• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইলন মাস্কৰ টেছলাক ২৪৩ মিলিয়ন ডলাৰ জৰিমনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2025 3:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ কোটিপতি ইলন মাস্কৰ ইলেক্ট্ৰিক গাড়ী নিৰ্মাতা টেছলাক প্ৰায় ২৪৩ মিলিয়ন ডলাৰ ক্ষতিপূৰণ দিবলৈ আদালতে নিৰ্দেশ দিছে। আমেৰিকাৰ ফ্ল’ৰিডাৰ এক জুৰীয়ে শুকুৰবাৰে টেছলাক জৰিমনা ভৰিবলৈ নিৰ্দেশ দিয়ে।

২০১৯ চনত এক মাৰাত্মক দুৰ্ঘটনাৰ বাবে কোম্পানীটোৰ ‘অটোপাইলট’ চালক সহায়ক প্ৰযুক্তিক দোষাৰোপ কৰি দাখিল কৰা গোচৰত আদালতে এই নিৰ্দেশ দিয়ে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ভুক্তভোগীৰ পৰিয়ালৰ হৈ গোচৰ চলোৱা অধিবক্তা ডাৰেন জেফ্ৰি ৰুছ’ৰ মতে জুৰীয়ে টেছলাৰ ব্যৱস্থাটোক কী লাৰ্গোত সংঘটিত হোৱা দুৰ্ঘটনাৰ বাবে আংশিকভাৱে দায়ী বুলি বিবেচনা কৰে, য’ত নিবেল বেনাভিডেছ লিঅ’নৰ মৃত্যু হয় আৰু তেওঁৰ প্ৰেমিক ডিলন এংগুলো আহত হয়।

অভিযোগকাৰীসকলে অভিযোগ কৰে যে চালক জৰ্জ মেকগিৰ টেছলা গাড়ীখনে চেভ্ৰলেট স্প’ৰ্ট ইউটিলিটি বাহনৰ সৈতে খুন্দা মৰাৰ ফলত লিঅ’নৰ মৃত্যু হোৱাৰ লগতে এংগুলো আহত হয়।

আদালতৰ নথি অনুসৰি জুৰীয়ে ২০০ মিলিয়ন ডলাৰ শাস্তিমূলক ক্ষতিপূৰণ, লিঅ’নৰ পৰিয়ালক ৫৯ মিলিয়ন ডলাৰ আৰু এংগুলোক ৭ মিলিয়ন ডলাৰ প্ৰদানৰ নিৰ্দেশ দিয়ে।

ৰুছ’ই কয় যে ক্ষতিপূৰণ সামান্য হ্ৰাস পাব কাৰণ জুৰীয়ে টেছলাক এক তৃতীয়াংশ দায়ী বুলি বিবেচনা কৰিছে। এই হ্ৰাসৰ পিছত জুৰীৰ ৰায়ৰ মুঠ আৰ্থিক প্ৰভাৱ হ’ব ২৪২.৫ মিলিয়ন ডলাৰ।

ৰুছ’ই লগতে কয় যে ৰায়টোত ন্যায় প্ৰদান কৰা হৈছে। জুৰীয়ে সকলো প্ৰমাণ শুনি আমাৰ ক্লায়েণ্টৰ সপক্ষে ন্যায্য আৰু ন্যায়সংগত ৰায়দানত উপনীত হয়। টেছলাৰ অধিবক্তাই জুৰীৰ সিদ্ধান্তৰ বিৰুদ্ধে আপীল কৰিব বুলি কয়।

টেছলাই নিজৰ আইনী টীমৰ জৰিয়তে কয় যে, “আজিৰ ৰায়দান ভুল আৰু ই কেৱল বাহনৰ সুৰক্ষাৰ ক্ষেত্ৰত অগ্ৰগতিত বাধাৰ সৃষ্টি কৰিব আৰু টেছলা আৰু সমগ্ৰ উদ্যোগটোৰ জীৱন ৰক্ষাকাৰী প্ৰযুক্তি বিকশিত আৰু ৰূপায়ণৰ প্ৰচেষ্টাক বিপন্ন কৰিব।”

টেছলাই কয়, ‘প্ৰমাণে ধাৰাবাহিকভাৱে দেখুৱাইছিল যে এই দুৰ্ঘটনাৰ বাবে চালকজনেই একমাত্ৰ দায়ী। তেওঁ তীব্ৰ বেগেৰে গৈ এক্সিলেটৰত ভৰি দিছিল, যাৰ ফলত অটোপাইলট নিষ্ক্ৰিয় হৈ পৰিছিল। তেওঁ ৰাস্তালৈ নাচাই নিজৰ পৰি যোৱা ফোনটো বিচাৰি আছিল। স্পষ্ট কৰি ক’বলৈ গ’লে ২০১৯ চনৰ কোনো গাড়ী বা বৰ্তমানৰ কোনো গাড়ীয়েই এই দুৰ্ঘটনা ৰোধ কৰিব নোৱাৰিলেহেঁতেন। এইটো কোনপধ্যেই অটোপাইলটৰ ইচ্ছ্যু নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm
নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

September 19, 2025 8:51 pm
জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

September 19, 2025 8:13 pm
মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

September 19, 2025 8:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm
নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

September 19, 2025 8:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd