অমুছলমান বিদেশীৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশ বিজেপি-ৰ অসমত “কা” প্ৰয়োগ কৰাৰ এক পদক্ষেপ বুলি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে অভিহিত কৰিছে।
বিজেপি চৰকাৰৰ এই পদক্ষেপক অসম বিৰোধী আৰু সাম্প্ৰদায়িক আখ্যা দিয়াৰ লগতে ইয়াক তৎকালে প্ৰত্যাহাৰৰ দাবী কৰিছে। অসমৰ নাগৰিকত্ব সম্পৰ্কত উচ্চতম ন্যায়ালয়ে ১৯৭১ চনেই ভিত্তি বৰ্ষ হ’ব বুলি স্পষ্ট ৰায় দিয়াৰ পাছতো বিজেপি চৰকাৰে “কা”ৰ অধীনত ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈ ৰাজ্যখনত প্ৰৱেশ কৰা অমুছলমান প্ৰতিজন ব্যক্তিক নাগৰিকত্ব দিয়াৰ বাবে উদ্যোগ লৈছে। গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশ এই উদ্যোগৰে এক অংশবিশেষ।
বিজেপি চৰকাৰৰ এয়া উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ চূড়ান্ত উলংঘনৰ প্ৰয়াস বুলিও ডি ৱাই এফ আইয়ে মন্তব্য কৰিছে। অসমৰ মানুহৰ “কা”ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ থকাৰ পাছতো কৌশলৰে ইয়াক কাৰ্যকৰী কৰাৰ বাবে চৰকাৰে আগবাঢ়িছে। বিজেপি চৰকাৰে আৰ এছ এছৰ সাম্প্ৰদায়িক চিন্তা আৰু উদ্দেশ্যেক কাৰ্যকৰী কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে। এয়া ৰাজ্যখনৰ বাবে অত্যন্ত বিপদজনক প্ৰচেষ্টা। ‘কা’ প্ৰয়োগৰ এই অসম বিৰোধী আৰু সংবিধান বিৰোধী সিদ্ধান্ত কোনো প্ৰকাৰেই কাৰ্যকৰী নকৰিবলৈ চৰকাৰৰ প্ৰতি ডি ৱাই এফ আইয়ে আহ্বান জনাইছে।