• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাই ৰন্টু…! ৰন্টু পানীফুকনলৈ লিখা চিঠিত কি লিখিলে অখিল গগৈয়ে!‎

নৰ্থ-ইষ্ট নাও by নৰ্থ-ইষ্ট নাও
August 5, 2025 7:05 pm
78
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰত চলি থকা অৰাজক পৰিস্থিতি আৰু বীৰ লাচিত সেনাৰ ভূমিকাক লৈ ৰন্টু পানীফুকনলৈ চিঠি লিখি পৰামৰ্শ দিলে অখিল গগৈয়ে। তলত চিঠিখনৰ প্ৰতিলিপি দিয়া হ’ল

ভাই ৰন্টু,

মৰম আৰু সংগ্ৰামী অভিনন্দন গ্রহণ কৰিবি।

শৃংখলৰ তলত দিয়া ভিডিঅ‘টোৰ বক্তব্যখিনি শুনি লচোন। তাৰ এই বক্তব্য এটা জাতীয় সংগঠনৰ নেতাৰ বক্তব্য হৈছে নে এজন উগ্র সাম্প্রদায়িক ৰাজনীতিকৰ বক্তব্য হৈছে? এই বক্তব্য সাম্প্রদায়িক সংঘর্ষ সৃষ্টিৰ বাবে দেখ দেখ উচতনি নহয়নে? যদিহে তহঁতৰ সংগঠনে বিদেশী খেদিব খুজিছ তেন্তে পুলিচ আৰু প্রশাসনক সিহঁতৰ বাসস্থানসমূহৰ তালিকা দি অথবা ঠাইসমূহ দেখুৱাই দি পুলিচৰ বা চৰকাৰৰ দ্বাৰা খেদোৱা উচিত। মানুহৰ ভাড়া ঘৰত সংগঠনৰ ল’ৰাই নিজে বিদেশী বিচাৰি গ’লে সম্প্রীতি বিঘ্নিত হ’ব। তই নিশ্চয় সংগ্ৰামৰ এটা মৌলিক নীতি অৱগত যে সর্বসাবাৰণ মানুহ নহয়, চৰকাৰহে সকলো সংগঠনৰ হেঁচাৰ লক্ষ্য হোৱা উচিত। কোনো সংগ্রামী লক্ষ্য পূৰণৰ বাবে চৰকাৰৰ বিৰুদ্ধেহে আমাৰ প্রতিবাদ গঢ়ি তোলা উচিত; জনতাৰ লগত সংঘর্ষ কৰাটো কোনো গণতান্ত্রিক সংগঠনৰ লক্ষণ নহয়।

শিৱসাগৰত শৃংখলে এই কেইদিন যিবোৰ কথা আৰু কাম কৰিছে সেইবোৰ সাম্প্রদায়িক সংঘর্ষ সৃষ্টিকাৰী উচতনিমূলক কাম, যিবোৰ কাম কৰাটো বা কৰোৱাটো বিজেপি-আৰআৰএছে বিচাৰি আছে। তলত মই শৃংখলৰ কেইটামান উচটনিমূলক বক্তব্যৰ উদাহৰণ তুলি দিছো।

“১) সম্প্রীতি শেষ, যুদ্ধ হ’ব।

২) সম্প্রীতি-ছম্প্রীতি এতিয়া শিৱসাগৰত শেষ, যুদ্ধ হ’ব।

৩) চেলেঞ্জ কৰিছো- দম আছে যদি তহঁতি লাগিব আহিবি- ক‘ত লাগিবি কবি।

৪) যদি শিৱসাগৰ জ্বলে জ্বলিব।

৫) আৰু যদি মুখামুখি সংঘর্ষ বিচাৰিছে, হ’ব সংঘর্ষ। ক’ত লাগিব এইটো ক’লেই হ’ল।

৬) সম্প্রীতি দেখুৱাৰ ঠিকা লৈ থৈছো নেকি?

৭) কিহৰ সম্প্রীতি সদায় সদায়?

৮) তাৰ কাৰণে যুদ্ধ হ‘ব। প্রয়োজনত হেংদাং হ’ব। আৰু প্রয়োজনত যদি আৰু কিবা বিকল্প চিন্তা কৰিব লাগে, বিকল্প কিবা চিন্তা হ’ব। কিন্তু যুদ্ধ তো হ’বই।”

বাকী ভিডিঅ‘টো চালে তই নিজে গম পাবি। শৃংখলে গণতান্ত্রিক সংগঠনৰ মৌলিক নীতি- মানুহ নহয়, আক্ৰমণৰ লক্ষ্য হ’ব লাগে চৰকাৰ অথবা ৰাষ্ট্ৰ- এই নীতিৰ পৰা আঁতৰি আহি সাম্প্রদায়িক সংঘৰ্ষৰ উচতনি দিয়া যন্ত্ৰত পৰিণত হৈছে।

আশা কৰো সুচিন্তিত সিদ্ধান্ত ল‘বি। অসমৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ সাম্প্রদায়িক ফেচিবাদৰ যুগটোত তহঁতৰ সংগঠনৰ ভূমিকাটো ফেচিবাদৰ পক্ষত আছিল বুলি যেন লিখিত নহওক।

কোৱা বাহুল্য, আমাৰ দলে বিদেশী বিতাৰণ বিচাৰোঁ, বিচাৰো মানে জোৰদাৰকৈ বিচাৰো, ক্ষমতালৈ আহিলে বিদেশী খেদিমেই, কিন্তু উগ্র সাম্প্রদায়িক বিজেপিৰ জৰিয়তে (যি নিজে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ আইন আনে) বিদেশী সমস্যৰ সমাধান অসম্ভৱ বুলি ভাবোঁ। বিজেপিয়ে ৯ বছৰ শাসন কৰিলে, কিন্তু এটাও বিদেশী নেখেদিলে। যদি অসমত ১ কোটি বিদেশী আছে চৰকাৰে কি কৰি আছে? বিদেশী চিনাক্ত কৰিবলৈ এনআৰচিখন কিয় সম্পূৰ্ণ কৰা নাই বিজেপিয়ে? যোবা ২০১৪ চনৰ ১৬ মে’ত বিদেশীক বিতাড়নৰ প্রতিশ্রুতি দি কূটা এডালো নলৰাই বিজেপি চৰকাৰে ২০২৬ ৰ নিৰ্বাচনৰ পূৰ্বে মুছলমান মানুহৰ কেইটামান ঘৰ উচ্ছেদ কৰি বিদেশী সমস্যা সমাধান কৰিব বুলি যদিহে কোনোবাই ভাবিছে সেয়া হয় অকৰামি (naive), নহয় মতলববাজীৰ বাহিৰে আন একো নহয়। উচ্ছেদ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ভোট সংগ্ৰহৰ অস্ত্ৰ মাত্র!

আমি ভাবো, অসমৰ বিদেশী সমস্যা সমাধানৰ আটাইতকৈ বিজ্ঞানসম্মত পথটো হ’ল, এনআৰচিৰ দ্বাৰা অসমৰ নাগৰিকপঞ্জী প্ৰস্তুত কৰি অসমৰ বৈধ নাগৰিকৰ তালিকা প্রকাশ কৰি দিয়া, স্বদেশীসকলক পৰিচয় পত্ৰ প্ৰদান কৰা আৰু বিদেশীসকলক আইনসম্মতভাৱে বিতাড়ন কৰা। এই কাম আমি সুযোগ পালেই কৰিম।

আশা কৰো তহঁতৰ সংগঠনে বিদেশী সমস্যা সমাধানৰ সঠিক জাতীয় কাৰ্য্যসূচী গ্ৰহণ কৰিবি আৰু শৃংখলহঁতৰ সাম্প্রদায়িক উত্তেজনা সৃষ্টিকাৰী কথা আৰু কামবোৰ নিয়ন্ত্ৰণ কৰিবি। দেশৰ বাবে গোটেই জীৱন আহুতি দিয়া তোৰ ককায়েৰা হিচাপে মই নিশ্চয় তোৰ পৰা মই এইখিনি দাবী কৰিব পাৰোঁ। আশা কৰো, তোৰ পৰা এটা ইতিবাচক সহাঁৰি পাম।

ইতি
তোৰ অখিলকাই

Recent News

ট্ৰাম্পৰ ভাবুকিৰ পাছতো মৌন ৰাছিয়া! গোপনে চলিছে নেকি ৰাছিয়াৰ বৃহৎ কৌশল?

ট্ৰাম্পৰ ভাবুকিৰ পাছতো মৌন ৰাছিয়া! গোপনে চলিছে নেকি ৰাছিয়াৰ বৃহৎ কৌশল?

ভাই ৰন্টু…! ৰন্টু পানীফুকনলৈ লিখা চিঠিত কি লিখিলে অখিল গগৈয়ে!‎

ভাই ৰন্টু…! ৰন্টু পানীফুকনলৈ লিখা চিঠিত কি লিখিলে অখিল গগৈয়ে!‎

বিদ্যালয়ৰ পৰা মুছলীম অধ্যক্ষক আঁতৰাবলৈ ভয়ংকৰ কাণ্ড : বিদ্যালয়ৰ পানী টেংকিত বিহ মিহলালে শ্ৰীৰাম সেনাই

বিদ্যালয়ৰ পৰা মুছলীম অধ্যক্ষক আঁতৰাবলৈ ভয়ংকৰ কাণ্ড : বিদ্যালয়ৰ পানী টেংকিত বিহ মিহলালে শ্ৰীৰাম সেনাই

শ্বিলঙৰ-ডাউকী পথত মৰ্মান্তিক দুৰ্ঘটনা! ঘাইপথত সুৰক্ষা চিহ্ন স্থাপনৰ নিৰ্দেশ মেঘালয় চৰকাৰৰ

শ্বিলঙৰ-ডাউকী পথত মৰ্মান্তিক দুৰ্ঘটনা! ঘাইপথত সুৰক্ষা চিহ্ন স্থাপনৰ নিৰ্দেশ মেঘালয় চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd