজনক জালিয়াতিৰ ধন ট্ৰেন্সফাৰ কৰিবলৈ ব্যৱহাৰ কৰা বেংক একাউণ্টৰ সৈতে জড়িত কৰা হৈছে। বাকী অভিযুক্তৰ সন্ধান অব্যাহত আছে। একে সময়তে আৰক্ষীয়ে ১৯ কোটি টকা উদ্ধাৰৰ চেষ্টা চলাইছে।