• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এটা যুগৰ অৱসান, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনৰ দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 4, 2025 11:23 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঝাৰখণ্ডৰ ৰাজনীতিৰ এটা অধ্যায়ৰ অৱসান ঘটিল। প্ৰাক্তন মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী তথা ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰতিষ্ঠাপক সভাপতি শিবু ছোৰেনৰ ৮১ বছৰ বয়সত দেহাৱসান ঘটিছে।

তেওঁ দীৰ্ঘদিন ধৰি বৃক্কৰ সমস্যাত ভুগি আছিল। যোৱা এমাহ ধৰি তেওঁ দিল্লীৰ ছাৰ গংগা ৰাম হাস্পতালত ভেন্টিলেচনত আছিল।

Apply Now

চিকিৎসালয়ৰ সূত্ৰ অনুসৰি সোমবাৰে পুৱা ৮:৫৬ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ পুত্ৰ তথা বৰ্তমান মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে তেওঁৰ এক্স হেণ্ডেলত লিখিছে, ‘শ্ৰদ্ধাৰ দিশোম গুৰুজীয়ে আমাক সকলোকে এৰি থৈ গৈছে। আজি মই শূন্য হৈ গ’লো।’

বিহাৰৰ ৰামগড় জিলাত জন্মগ্ৰহণ কৰিছিল চাওতাল সম্প্ৰদায়ৰ সন্তান শিবু ছোৰেনে। ১৯৭২ চনত বাওঁপন্থী শ্ৰমিক নেতা এ কে ৰায় আৰু বিনোদ বিহাৰী মাহাতোৰ সৈতে মিলি ঝাৰখণ্ড মুক্তি মৰ্চা গঠন কৰে।

এই সংগঠনটো ক্ৰমান্বয়ে সুকীয়া ৰাজ্যৰ দাবীত মূল সংগঠন হৈ পৰিল। দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত ২০০০ চনত ‘ঝাৰখণ্ড’ গঠন হয়। এই সমগ্ৰ ৰাজনৈতিক সংগ্ৰামৰ মুখ আছিল শিবু ছোৰেন।

শিবু ছোৰেন ১৯৮০ চনত ডুমকাৰ পৰা প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছিল। তাৰ পিছত আৰু সাতবাৰ লোকসভালৈ নিৰ্বাচিত হয়। চলিত কাৰ্যকালত এবাৰকে ধৰি দুবাৰ ৰাজ্যসভাতো আছিল।

২০০৫ চনত তেওঁ প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হৈছিল যদিও মাত্ৰ ৯ দিনৰ অন্তত বিধানসভাত আস্থা ভোটত পৰাজিত হ’বলগীয়া হৈছিল। পিছত পুনৰ মুখ্যমন্ত্রীৰ কার্যালয়ৰ দায়িত্ব লয়৷ অৱশ্যে ২০১৯ চনত ডুমকাৰ পৰা বিজেপি প্ৰাৰ্থী নলিন ছোৰেনৰ হাতত পৰাস্ত হয়।

সাহসী আৰু বিতৰ্কিত, যুঁজাৰু আৰু আপোচবিহীন এই দুটা বিপৰীত দিশৰ ওপৰতে তেওঁৰ ৰাজনৈতিক জীৱন গঢ় লৈ উঠিছিল। সাধাৰণ মানুহে তেওঁক মৰমেৰে ‘দিশোম গুৰুজী’ বুলি মাতিছিল। তেওঁ কেৱল ৰাজনৈতিক নেতা নহয়, জনজাতীয় অধিকাৰৰ অন্যতম পথ প্ৰদৰ্শক আছিল। এনে এজন যুঁজাৰু নেতাৰ মৃত্যুৰ লগে লগে ঝাৰখণ্ডে কেৱল এজন ৰাজনৈতিক নেতা বা প্ৰাক্তন মুখ্যমন্ত্ৰীকে হেৰুৱালে এনে নহয়, এটা অধ্যায়ৰো সমাপ্তি ঘটিল।

শিবু ছোৰেনৰ মৃত্যুত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ নেতাসকলে শোক প্ৰকাশ কৰিছে। ঝাৰখণ্ডত ৩ দিনীয়া ৰাজ্যিক শোক ঘোষণা চৰকাৰে। তেওঁৰ মৃতদেহ ৰাঁচীলৈ ঘূৰাই অনা হ’ব। জনসাধাৰণৰ দৰ্শনৰ বাবে দলৰ কাৰ্যালয়ত ৰখা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd