• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ট্ৰাম্পৰ শুল্কৰ জাল ফালি ওলোৱাৰ উপায় কি? কি ক’লে নোবেল বিজয়ী অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীয়ে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 12, 2025 9:36 am
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ কাৰণে ভাৰতীয় ৰপ্তানিৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে ড’নাল্ড ট্ৰাম্পে। ফলত ভাৰতীয় ৰপ্তানিৰ ওপৰত আমেৰিকাৰ আমদানি শুল্ক ৫০ শতাংশলৈ বৃদ্ধি পাইছে।

ৱাশ্বিংটনে ব্ৰাজিলৰ বাহিৰে বিশ্বৰ আন কোনো দেশৰ ওপৰত ইমান বেছি আমদানি শুল্ক আৰোপ কৰা নাই। ৰাছিয়াৰ পৰা এই উচ্চ হাৰত সস্তা তেল আমদানি কৰাটো সঠিক হৈছে নে নাই সেই বিষয়ে ভাৰত চৰকাৰক পৰামৰ্শ দিছে নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীয়ে?

Apply Now

সোমবাৰে হাৰিয়ানাৰ গুৰুগ্ৰামস্থিত বিএমএল মুঞ্জাল বিশ্ববিদ্যালয়ত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীয়ে। তাত তেওঁ সংবাদ সংস্থা পিটিআইৰ আগত কয় যে নতুন দিল্লীয়ে ভাৰতীয় সামগ্ৰীৰ বাবে আমেৰিকাৰ বজাৰ পৰিত্যাগ কৰি ৰাছিয়াৰ পৰা সস্তা তেল ক্ৰয় কৰাটো সঠিক নে সেই বিষয়ে ভালদৰে চিন্তা কৰা উচিত।

নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদগৰাকীয়ে কয় যে, “আমাৰ বাবে ৰাছিয়াৰ তেল আমদানি কিমান মূল্যৱান সেই বিষয়ে আমি গভীৰভাৱে চিন্তা কৰিব লাগিব। ইয়াৰ পিছত আমেৰিকাক সোধা উচিত যে আমি যদি ৰাছিয়াৰ তেল আমদানি বন্ধ কৰি দিওঁ, তেন্তে তেওঁলোকে শুল্ক প্ৰত্যাহাৰ কৰিবনে?”

অভিজিৎ বেনাৰ্জীয়ে লগতে কয় যে ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ পিছত ভাৰতৰ কেইবাটাও সামগ্ৰীয়ে মূল্যৰ ক্ষেত্ৰত আন দেশৰ সামগ্ৰীৰ সৈতে প্ৰতিযোগিতা কৰিব পৰা অৱস্থাত নাই। ইতিমধ্যে আমেৰিকাৰ বজাৰত এই সামগ্ৰীসমূহৰ দাম বৃদ্ধি পাইছে আৰু আমেৰিকানসকলে ভাৰতীয় সামগ্ৰীতকৈ আন দেশৰ পৰা ৰপ্তানি কৰা একেখিনি সামগ্ৰী সস্তাতে ক্ৰয় কৰাৰ প্ৰৱণতা বাঢ়িব। এই সামগ্ৰীসমূহে আৰম্ভণিতে আমেৰিকাৰ বজাৰ হেৰুৱাই পেলাইছে। গতিকে এই খণ্ডসমূহৰ ওপৰত ২৫ শতাংশৰ পৰিৱৰ্তে ৫০ শতাংশ আমদানি শুল্ক আৰোপ কৰিলে লোকচান বৃদ্ধি নহয়।

যদিহে আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তি চূড়ান্ত কৰিব পৰা যায় তেন্তে এই আমদানি শুল্ক বহু পৰিমাণে হ্ৰাস কৰিব পৰা যাব। অৱশ্যে ৱাশ্বিংটনে ভাৰতীয় কৃষি আৰু দুগ্ধজাত সামগ্ৰীৰ বজাৰত অধিক প্ৰৱেশ বিচাৰিছে। নতুন দিল্লীয়ে সেই কথাত সন্মতি নিদিয়ে।

এই পৰিস্থিতিত আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তিৰ আলোচনাৰ মাজতে নোবেল বিজয়ীগৰাকীয়ে নতুন দিল্লীক এই আলোচনাত চীনক জড়িত কৰি বৃহৎ বাণিজ্যিক চুক্তিৰ কথা বিবেচনা কৰিবলৈ পৰামৰ্শ দিছে।

অভিজিতে কয়, “হয়তো আমি ইয়াক (ভাৰত-আমেৰিকাৰ বাণিজ্যিক আলোচনা) ভাৰত-চীন বাণিজ্যিক আলোচনাৰ সৈতে একত্ৰিত কৰা উচিত। মই ভাবো এতিয়া এই পদক্ষেপৰ বাবে অতি উত্তম সময়।”

বেনাৰ্জীয়ে কয় যে প্ৰয়োজন হ’লে ভাৰতে আছিয়ান বাণিজ্যিক গোটতো যোগদান কৰিব লাগে। তেওঁ কয়, ‘মই ভাবো আমি ইয়াক কৰাটো প্ৰয়োজন (আছিয়ান ট্ৰেড ব্লকত যোগদান কৰা)। কিন্তু মই ভাবো আছিয়ানতকৈ চীন বহুত বেছি গুৰুত্বপূৰ্ণ।”

ড’নাল্ড ট্ৰাম্পে ভাৰতীয় অৰ্থনীতিক “মৃত অৰ্থনীতি” বুলি অভিহিত কৰিছে। অভিজিৎ বেনাৰ্জীৰ মতে ঘৰুৱা অৰ্থনীতিৰ প্ৰতি সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। তেওঁৰ মতে, ভূ-ৰাজনৈতিক উত্তেজনা আৰু বাণিজ্যিক অনিশ্চয়তাৰ বাবে এই বছৰ ভাৰতীয় অৰ্থনীতিৰ বৃদ্ধিৰ সম্ভাৱনা তেওঁলোকে আশা কৰা ধৰণে ভাল নহ’ব। ব্যক্তিগত বিনিয়োগ হ্ৰাস পোৱাৰ লগতে মধ্যবিত্ত শ্ৰেণীৰ ওপৰত ক্ৰমাৎ বৃদ্ধি পোৱা আৰ্থিক চাপৰ কথাও তেওঁ উল্লেখ কৰে।

বেনাৰ্জীয়ে কয়, ‘টিচিএছৰ দৰে কোম্পানীয়ে নিযুক্তি দিয়া নাই। আইটি কৰ্মীৰ দৰমহা বৃদ্ধি হোৱা নাই। এইবোৰ সমস্যাৰ আমি মোকাবিলা কৰা নাই, আমি বহি আছো।”

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm
ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

June 8, 2026 8:15 pm
ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

June 8, 2026 8:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd