মাত্ৰ ১৮ মহীয়া দাম্পত্য জীৱনৰ পিছত ৮ বছৰৰ ধৰি চলি থকা বিবাহ বিচ্ছেদৰ গোচৰত উচ্চতম ন্যায়ালয়ে মহিলাগৰাকীৰ ১২ কোটি টকা, বিএমডব্লিউ গাড়ী আৰু মুম্বাইৰ ফ্লেটৰ দাবীক “অনৈতিক আৰু অযুক্তিকৰ” বুলি অভিহিত কৰি তীব্ৰ সমালোচনা কৰিছে।
এই চাঞ্চল্যকৰ ৰায় উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি. আৰ. গাভাইৰ নেতৃত্বত ন্যায়াধীশ কে. বিনোদ চন্দ্ৰন আৰু ন্যায়াধীশ এন. ভি. আঞ্জৰিয়াৰ বিচাৰপীঠে শুনানি কৰি দিয়ে। বিচাৰপীঠে বিবাহ বিচ্ছেদৰ অনুমতি দিয়াৰ লগতে মহিলাগৰাকীক মুম্বাইত এটা ফ্লেট ভৰণ-পোষণৰ ৰূপত প্ৰদান কৰাৰ নিৰ্দেশ দিয়ে।
জানিব পৰা মতে, এই দম্পতীৰ বিবাহ ১৮ মাহৰ অধিক স্থায়ী হোৱা নাছিল। তাৰ পিছতেই দুয়োপক্ষৰ মাজত আইনী যুঁজ আৰম্ভ হয়। ২০২২ চনত মহিলাগৰাকীয়ে স্বেচ্ছাই এক নিষ্পত্তিৰ চুক্তিত স্বাক্ষৰ কৰিছিল, য’ত তেওঁ মুম্বাইৰ দুটা পাৰ্কিং স্পেচৰ সৈতে এটা ফ্লেটৰ দাবী কৰিছিল। সেই সময়ত তেওঁ ভৰণ-পোষণ বাবদ কোনো দাবী জনোৱা নাছিল।
কিন্তু পিছলৈ তেওঁ বোম্বে উচ্চ ন্যায়ালয়ত অধিক দাবী জনাই চুক্তিটো অস্বীকাৰ কৰে ১২ কোটি টকা, বিএমডব্লিউ গাড়ী আৰু মূল্যৱান সম্পত্তিৰ দাবী আগবঢ়ায়। স্বামীয়ে ইয়াক চেলেঞ্জ কৰি উচ্চতম ন্যায়ালয়ৰ শৰণ লৈছিল।
“আপুনি উচ্চ শিক্ষিত আৰু আই টি খণ্ডত কাম কৰা এগৰাকী ব্যক্তি। আপুনি ভিক্ষা নোখুজিব, নিজৰ জীৱিকা নিজে উপাৰ্জন কৰক। বিবাহ মাত্ৰ ১৮ মাহ চলিছিল। এতিয়া আপুনি মাহে ১ কোটি টকা, বিএমডব্লিউ গাড়ী বিচাৰে?”
ন্যায়ালয়ে স্পষ্টভাৱে উল্লেখ কৰে যে মহিলাগৰাকীৰ নিজৰ জীয়াই থকাৰ সক্ষমতা আছে আৰু স্বামীৰ বৰ্তমান অৰ্থনৈতিক অৱস্থা আগৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে। স্বামীগৰাকীয়ে পূৰ্বতে চিটিবেংকত বছৰি ২.৫ কোটি টকাৰ উপাৰ্জন কৰিছিল, কিন্তু বৰ্তমানে তেওঁৰ আয় বছৰি কেৱল ১৮ লাখ টকা।
বিচাৰপীঠে বিবাহ বিচ্ছেদ অনুমোদন কৰাৰ লগতে মুম্বাইত এটা ফ্লেট মহিলাগৰাকীক প্ৰদান কৰিবলৈ নির্দেশ দিয়ে। কিন্তু ১২ কোটি টকা, বিএমডব্লিউ গাড়ী আৰু অন্যান্য দাবী নাকচ কৰে।
ন্যয়ালয়ৰ এই ৰায়ে বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত ভৰণ-পোষণৰ দাবীৰ ক্ষেত্ৰত এক নতুন দৃষ্টিভংগীৰ সৃষ্টি কৰিছে। উচ্চ শিক্ষিত আৰু আৰ্থিকভাৱে সক্ষম মহিলাসকলৰ ক্ষেত্ৰত অযুক্তিকৰ দাবীৰ বিৰুদ্ধে ন্যায়ালয়ে কঢ়িয়াই আনিছে এক দৃঢ় সতৰ্ক বাৰ্তা।