উদ্ধৱ থাকৰেই নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনক কটাক্ষ কৰিছে। শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ঘোষণাৰ উদ্ধৃতি দি শিৱসেনাৰ (উদ্ধৱ শিৱিৰ) মুৰব্বীগৰাকীয়ে কয় যে ট্ৰাম্পে আমাৰ দেশখনক ঠাট্টা কৰিছে। তেওঁ লগতে কটাক্ষ কৰি কয় যে, “আমাক এজন শক্তিশালী প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী লাগে।”
শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত শুল্ক ঘোষণা কৰিছে। ফলত ৰাছিয়াৰ পৰা ভাৰতৰ তেল আমদানিৰ ওপৰত মুঠ শুল্ক ৫০ শতাংশতকৈও অধিক হৈ পৰিল।
ট্ৰাম্পে দাবী কৰে যে ৰাছিয়াৰ তেল আমদানি কৰি মস্কোৰ যুদ্ধ চলোৱাৰ ক্ষমতা বৃদ্ধি পাইছে, আৰু ইয়াৰ পৰা ভাৰতে লাভৱান হৈছে। অৱশ্যে ইউৰোপ বা আমেৰিকাই ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাত মৌনতা অৱলম্বন কৰিছে ট্ৰাম্পে।
ভাৰত চৰকাৰে এই পৰিস্থিতিক ‘অন্যায় আৰু অযুক্তিকৰ’ বুলি অভিহিত কৰিছে। অৱশ্যে বিৰোধী শিবিৰে ট্ৰাম্পৰ ঘোষণাক এক আলম হিচাপে ব্যৱহাৰ কৰি কেন্দ্ৰক কাঠগড়াত তুলিছে।
ইপিনে, প্ৰধানমন্ত্ৰী মোডীৰ আগন্তুক চীন ভ্ৰমণ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে উদ্ধৱ থাকৰেই। তেওঁ কয়, “চীনটো পাকিস্তানৰ ‘সকলো বতৰৰ বন্ধু’। গতিকে সিদ্ধান্ত লোৱা হওক আমাৰ বন্ধু কোন আৰু আমাৰ শত্ৰু কোন?” তেওঁৰ কটাক্ষ আছিল, “এসময়ত ‘চীনা সামগ্ৰী বৰ্জন’ৰ আহ্বান আহিছিল। এতিয়া মোডী আকৌ চীনলৈ কিয় যায়?”
এই বিতৰ্কৰ মাজতে ৰাহুল গান্ধীয়ে আজি দিল্লীত ইণ্ডিয়া মিত্ৰজোঁটৰ এক বৃহৎ বৈঠক আহ্বান কৰিছে। উদ্ধৱ থাকৰেৰ বাহিৰেও শাৰদ পাৱাৰ, অখিলেশ যাদৱ, তেজস্বী যাদৱকে ধৰি প্ৰায় এক ডজন বিৰোধী নেতাই অংশগ্ৰহণ কৰিছে। পুৱা ৰাহুলে নিজেই ট্ৰাম্পৰ শুল্ক নীতিক ‘অৰ্থনৈতিক ব্লেকমেইল’ বুলি তীব্ৰ আক্ৰমণ কৰে।
এই বৈঠকত উপস্থিত থাকিবনে ৰাজ থাকৰে? এই প্ৰশ্নৰ প্ৰত্যক্ষ উত্তৰ এৰাই চলি উদ্ধৱে কয়, “আমি দুজন ভাতৃ যথেষ্ট সক্ষম। আমি যি কৰিব লাগিব তাকেই কৰিম। আমাক তৃতীয় পক্ষৰ প্ৰয়োজন নাই।”
দুটা দশকৰ পূৰ্বে ৰাজ আৰু উদ্ধৱ থাকৰেৰ মাজত মতানৈক্যৰ বাবে শিৱসেনা বিভাজিত হৈছিল। অৱশ্যে শেহতীয়াকৈ মাৰাঠী গৌৰৱ আৰু ভাষা আন্দোলনৰ বিষয়টোত তেওঁলোক ওচৰলৈ আহিছে। এই প্ৰসংগত উদ্ধৱে স্পষ্টকৈ কয়, “আমি কোনো ভাষাক ঘৃণা নকৰো। কিন্তু আমাৰ ওপৰত কোনো ভাষা জাপি নিদিব।”




