• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

চাইবাৰ অপৰাধৰ ঘটনাই অভিলেখ গঢ়িছে ভাৰতত! চাইবাৰ অপৰাধীয়ে ২০২৪ বৰ্ষত ভাৰতীয়ৰ পৰা সৰকালে ২৩ হাজাৰ কোটি টকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2025 7:02 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্প্ৰতি দেশত অভিলেখ গঢ়িছে চাইবাৰ অপৰাধৰ ঘটনাই। অপৰাধীয়ে ঘণ্টাৰ পিছত ঘণ্টা ডিজিটেল এৰেষ্ট কৰি, লিংকত ক্লিক কৰিবলৈ কোৱা, বা কেতিয়াবা নিৰ্দিষ্ট নম্বৰত ফোন কৰিবলৈ কৈ সাধাৰণ মানুহৰ পৰা প্ৰতিদিনে বহু টকা চুৰি কৰি আহিছে। ডেকাৰ পৰা বুঢ়ালৈকে, স্কুলৰ শিক্ষকৰ পৰা আৰম্ভ কৰি ব্যৱসায়ীলৈকে সকলোৱে এই জালত পৰিছে।

শেহতীয়াকৈ দিল্লীস্থিত মিডিয়া আৰু টেকন’লজি কোম্পানী ডাটালিডছে দেশত সংঘটিত চাইবাৰ অপৰাধৰ পৰিসংখ্যা প্ৰকাশ কৰিছে। তেওঁলোকৰ অধ্যয়নত প্ৰকাশিত তথ্য অনুসৰি যে ২০২৪ চনত চাইবাৰ অপৰাধীয়ে ভাৰতীয়ৰ পৰা ২২,৮৪২ কোটি টকা চুৰি কৰিছে। ২০২৫ এই সংখ্যা আৰু বৃদ্ধি পাব বুলি কেন্দ্ৰীয় সংস্থাটোৱে আশংকা প্ৰকাশ কৰিছে।

Apply Now

উল্লেখ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনস্থ ‘চাইবাৰ ক্ৰাইম ক’অৰ্ডিনেচন চেণ্টাৰ’ (১৪চি)ৰ মতে এই চাইবাৰ অপৰাধীসকলৰ কবলত পৰাৰ বাবে ভাৰতীয়সকলে চলিত বৰ্ষত ১.২ লাখ কোটি টকা হেৰুৱাব পাৰে বুলি উল্লেখ কৰিছে।

ডাটালিডছৰ তথ্য অনুসৰি ২০২৩ চনত চাইবাৰ অপৰাধীৰ বাবে ভাৰতীয়সকলে ৭,৪৬৫ কোটি টকা হেৰুৱাইছে। আৰু ২০২৪ বৰ্ষত এই সংখ্যা তিনিগুণ বৃদ্ধি পাইছে। একে সময়তে চাইবাৰ অপৰাধৰ অভিযোগৰ সংখ্যাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ২০২৪ বৰ্ষত সমগ্ৰ দেশৰ বিভিন্ন থানাত প্ৰায় ২০ লাখ অভিযোগ দাখিল কৰা হৈছিল। ২০২৩ চনত এই সংখ্যা আছিল ১৫.৬ লাখ।

এই অভিযোগৰ সংখ্যা আৰু প্ৰকাৰলৈ চাই বিশেষজ্ঞসকলৰ মতে এই দেশৰ চাইবাৰ অপৰাধীসকল ক্ৰমান্বয়ে অধিক দক্ষ হৈ পৰিছে। প্ৰতিদিনে নতুন নতুন ধৰণে প্ৰৱঞ্চনা কৰি আহিছে।

চাইবাৰ ক্ৰাইম চাপ্ৰেছন উইঙৰ এক সূত্ৰই জনোৱা মতে, দেশত অনলাইন লেনদেন বৃদ্ধি পোৱাৰ বাবে এই ধৰণৰ চাইবাৰ অপৰাধ বৃদ্ধি পাইছে। কেন্দ্ৰীয় সংস্থাটোৰ পৰিসংখ্যা অনুসৰি ২০২৫ চনৰ জুন মাহত ইউ পি আইৰ জৰিয়তে ১৯০ লাখ লেনদেন কৰা হৈছিল। সেই এমাহত ইউ পি আইৰ জৰিয়তে লেনদেন হোৱা ধনৰ পৰিমাণ আছিল ২৪.০৩ লাখ কোটি টকা। ২০১৩ চনৰ জানুৱাৰী মাহত ইউ পি আইৰ জৰিয়তে বিশ্বজুৰি ১৬২ কোটি টকাৰ লেনদেন হৈছিল। ২০২৫ চনৰ জানুৱাৰী মাহত সেই সংখ্যা আছিল ১৮,১২০.৮২ কোটি টকা। ইয়াৰে আধা অংশ ভাৰতত আছিল। মহামাৰীৰ পিছত এই ইউ পি আইৰ জৰিয়তে ধনৰ লেনদেন বৃদ্ধি পাইছে।

কেন্দ্ৰীয় সংস্থাটোৰ পৰিসংখ্যা অনুসৰি সৰ্বাধিক সংখ্যক চাইবাৰ অপৰাধ সংঘটিত হৈছে হোৱাটছএপৰ জৰিয়তে। ২০২৪ চনৰ জানুৱাৰী মাহত হোৱাটছএপৰ জৰিয়তে ১৫,৩৫৫টা জালিয়াতিৰ অভিযোগ দাখিল কৰা হৈছিল। ফেব্ৰুৱাৰী মাহত ১৩,৬৯৬ আৰু মাৰ্চ মাহত হোৱাটছএপৰ জৰিয়তে ১৪,৭৪৬টা জালিয়াতিৰ অভিযোগ দাখিল কৰা হৈছিল। টেলিগ্ৰাম, ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউবৰ জৰিয়তেও প্ৰৱঞ্চনা সংঘটিত হৈছে।

প্ৰৱঞ্চনা কেনেকৈ হয়?

প্ৰথমতে কেতিয়াবা মেছেজ বা হোৱাটছএপৰ জৰিয়তে পুৰস্কাৰ ঘোষণা কৰা হয়। কেতিয়াবা অনলাইন ষ্ট’ৰৰ জৰিয়তে টকা ঘূৰাই দিয়া হয়। বহুতে সেই ফান্দত পৰি ক্ৰেডিট কাৰ্ড বা ইউপিআই পাছৱৰ্ড প্ৰদান কৰে। ইয়াৰ পিছতে গ্ৰাহকৰ একাউণ্ট খালি কৰে।

দ্বিতীয়তে, কিছুমান সামগ্ৰী ভুৱা অনলাইন ষ্ট’ৰত অতি কম দামত বিক্ৰীৰ বিজ্ঞাপন দিয়ে। গ্ৰাহকে ধন দিয়াৰ পিছত তেওঁলোকে বস্তুটো লাভ কৰিবলৈ সক্ষম নহয়।

তৃতীয়তে, প্ৰৱঞ্চকে ভুৱা বাৰ্তা বা ইমেইল প্ৰেৰণ কৰে। ইয়াত ক্লিক কৰি ‘পেমেণ্ট ভেৰিফাই’ কৰিবলৈ কোৱা হয়। এনেদৰেও গ্ৰাহকৰ ইউপিআই আৰু ক্ৰেডিট কাৰ্ডৰ তথ্য চুৰি কৰি জালিয়াতি কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

July 27, 2026 2:28 pm
কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

July 27, 2026 2:28 pm
কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd