ৰজাৰ ফেডাৰেৰ আৰু ৰাফেল নাডালে ৪০ বছৰ সম্পূৰ্ণ কৰাৰ পূৰ্বে টেনিছ এৰিছে। ছেৰেনা উইলিয়ামছেও অৱসৰ লৈছে। কিন্তু ভেনাছ উইলিয়ামছক ৰখাব পৰা নাই। ৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিবলৈ আগবাঢ়িছে ছেৰেনাৰ জেষ্ঠ ভগ্নীয়ে। তেওঁ ইউ এছ অ’পেনত ‘ৱাইল্ড কাৰ্ড’ লাভ কৰিছে। কেৱল ছিংগলছ নহয়, ডাবলছতো খেলিব।
১৯৮১ চনত ৪৭ বছৰ বয়সত ইউ এছ অ’পেনত খেলিছিল ৰেনী ৰিচাৰ্ডছে। তেওঁৰ পিছত এই বয়সত ভেনাছে গ্ৰেণ্ড শ্লেম খেলিবলৈ ওলাইছে। ভেনাছে ৭ বাৰ গ্ৰেণ্ড শ্লেম জয় কৰিছে। ইয়াৰ ভিতৰত ২০০০ আৰু ২০০১ চনত ইউ এছ অ’পেনত জয়ী হোৱা ভেনাছে ভগ্নী ছেৰেনাৰ সৈতে ১৪টা ডাবলছত জয়লাভ কৰিছে। ইয়াৰ উপৰিও তেওঁৰ হাতত আছে দুটা মিক্সড ডাবলছ ট্ৰফী। ভেনাছে আমেৰিকান ৰাইলী অপেলকাৰ সৈতে ইউ এছ অ’পেনত ডাবলছ খেলিব।
ভেনাছে শেষবাৰৰ বাবে ২০২৩ চনত ইউ এছ অ’পেনত গ্ৰেণ্ড শ্লেমত খেলিছিল। প্ৰথম ৰাউণ্ডত পৰাস্ত হৈছিল। ২০১৯ চনৰ পৰা নিউয়ৰ্কত কোনো মেচত তেওঁ জয়ী হোৱা নাই। যোৱা মাহত ৱাশ্বিংটনত অনুষ্ঠিত হোৱা ডিচি অ’পেনত ভেনাছে খেলিছিল। তেওঁ কয়, “কিছুদিনৰ পাছত মই ক’ত থাকিম কোনেও নাজানে। হয়তো আৰু কিছু অপেক্ষা কৰি আছে। মই এতিয়াও আগৰ দৰে খেলিব পাৰো। হাৰ্ড শ্বটো মাৰিব পাৰো।”
যোৱা বছৰ ভেনাছৰ অস্ত্ৰোপচাৰ হৈছিল। সেইবাবেই তেওঁ ১৬ মাহ টেনিছৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল৷ তেওঁ ৱাশ্বিংটনত আটাইতকৈ বেছি বয়সত ট্যুৰ পৰ্যায়ৰ এখন মেচত জয়ী হয়। ২০০৪ চনত মাৰ্টিনা নাভ্ৰাটিলোভাৰ পিছত। ইটালীৰ অভিনেতা আন্দ্ৰেয়া পেট্টিৰ সৈতে এংগেজমেণ্ট হোৱাৰ পিছত তেওঁ শিৰোনাম দখল কৰিছিল। ভাল খেলাৰ বাবে ভেনাছ আশাবাদী।
ভেনাছে কয়, “ইমান দিনৰ পিছত সকলো যে ভাল হ’ব সেয়া নহয়। কিন্তু শাৰীৰিকভাৱে মই বহুত ভাল স্থানত আছো। চাৰিদিনত চাৰিখন মেচ খেলিছো। আশাকৰোঁ আৰু কিছু অপেক্ষা কৰি আছে।”