• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ আইন শৃংখলা আৰু ঐক্য সংহতিৰ প্ৰতি গুৰুতৰ প্ৰত্যাহ্বান আনিছে হিমন্ত বিশ্ব চৰকাৰে- চিপিআই(এম)

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 8, 2025 8:49 am
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ কেইবাখনো জিলাত অসম চৰকাৰে সংগঠিত কৰা ব্যাপক আৰু অমানৱীয় উচ্ছেদ অভিযানৰ পাছত উজনি অসমৰ বিভিন্ন জিলাত কেতবোৰ সংগঠনে ‘মিঞা খেদা’ৰ নামত দেখদেখকৈ আইন হাতত তুলি লোৱা পৰিলক্ষিত হৈছে৷ জীৱিকাৰ বাবে নামনি অসমৰ বিভিন্ন জিলাৰ পৰা গৈ অস্থায়ীভাৱে বসবাস কৰা বংগমূলীয় মুছলমান বা ‘মিঞা’ সম্প্ৰদায়ৰ লোকৰ বসতিস্থললৈ গৈ এই সংগঠনসমূহৰ কৰ্মকৰ্তাই শীঘ্ৰে এই লোকসকলক উজনি অসম ত্যাগ কৰিবলৈ হুমকি দিছে আৰু অত্যন্ত নীচ আৰু অভদ্ৰ ব্যৱহাৰ কৰিছে৷

তেনেদৰে শাক-পাচলি,মাছ-মাংস আদিৰ ব্যৱসায়ৰ বাবে নিয়মিতভাৱে উজনি অসমলৈ আহ-যাহ কৰা এই সম্প্ৰদায়ৰ লোকসকলক ব্যৱসায় কৰিবলৈ নিদি ঘূৰাই পঠাইছে আৰু ভৱিষ্যতে সেই মুৱা নহ’বলৈ সকীয়াই দিছে৷ এনে বেআইনী অভিযান চলোৱাৰ সময়ত শিৱসাগৰৰ পুৰণি স্থানীয় মুছলমান লোকৰ সৈতে উত্তপ্ত তৰ্ক-বিতৰ্ক হোৱা পৰিলক্ষিত হৈছে৷ এয়া নিশ্চিতভাৱে অশুভ সংকেত৷

Apply Now

চিপিআই(এম) অসম ৰাজ্যিক কমিটিয়ে এই ঘটনাৱলীত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে৷ এনে পৰিস্থিতিৰ শীঘ্ৰে অৱসান নহ’লে ৰাজ্যখনত গুৰুতৰ আইন-শৃংখলা পৰিস্থিতি উদ্ভৱ হোৱাৰ প্ৰবল আশংকা আছে৷

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যখনৰ বিজেপি-আৰএছএছৰ নেতৃত্বই দীৰ্ঘদিনৰ পৰা মুছলমান বিশেষকৈ বংগমূলীয় মুছলমান বা ‘মিঞা’ৰ বিৰুদ্ধে বিদ্বেষ আৰু ঘৃণা সৃষ্টিৰ বাবে ধাৰাবাহিক আৰু পৰিকল্পিত প্ৰচেষ্টা চলাই আহিছে৷ সংবিধান আৰু প্ৰচলিত আইন-কানুন উলংঘা কৰি তেওঁলোকে সকলো মিঞা মানুহক অবৈধ বাংলাদেশী বুলি প্ৰচাৰ কৰি উত্তেজনা সৃষ্টি কৰি আহিছে৷ ইয়াৰ পৰিণতিত সাম্প্ৰতিক পৰিস্থিতিৰ উদ্ভৱ হৈছে৷

মুখ্যমন্ত্ৰী আৰু বিজেপি-আৰএছএছৰ লক্ষ্য হ’ল ধৰ্মীয় মেৰুকৰণ সৃষ্টি কৰি ২০২৬ চনৰ নিৰ্বাচনত পুনৰবাৰ ক্ষমতা দখল৷ ইয়াৰ বাবে তেওঁলোকে ৰাজ্যখনৰ ঐক্য-সংহতি আনকি অসমীয়া জাতিৰ ভৱিষ্যৎ বিপদাপন্ন কৰিবলৈয়ো কুণ্ঠাবোধ কৰা নাই৷ শাসক দল আৰু মুখ্যমন্ত্ৰীৰ প্ৰৰোচনাত,কেতবোৰ ক্ষেত্ৰত ছত্ৰছায়াত, সংগঠন কিছুমানে জাতি ৰক্ষাৰ নামত আইন হাতত তুলি লৈছে আৰু ৰাজ্যখনক ভয়ংকৰ পৰিস্থিতিৰ মাজলৈ ঠেলি নিছে৷ চিপিআই(এম)-এ এনে কৰ্মকাণ্ড নিন্দা কৰাৰ লগতে ৰাজ্যখনৰ আইন-শৃংখলা ৰক্ষাৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰি নিজৰ সাংবিধানিক দায়িত্ব পালন কৰিবলৈ ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাইছে৷

দৰাচলতে সৰ্বক্ষেত্ৰত ব্যৰ্থতা ঢাকি ৰখাৰ বাবেই যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপিয়ে এনে কূৎকৌশলৰ আশ্ৰয় লৈছে সেয়া খুবেই স্পষ্ট৷ গীৰ গাই কেলেংকাৰিকে ধৰি বিয়াগোম দুৰ্নীতি-কেলেংকাৰি, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম নিয়ন্ত্ৰণত শোচনীয় ব্যৰ্থতা, অভূতপূৰ্ব কৰ্মসংস্থানহীনতা, শিক্ষা-স্বাস্থ্য আদি শিতানত ভয়ংকৰ ব্যৰ্থতা, কৃষি অৰ্থনীতিৰ শোচনীয় অৱস্থা আদি লুকুৱাই জনসাধাৰণৰ দৃষ্টি অইন ফালে ঘূৰাবলৈকে বিজেপিৰ এই বিভাজনৰ ৰাজনীতি৷

উন্নয়নৰ বৰঢোল বজোৱা এই চৰকাৰৰ দিনত ৰাজ্যখনৰ শিক্ষানুষ্ঠানৰ ড্ৰপ আউটৰ হাৰ দেশৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক৷ ক্ৰমাৎ ঋণত পোত যোৱা এইখন চৰকাৰে এফালে হিতাধিকাৰী ৰাজনীতি আৰু আনফালে উৎকট সাম্প্ৰদায়িক ৰাজনীতিৰ আশ্ৰয় লৈছে৷ বিজেপিৰ এই ভেদবাদী ৰাজনীতিৰ আচ্ছাদন ফালি নিজৰ জীৱন -জীৱিকা ৰক্ষাৰ দাবীত ঐক্যৱদ্ধ হ’বলৈ চিপিআই[এম]-এ অসমৰ জনসাধাৰণলৈ আহ্বান জনাইছে৷

ছয় জনগোষ্ঠীৰ প্ৰতি প্ৰতাৰণা

ছয় জনগোষ্ঠী–তাই-আহোম, মৰাণ, মটক, চুতীয়া, চাহ জনগোষ্ঠী-আদিবাসী আৰু কোচ-ৰাজবংশী জনগোষ্ঠীৰ অনুসূচীকৰণ (scheduling)ৰ ন্যায্য দাবী পূৰণৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ সলনি বিজেপিয়ে প্ৰতাৰণাৰ ৰাজনীতিহে কৰি আছে৷ কেন্দ্ৰীয় চৰকাৰৰ জনজাতি কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী দূৰ্গাদাস উইকীয়ে সদনত ঘোষণা কৰিছে যে এই বিষয়টো সন্দৰ্ভত সংশ্লিষ্ট মন্ত্ৰীসভা গোটে প্ৰতিবেদন দাখিল নকৰাৰ বাবেই অনুসূচীকৰণ প্ৰক্ৰিয়া আগবঢ়া নাই৷

২০১৯ চনতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মন্ত্ৰীসভা গোট গঠন কৰা হৈছিল আৰু মন্ত্ৰীসভা গোটে ছমাহৰ ভিতৰতে প্ৰতিবেদন দাখিল কৰিব বুলি হিমন্ত বিশ্ব শৰ্মাই নিজে ঘোষণা কৰিছিল৷ কিন্তু এতিয়া চাৰে ছবছৰ পাৰ হোৱাৰ পাছতো এই প্ৰতিবেদন দাখিল নকৰি বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে আং বাং বলকি আছে৷ ছয় জনগোষ্ঠীৰ প্ৰতি এই প্ৰতাৰণাক চিপিআই(এম)-এ তীব্ৰ নিন্দা কৰিছে আৰু অতি শীঘ্ৰে অনুসূচীকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে৷

শৰণীয়া কছাৰীৰ জনজাতি প্ৰমাণ পত্ৰ

নামনি অসমৰ এটি ঐতিহ্যপূৰ্ণ জনজাতি–শৰণীয়া কছাৰী সকলৰ জনজাতি প্ৰমাণ পত্ৰ প্ৰদানৰ ক্ষেত্ৰত হোৱা জটিলতা অত্যন্ত দুৰ্ভাগ্যজনক৷ ইয়াৰ ফলত বহুতো শৰণীয়া ছাত্ৰ-ছাত্ৰী উচ্ছ শিক্ষাৰ অনুষ্ঠানত নামভৰ্তিৰ পৰা বঞ্চিত হৈছে আৰু বহুতো যুৱক-যুৱতীয়ে পাবলগীয়া কৰ্মসংস্থান পোৱা নাই৷ চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে শৰণীয়া কছাৰীসকলক জনজাতীয় প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থা অব্যাহত ৰাখিবলৈ দাবী জনাইছে৷

নিৰ্বাচনী প্ৰস্তুতি

২০২৬চনৰ অসম বিধান সভাৰ নিৰ্বাচনত বিজেপিক পৰাস্ত কৰাৰ বাবে সমূহ বিজেপি বিৰোধী ধৰ্মনিৰপেক্ষ দলক একত্ৰিত হোৱাৰ বাবে চিপিআই(এম)-এ আন্তৰিকভাৱে আহ্বান জনাইছে৷ দলৰ নিজা প্ৰস্তুতি ক্ষিপ্ৰতৰ কৰাৰ বাবে চিপিআই(এম)-এ সিদ্ধান্ত লৈছে আৰু ইয়াৰ বাবে ১৫খন বিধান সভা আসন নিৰ্বাচন কৰিছে৷

অসমত ‘কা’ৰ প্ৰয়োগ

‘কা’ অসমত প্ৰয়োগ কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উদ্যোগ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে৷ কিন্তু উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক পীঠে ২০২৪ চনৰ ১৭  অক্টোবৰত দিয়া ৰায়ত চূড়ান্ত সিদ্ধান্ত দিছে যে অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তি হ’ব ১৯৭১  চনৰ ২৫ মাৰ্চ৷ সেয়ে অসমত ‘কা’ (ভিত্তিবৰ্ষ ২০১৪) প্ৰয়োগ কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে৷ অসম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ অনুমোদন নোলোৱাকৈ ‘কা’ প্ৰয়োগ কৰাটো হ’ব আদালতৰ সিদ্ধান্তৰ প্ৰতি অসন্মান৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd