নিৰ্বাচন আয়োগৰ আপত্তিক গুৰুত্ব নিদিলে। ভোটাৰ তালিকাৰ পৰা বাদ পৰা ৬৫ লাখ ভোটাৰৰ নাম ৱেবছাইটত প্ৰকাশ কৰিবই লাগিব। তেওঁলোকৰ নাম বাদ পৰাৰ কাৰণো ৰাজহুৱা কৰিব লাগিব। নিৰ্বাচন আয়োগক স্পষ্ট নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।
বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত নতুন গোচৰ ৰুজু কৰিছে এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মে। গোচৰ তৰা সকলে দাবী কৰে যে নিৰ্বাচন আয়োগে বিহাৰত ৬৫ লাখ ভোটাৰৰ নাম বাদ দিয়া হৈছে বুলি কৈছে, কিন্তু তেওঁলোকৰ সন্দৰ্ভত কোনো সবিশেষ দিয়া হোৱা নাই।
অভিযোগকাৰীসকলৰ অধিবক্তা প্ৰশান্ত ভূষণে কয় যে, ‘৩২ লাখ ভোটাৰ স্থায়ীভাৱে আন ঠাইলৈ গুচি গৈছে বুলি দাবী কৰা হৈছে। এই সন্দৰ্ভত আন কোনো সবিশেষ দিয়া হোৱা নাই। তালিকাৰ বাহিৰত থকা ৬৫ লাখ ভোটাৰ কোন, কোনবোৰ লোক স্থায়ীভাৱে আঁতৰি গৈছে, কোন কোন মৃত এই সকলো তথ্য ৰাজহুৱা কৰা উচিত।’
১০ আগষ্টত এই গোচৰ চলাৰ সময়ত নিৰ্বাচন আয়োগে কৈছিল যে ভোটাৰ তালিকাৰ পৰা কাৰ নাম বাদ পৰিছে সেইটোৰ সুকীয়াভাৱে তালিকা প্ৰকাশ কৰাৰ কোনো নিয়ম নাই। আনকি নামবোৰ কিয় বাদ দিয়া হ’ল সেই কথাও জনাবলৈ তেওঁলোক বাধ্য নহয়।
নিৰ্বাচন আয়োগে কয় যে কাৰ নাম বাদ দিয়া হৈছে সেই তথ্য ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিক দিয়া হৈছে। আদালততো সেইটো দেখুৱাব পৰা যাব। কিন্তু বাদ পৰাসকলৰ তালিকা প্ৰকাশ কৰা বা পৃথক কৰাৰ কোনো নিয়ম নাই।
সেই বক্তব্যৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে কয়, “যেতিয়া বুথ পৰ্যায়ত বিএলঅ’সকলক তালিকাখন দিয়া হৈছে, তেতিয়া ৱেবছাইটত প্ৰকাশ কৰাত সমস্যা ক’ত?”
এক অন্তৱৰ্তীকালীন আদেশত উচ্চতম ন্যায়ালয়ে কয় যে ভোটাৰ তালিকাৰ পৰা বাদ পৰা ৬৫ লাখ লোকৰ নাম মঙলবাৰৰ ভিতৰত প্ৰকাশ কৰিব লাগিব। সেই অঞ্চলৰ বাদ পৰা সকলৰ তালিকা প্ৰতিজন ডি ই অ’ৰ ৱেবছাইটত প্ৰকাশ কৰিব লাগিব। কেৱল সেয়াই নহয়, কাৰণসহ বুথ-ভিত্তিক বাদ পৰা ভোটাৰৰ নাম প্ৰতিটো বিডিঅ’ৰ কাৰ্যালয়ৰ জাননী ফলকত প্ৰকাশ কৰিব লাগিব। যিসকলক বাদ দিয়া হৈছে তেওঁলোকে নিৰ্বাচন আয়োগৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই পুনৰীক্ষণ আবেদন দাখিল কৰিব পাৰিব।
তাৎপৰ্যপূৰ্ণভাৱে উচ্চতম ন্যায়ালয়ে কয় যে পৰ্যালোচনা আবেদনত আধাৰ কাৰ্ডো দিব পাৰিব। উচ্চতম ন্যায়ালয়ে কয়, “আধাৰ কাৰ্ড যদি কোনো নাগৰিকৰ বৈধ পৰিচয় পত্ৰ হয়, তেন্তে আধাৰ কাৰ্ড কিয় গ্ৰহণ কৰা নহ’ব?”