• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোকগীতৰ সাধক আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী ড০ ডলী দাসৰ দেহাবসান

এন ই নাও নিউজ by এন ই নাও নিউজ
December 14, 2017 12:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ওৰেতো জীৱন লোকসংগীতৰ সাধনা কৰি অহা শিল্পী ড০ ডলী দাস আৰু আমাৰ মাজত নাই। কালি পুৱতি নিশা ২:৩০ মান বজাত তেওঁ হৃদৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে পুত্ৰ মাধৱকৃষ্ণ দাসে মাতৃয়ে শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধাৰ সন্মুখীন হোৱাত তেওঁ ততাতৈয়াকৈ মাতৃক চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়। কিন্তু দুৰ্ভাগ্যজনক কথা যে চিকিৎসালয়ত লোকসংগীত শিল্পী গৰাকীয়ে মৃত্যুক সাবটি লয়।

উল্লেখযোগ্য যে ৪৪ বছৰ ধৰি লোকসংগীতৰ চৰ্চাত বৰ্তি থকা এই মহান শিল্পী গৰাকীয়ে লোকসংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অবদানৰ বাবে ২০১৪ চনত ওৰ্ৱল্ড ৰেকৰ্ড ইউনিভাৰচিটীয়ে ভিয়েটনামত অনুষ্ঠিত লোকসংগীত সন্মিলনত ডক্চৰেট ডিগ্ৰী প্ৰদান কৰিছিল। ইয়াৰ উপৰিও ৫৭১ গৰাকী শিল্পী দিহানাম পৰিবেশন আৰু লোকগীতৰ প্ৰশম মেমৰি কাৰ্ড প্ৰকাশ কৰি লোকগীতৰ সম্ৰাজ্ঞী ড০ ডলী দাসে ইণ্ডিয়া বুকচ অব ৰেকৰ্ডত মান অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছিল। জানিব পৰা মতে তেখেতে কামৰূপী ভাষাৰ লোকগীত আৰু অসমীয়া ভাষাৰ লোকগীত শীৰ্ষক গ্ৰাম’ফোন ৰেকৰ্ডত কন্ঠদান কৰিছিল। ১৯৫০ চনত ডিব্ৰুগড়ত জন্ম গ্ৰহণ কৰা ডলী দাসে ১৯৭৫ চনতে আকাশবাণীৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। তদুপৰি ২০০১ চনত আকাশবাণীয়ে তেখেতক হাইগ্ৰেড শিল্পী হিচাপে স্বীকৃতি প্ৰদান কৰাৰ লগতে কলকাতাৰ সৰ্বভাৰতীয় সংগীত আৰু সংস্কৃতি পৰিষদে লোকসংগীতৰ বিশাৰদ ডিগ্ৰী প্ৰদান কৰে। লক্ষণীয় যে ২০১১ চনত বুলগেৰিয়াত অনুষ্ঠিত হোৱা বিশ্ব সোকসংগীত প্ৰতিযোগিতাত তেওঁ স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও ২০১২ চনত তেওঁ নেপালত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় লোকসংগীত সমাৰোহত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিল। অসমীয়া লোকসংগীত জগতত একাদ্ৰিক্ৰমে ৪৪ বছৰ ধৰি ব্যস্ত থকা এইগৰাকী শিল্পীয়ে চলিত বৰ্ষত ৰাষ্ট্ৰপতি বঁটা পাবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও লোকশিল্পী গৰাকীয়ে অসমীয়া লোকসংগীক এক নতুন মাত্ৰা প্ৰদান কৰাৰ উদ্দেশ্যে অসমৰ বিভিন্ন ঠাইৰ লগতে অসমৰ বাহিৰতো বহুতো প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছিল। ইয়াৰ ভিতৰত দিল্লীৰ দ্বাৰকা আৰু আহমেদাবাদ অন্যতম।

Apply Now

প্ৰয়াত হিতেশ দাসৰ পত্নী ড০ ডলী দাসৰ মৃত্যুত ডিব্ৰুগড় অঞ্চলৰ লগতে সমগ্ৰ ৰাজ্যখনতে শোকাকুল পৰিবেশে বিৰাজ কৰিছে। সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাকে ধৰি ডিব্ৰুগড় প্ৰেছ ক্লাব, সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থা, চাউলখোৱা সংগীত মহাবিদ্যালয়, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, বিধায়ক ঋতুপৰ্ণ বৰুৱা আৰু বহু অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি আজি জকাইত স্বামী হিতেশ দাসৰ সমাধিস্থলীৰ কাষতে তেখেতৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰিব।

বিশিষ্ট লোকগীত শিল্পী ড০ ডলী দাসৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰি কয় যে জীৱন কালত একান্ত নিষ্ঠা আৰু গভীৰ একাগ্ৰতাৰে শিল্পী গৰাকীয়ে অসমীয়া সাংস্কৃতিক জগতলৈ যথেষ্ট অৱদান আগবঢ়াই গৈছে। তদুপৰি লোকগীতৰ মাধ্যমেৰে ৰাজ্যৰ সংগীতৰ ক্ষেত্ৰখনত তেওঁ অধিক প্ৰাণৱন্ত কৰি তুলিছিল। মুখ্যমন্ত্ৰী সোণোৱালে শিল্পী গৰাকীৰ চিৰশান্তি কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকবিহ্বল পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm
ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm
ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd