ঝাৰখণ্ডৰ ৰাজনীতিৰ এটা অধ্যায়ৰ অৱসান ঘটিল। প্ৰাক্তন মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী তথা ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰতিষ্ঠাপক সভাপতি শিবু ছোৰেনৰ ৮১ বছৰ বয়সত দেহাৱসান ঘটিছে।
তেওঁ দীৰ্ঘদিন ধৰি বৃক্কৰ সমস্যাত ভুগি আছিল। যোৱা এমাহ ধৰি তেওঁ দিল্লীৰ ছাৰ গংগা ৰাম হাস্পতালত ভেন্টিলেচনত আছিল।
চিকিৎসালয়ৰ সূত্ৰ অনুসৰি সোমবাৰে পুৱা ৮:৫৬ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ পুত্ৰ তথা বৰ্তমান মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে তেওঁৰ এক্স হেণ্ডেলত লিখিছে, ‘শ্ৰদ্ধাৰ দিশোম গুৰুজীয়ে আমাক সকলোকে এৰি থৈ গৈছে। আজি মই শূন্য হৈ গ’লো।’
বিহাৰৰ ৰামগড় জিলাত জন্মগ্ৰহণ কৰিছিল চাওতাল সম্প্ৰদায়ৰ সন্তান শিবু ছোৰেনে। ১৯৭২ চনত বাওঁপন্থী শ্ৰমিক নেতা এ কে ৰায় আৰু বিনোদ বিহাৰী মাহাতোৰ সৈতে মিলি ঝাৰখণ্ড মুক্তি মৰ্চা গঠন কৰে।
এই সংগঠনটো ক্ৰমান্বয়ে সুকীয়া ৰাজ্যৰ দাবীত মূল সংগঠন হৈ পৰিল। দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত ২০০০ চনত ‘ঝাৰখণ্ড’ গঠন হয়। এই সমগ্ৰ ৰাজনৈতিক সংগ্ৰামৰ মুখ আছিল শিবু ছোৰেন।
শিবু ছোৰেন ১৯৮০ চনত ডুমকাৰ পৰা প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছিল। তাৰ পিছত আৰু সাতবাৰ লোকসভালৈ নিৰ্বাচিত হয়। চলিত কাৰ্যকালত এবাৰকে ধৰি দুবাৰ ৰাজ্যসভাতো আছিল।
২০০৫ চনত তেওঁ প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হৈছিল যদিও মাত্ৰ ৯ দিনৰ অন্তত বিধানসভাত আস্থা ভোটত পৰাজিত হ’বলগীয়া হৈছিল। পিছত পুনৰ মুখ্যমন্ত্রীৰ কার্যালয়ৰ দায়িত্ব লয়৷ অৱশ্যে ২০১৯ চনত ডুমকাৰ পৰা বিজেপি প্ৰাৰ্থী নলিন ছোৰেনৰ হাতত পৰাস্ত হয়।
সাহসী আৰু বিতৰ্কিত, যুঁজাৰু আৰু আপোচবিহীন এই দুটা বিপৰীত দিশৰ ওপৰতে তেওঁৰ ৰাজনৈতিক জীৱন গঢ় লৈ উঠিছিল। সাধাৰণ মানুহে তেওঁক মৰমেৰে ‘দিশোম গুৰুজী’ বুলি মাতিছিল। তেওঁ কেৱল ৰাজনৈতিক নেতা নহয়, জনজাতীয় অধিকাৰৰ অন্যতম পথ প্ৰদৰ্শক আছিল। এনে এজন যুঁজাৰু নেতাৰ মৃত্যুৰ লগে লগে ঝাৰখণ্ডে কেৱল এজন ৰাজনৈতিক নেতা বা প্ৰাক্তন মুখ্যমন্ত্ৰীকে হেৰুৱালে এনে নহয়, এটা অধ্যায়ৰো সমাপ্তি ঘটিল।
শিবু ছোৰেনৰ মৃত্যুত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ নেতাসকলে শোক প্ৰকাশ কৰিছে। ঝাৰখণ্ডত ৩ দিনীয়া ৰাজ্যিক শোক ঘোষণা চৰকাৰে। তেওঁৰ মৃতদেহ ৰাঁচীলৈ ঘূৰাই অনা হ’ব। জনসাধাৰণৰ দৰ্শনৰ বাবে দলৰ কাৰ্যালয়ত ৰখা হ’ব।