• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশৰ পৰা আক্ৰমণৰ আশংকা; সতৰ্কতা জাৰি ইন্টেলিজেঞ্চ ব্যুৰোৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2025 8:03 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকাৰে স্বাধীনতা দিৱসৰ পূৰ্বে এক বৃহৎ সতৰ্কবাণী জাৰি কৰিছে চোৰাংচোৱা বিভাগে। চোৰাংচোৱা সূত্ৰই দাবী কৰিছে যে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইয়ে সম্ভৱতঃ বাংলাদেশৰ একাংশ সন্ত্ৰাসবাদী সংগঠনৰ জৰিয়তে ভাৰতত আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰিছে।

স্বাধীনতা দিৱসৰ আগে-পিছে সাধাৰণতে দেশৰ প্ৰায় সকলো ঠাইতে কটকটীয়া নিৰাপত্তা বেষ্টনী থাকেই। কিন্তু হঠাৎ ভূৰখা মহলৰ একাংশই আই বিৰ সতৰ্কবাণীত শংকাৰ মেঘ দেখা পাইছে। সকলো দিশ মনত ৰাখি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু পশ্চিম বংগৰ বিভিন্ন নিৰাপত্তা সংস্থাসমূহক সতৰ্ক হ’বলৈ বিশেষ পৰামৰ্শ দিয়া হৈছে বুলি খবৰ পোৱা গৈছে।

Apply Now

প্ৰসংগক্ৰমে শুকুৰবাৰে মেঘালয়ৰ দক্ষিণ-পশ্চিম খাছি পাহাৰ জিলাত বাংলাদেশী চক্ৰৰ তাণ্ডৱৰ খবৰ পোহৰলৈ আহে। অভিযোগ অনুসৰি, অবৈধভাৱে সীমান্ত পাৰ হৈ মেঘালয়ত প্ৰৱেশৰ চেষ্টা চলাইছিল এই চক্ৰটোৱে।  আৰক্ষীয়ে দাবী কৰে যে যেতিয়া পুৱা প্ৰায় ১ বজাত তেওঁলোকৰ এজনে তেওঁলোকক ৰখাবলৈ চেষ্টা কৰে, তেতিয়া ৯ জনীয়া অস্ত্ৰধাৰী দলটোৱে তেওঁক দাৰে আঘাত কৰে।

আক্ৰমণৰ পিছত দলটোৱে পলায়ন কৰে যদিও ঘটনাস্থলীত উদ্ধাৰ হয় এজন বাংলাদেশী আৰক্ষীৰ আই-কাৰ্ড। চুবুৰীয়া দেশখনৰ আৰক্ষীৰ প্ৰত্যক্ষ সহযোগত উগ্ৰপন্থীসকলে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিল বুলি চোৰাংচোৱা বিষয়াসকলে সন্দেহ প্ৰকাশ কৰিছে। সেই গেঙত বাংলাদেশী আৰক্ষী আছিল নেকি তাকলৈও প্ৰশ্ন উঠিছে।

বিগত বৰ্ষৰ ৫ আগষ্টত হাছিনা চৰকাৰৰ পতনৰ পিছৰে পৰা বাংলাদেশত ৰাজনৈতিক অচলাৱস্থাৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, দুৰ্বল নিৰাপত্তা ব্যৱস্থা আৰু জামাত-ই-ইছলামীৰ সমৰ্থিত অন্তৱৰ্তীকালীন চৰকাৰৰ বাবে বিগত কেইমাহমানৰ পৰা কেইবাটাও উগ্ৰপন্থী সংগঠন সক্ৰিয় হৈ পৰিছে। কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছে বহু কট্টৰ উগ্ৰপন্থীক। পৰিস্থিতি বুজি আই এছ আইয়ে প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰিছে। ইছলামবাদে ঢাকাৰ সৈতে সম্পৰ্ক বৃদ্ধিৰ বাবে অহৰহ চেষ্টা চলাই আছে।

একাধিক সূত্ৰই দাবী কৰিছে যে আই এছ আইয়ে বাংলাদেশৰ বিভিন্ন উগ্ৰপন্থী সংগঠনক পৰামৰ্শ আৰু প্ৰশিক্ষণৰ বাবেও নিজৰ বিষয়া প্ৰেৰণ কৰিছে। পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত-পাকিস্তান সীমান্তত ভাৰত চৰকাৰে চোৰাংচোৱাগিৰি বৃদ্ধি কৰিছে। সেইবাবেই ভাৰতৰ পূব সীমান্ত বাংলাদেশক এতিয়া আই এছ আইৰ বাবে সহজ দুৱাৰ হিচাপে বিবেচিত হৈছে।

চোৰাংচোৱা সূত্ৰই দাবী কৰিছে যে জে এম বি উগ্ৰপন্থী সংগঠনৰ পৰাই আটাইতকৈ ডাঙৰ বিপদ আহিব পাৰে। কাৰণ এই উগ্ৰপন্থী সংগঠনটো অসম আৰু পশ্চিমবংগত দীৰ্ঘদিন ধৰি সক্ৰিয় হৈ আছে বুলি একাংশই দাবী কৰে। ইয়াৰ উপৰিও হৰকত-উল-জিহাদী ইছলামী আৰু আনছাৰুল্লাহ বাংলা টিম বা এবিটিও যথেষ্ট বিপজ্জনক। সেয়ে ভাৰতে স্বাধীনতা দিৱসৰ পূৰ্বে নিৰাপত্তাৰ ক্ষেত্ৰত সামান্যও ত্ৰুটি ৰাখিবলৈ ইচ্ছুক নহয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd