• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

একেটা ঘৰতে থাকে ২৩০ জন লোক, তিনি লাখ ভোটাৰৰ ঘৰৰ নম্বৰ ০! বিহাৰৰ সংশোধিত ভোটাৰ তালিকাতো গণ্ডগোল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2025 3:31 pm
129
VIEWS
Share on FacebookShare on Twitter

একেটা ঘৰত থাকে ২৩০ জন সদস্য। প্ৰায় ৩ লাখ ভোটাৰৰ বাবে হাউছ নম্বৰ ০। বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ অন্তত প্ৰকাশিত ভোটাৰ তালিকাতো বৃহৎ ত্ৰুটিৰ সৃষ্টি হৈছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাত দেখা গৈছে যে জামুই জিলাৰ চৌদিহা পঞ্চায়তৰ এটা বুথত এটা সৰু ঘৰত ২৩০ জন ভোটাৰ বাস কৰে!

সেই অঞ্চলৰ বাসিন্দাসকলে কয় যে তেওঁলোক একেটা ঘৰতে নাথাকে। সকলোৰে ঘৰ বেলেগ বেলেগ। ঠিকনাটো বেলেগ। ঘৰৰ নম্বৰটোও বেলেগ। ইয়াৰ পিছতো এনে ভুল হৈছে। ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ বাবে আহিবলগীয়া বুথ পৰ্যায়ৰ বিষয়াজনে স্থানীয় তদন্ত নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। ঘৰতে বহি কাম কৰা অভিযোগ উঠিছে। সেই অঞ্চলৰ বাসিন্দাসকলে দাবী কৰে যে বহু আগতেই হয়তো মৃত্যু হোৱা বহু ভোটাৰৰ নাম এই তালিকাত দেখা গৈছে। দৰাচলতে বুথ পৰ্যায়ৰ বিষয়াসকলৰ অদক্ষতাৰ বাবে বিশেষ তালিকা পুনৰীক্ষণৰ প্ৰকৃত উদ্দেশ্য পূৰণ হোৱা নাই। যদিও স্থানীয় বিএলঅ’ই দাবী কৰিছে, “সেই ভুলবোৰ কাৰিকৰী কাৰণত হৈছে।মই ইতিমধ্যে বিডিঅ’ক এই বিষয়ে অৱগত কৰিছো।”

তথ্য অনুসৰি বিহাৰৰ এছ আই আৰৰ পিছত প্ৰকাশিত খচৰা ভোটাৰ তালিকাত ২ লাখ ৯২ হাজাৰতকৈ অধিক ভোটাৰৰ ঘৰৰ সংখ্যা ০, ০০ আৰু ০০০ বুলি দেখুওৱা হৈছে। বিশেষ সংশোধনীৰ অন্তত নিৰ্বাচন আয়োগে প্ৰস্তুত কৰা সংশোধিত তালিকাখনো ত্ৰুটিপূৰ্ণ বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে। খৰখেদাকৈ বুথ স্তৰৰ বিষয়াই বহু অবৈধ কাম কৰি আছে। ফলত সংশোধিত ভোটাৰ তালিকাতো ত্ৰুটি আছে। লক্ষ্য পূৰণৰ বাবে ভোটাৰৰ সৈতে কথা নোপোৱাকৈ বুথ পৰ্যায়ৰ বিষয়াসকলে প্ৰ-পত্ৰ পূৰণ কৰাৰ অভিযোগ আৰজেডিৰ। বহু ভোটাৰৰ নামত প্ৰ-পত্ৰ পূৰণ হৈছিল যদিও তেওঁলোকে গম নাপালে। এনেদৰে বহু মৃত ভোটাৰৰ নামো ফৰ্ম পূৰণ কৰা হৈছিল। ফলত ভুৱা ভোটাৰ ধৰা বুলি আয়োগে কৰা দাবীও মিছা।

আনফালে এটা কোঠাৰ সৰু ঘৰত ৮০ জন ভোটাৰ! একেটা ঘৰতে ৪৩ জন সদস্য। তেওঁলোকৰ উপাধি বেলেগ বেলেগ। কৰ্ণাটকৰ মহাদেৱপুৰ বিধান সভা সমষ্টিৰ ভোটাৰ তালিকাত এই ভুলসমূহৰ ওপৰত আলোকপাত কৰিছে বিৰোধী দল নেতা ৰাহুল গান্ধীয়ে। নিৰ্বাচন আয়োগৰ সূত্ৰই দাবী কৰিছে যে এই বিশেষ পুনৰীক্ষণ যাতে ভোটাৰ তালিকাত এনে কোনো ভুল নাথাকে। কিন্তু বাস্তৱতা হ’ল বিশেষ পুনৰীক্ষণৰ অন্তত প্ৰকাশিত খচৰা তালিকাখনো ত্ৰুটিপূৰ্ণ।

Recent News

পিতৃ আৰক্ষী বিষয়া, কন্যা অধিবক্তা  : খোদ কন্যাই আদালতত খাৰিজ কৰালে পিতৃৰ আদেশ

পিতৃ আৰক্ষী বিষয়া, কন্যা অধিবক্তা  : খোদ কন্যাই আদালতত খাৰিজ কৰালে পিতৃৰ আদেশ

দুগৰাকীকৈ বিয়া কৰায়ো দেখা নাই সন্তানৰ মুখ : কাজিয়া লাগি স্বামীৰ যৌনাংগ কাটিলে দ্বিতীয় পত্নীয়ে

দুগৰাকীকৈ বিয়া কৰায়ো দেখা নাই সন্তানৰ মুখ : কাজিয়া লাগি স্বামীৰ যৌনাংগ কাটিলে দ্বিতীয় পত্নীয়ে

ৰাষ্ট্ৰীয় ঘাইপথৰ যানজঁটে ল’লে প্ৰাণ! এম্বুলেন্সতেই যন্ত্ৰণাময় মৃত্যু আহত মহিলাৰ

ৰাষ্ট্ৰীয় ঘাইপথৰ যানজঁটে ল’লে প্ৰাণ! এম্বুলেন্সতেই যন্ত্ৰণাময় মৃত্যু আহত মহিলাৰ

একত্ৰিত হৈছে বাঁও দলসমূহ! ৰাজ্যজুৰি জনমত গঠন কৰিবলৈ যৌথভাৱে কাম কৰিব বাঁওপন্থী দলসমূহে

একত্ৰিত হৈছে বাঁও দলসমূহ! ৰাজ্যজুৰি জনমত গঠন কৰিবলৈ যৌথভাৱে কাম কৰিব বাঁওপন্থী দলসমূহে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd