ভাৰতৰ মানচিত্ৰৰ পৰা নাইকিয়া হৈ যাব পাৰে হিমাচল প্ৰদেশ! উচ্চতম ন্যায়ালয়ে এনে আশংকা প্ৰকাশ কৰিছে। উত্তৰ ভাৰতৰ ৰাজ্যখনৰ স্বাভাৱিক ভাৰসাম্য ক্ষতিগ্ৰস্ত হোৱাৰ ধৰণটো লক্ষ্য ৰাখিছে উচ্চতম ন্যায়ালয়ে। দুজনীয়া বিচাৰপীঠে লক্ষ্য কৰিলে যে কেৱল ৰাজহ সংগ্ৰহৰ ওপৰত গুৰুত্ব দিয়াটোৱেই যথেষ্ট নহয়। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰকৃতিৰ প্ৰতি গুৰুত্ব দিব লাগে।
হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত এখন আৱেদন দাখিল কৰা হয়। উচ্চ ন্যায়ালয়ে কি ক’লে? দৰাচলতে চলিত বৰ্ষৰ জুন মাহত হিমাচল প্ৰদেশ চৰকাৰে এক নিৰ্দেশ জাৰি কৰিছিল। ইয়াত কোৱা হৈছে যে কিছুমান বিশেষ অঞ্চলক সেউজীয়া অঞ্চল হিচাপে ঘোষণা কৰিব লাগে। মূলতঃ সেই অঞ্চলসমূহৰ নিৰ্মাণ উদ্যোগত বিনিয়োগ আকৰ্ষণ কৰিবলৈ চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু চৰকাৰৰ নিৰ্দেশৰ বিৰোধিতা কৰি হিমাচল প্ৰদেশৰ আদালতত আবেদন দাখিল কৰা হয়। সেই আবেদন সন্দৰ্ভত উচ্চ ন্যায়ালয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰিব বিচৰা নাছিল।
এই আবেদনৰ শুনানি আৰম্ভ হয় উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু আৰ মহাদেৱানৰ বিচাৰপীঠত। ন্যায়াধীশ দুগৰাকীয়ে পৰ্যবেক্ষণ কৰি কয় যে, ” আমি কেন্দ্ৰ আৰু ৰাজ্য দুয়োখনকে সোঁৱৰাই দিব বিচাৰিছো যে, ৰাজহ সংগ্ৰহ সকলো নহয়।প্ৰকৃতি আৰু পৰিৱেশ তন্ত্ৰৰ ক্ষতি কৰি ৰাজহ সংগ্ৰহ কৰিব নোৱাৰি।যদি সকলো যিদৰে আছে তেনেকৈয়ে চলি থাকে, তেন্তে সেই দিনটো অতি সোনকালে আহি আছে যেতিয়া হিমাচল প্ৰদেশ হয়তো ভাৰতৰ মানচিত্ৰৰ পৰা নাইকিয়া হৈ হ’ব। ভগৱানে নকৰক যে এনে এটা দিন দেখা উচিত। হিমাচল প্ৰদেশৰ পৰিস্থিতি দিনক দিনে বেয়া হৈ গৈ আছে। প্ৰাকৃতিক ভাৰসাম্য বিঘ্নিত হোৱাৰ কাৰণে যোৱা কেইবছৰমানৰ পৰা প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হৈছে।”
মন কৰিবলগীয়া যে, বিগত কেইবছৰমানৰ পৰা হিমাচলত ভূমিস্খলন, বানপানী, প্ৰচণ্ড বৰষুণৰ দৰে বিভিন্ন দুৰ্যোগ সংঘটিত হৈছে। এমাহ পূৰ্বে তাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বানত ১৭০ জন লোকৰ মৃত্যু হৈছিল। উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ, যোগাযোগ আৰু পৰ্যটনৰ কথা মনত ৰাখি শেহতীয়াকৈ পাহাৰীয়া ৰাজ্যখনত বহু নিৰ্মাণ কাম কৰা হৈছে। সেইবাবেই প্ৰকৃতিয়েও খং উঠিব পাৰে। গতিকে প্ৰাকৃতিক দুৰ্যোগৰ দায়িত্ব মানুহে ল’ব লাগিব।