দিল্লীত পুনৰ সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। ঘৰৰ পৰা উদ্ধাৰ হৈছে এহাল আদবয়সীয়া দম্পতী আৰু তেওঁলোকৰ ২৪ বছৰীয়া পুত্ৰৰ ক্ষতবিক্ষত আৰু ৰক্তাক্ত মৃতদেহ। পৰিয়ালটোৰ আন এজন সদস্য সন্ধানহীন।
প্ৰাথমিক তদন্তত আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে ঘৰৰ সৰু পুত্ৰই পিতৃ, মাক আৰু ককায়েকক হত্যা কৰি আত্মগোপন কৰিছে।
দিল্লীৰ মৈদাংগাৰীৰ খৰাক গাঁৱত সংঘটিত হৈছে এই ঘটনা। বন্ধ ঘৰৰ পৰা পৰিয়ালৰ তিনিজন সদস্যৰ এনে ক্ষতবিক্ষত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত এক বৃহৎ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, বন্ধ ঘৰৰ পৰা দুৰ্গন্ধ শুনি চুবুৰীয়াই আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘৰৰ দুৱাৰ ভাঙি পেলোৱাত দুৱাৰৰ কাষতে মজিয়াত পৰি থকা ৫০ বছৰীয়া প্ৰেম সিং আৰু তেওঁৰ ২৪ বছৰীয়া পুত্ৰ ঋত্বিকৰ মৃতদেহ দেখিবলৈ পায়। ঘৰৰ দ্বিতীয় মহলাৰ পৰা ৪৫ বছৰীয়া ৰজনী সিঙৰ মৃতদেহো উদ্ধাৰ কৰে।
তিনিওটা মৃতদেহ ৰক্তাক্ত আৰু নিৰ্মমভাৱে ক্ষতবিক্ষত। স্থানীয় লোকে জনোৱা মতে, দম্পতীহালৰ কনিষ্ঠ পুত্ৰ সিদ্ধাৰ্থ সিংও তেওঁলোকৰ সৈতে বাস কৰিছিল। কিন্তু আৰক্ষীয়ে এতিয়াও সিদ্ধাৰ্থৰ কোনো সন্ধান পোৱা নাই।
মৃতদেহৰ অৱস্থাৰ পৰা অনুমান কৰা হৈছে যে প্ৰেম সিং, ঋত্বিক সিং আৰু ৰজনী সিঙক গোটেই শৰীৰত ছুৰীৰে আঘাত কৰাৰ পিছত ইটা-শিলেৰে একাধিকবাৰ থেতেলিয়াইছিল। তাৰমাজতে হাত মুখ বন্ধা অৱস্থাত উদ্ধাৰ হয় ৰজনীৰ মৃতদেহ।
মৃতদেহৰ কাষৰ পৰা ইটা আৰু শিলৰ টুকুৰা উদ্ধাৰ কৰা হৈছে। ফৰেনছিক বিভাগেও সেইবোৰৰ পৰা আঙুলিৰ ছাপ সংগ্ৰহৰ চেষ্টা চলাইছে। ফৰেনছিক বিষয়াসকলে ঘটনাস্থলীৰ পৰা বাকী নমুনাও সংগ্ৰহ কৰিছে। ঘৰটো ছীল কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
স্থানীয় সূত্ৰ অনুসৰি, সিদ্ধাৰ্থৰ মানসিক সমস্যা আছিল। ইয়াৰ বাবে তেওঁ যোৱা ১২ বছৰ ধৰি ইনষ্টিটিউট অৱ হিউমেন বিহেভিয়াৰ এণ্ড এলাইড চাইন্সেছ (আই এইচ বি এ এছ)ত চিকিৎসাধীন হৈ আছিল।
আৰক্ষীয়ে জনোৱা মতে, ঘৰৰ পৰা সিদ্ধাৰ্থ সিঙৰ কিছু প্ৰেছক্ৰিপচন উদ্ধাৰ কৰা হৈছে। সেই অনুসৰি সিদ্ধাৰ্থৰ অব্ছেছিভ কম্পলছিভ ডিছঅৰ্ডাৰৰ সমস্যা আছে। আৰক্ষীয়ে সন্দেহ কৰিছে যে তেওঁ পিতৃ, মাতৃ আৰু ককায়েকক হত্যা কৰি নিজকে আত্মগোপন কৰি ৰাখিছে।
স্থানীয় এজন ব্যক্তিৰ তথ্যই তেওঁলোকৰ ধাৰণাটোক আৰু অধিক শক্তিশালী কৰি তুলিছিল। ব্যক্তিজনে দাবী কৰে যে সিদ্ধাৰ্থই শেহতীয়াকৈ তেওঁক কৈছিল যে তেওঁ নিজৰ পিতৃ, মাতৃ আৰু ককায়েকক হত্যা কৰিছে। তেওঁ আৰু মৈদাংগৰীৰ ঘৰত নাথাকে। সন্দিগ্ধ সিদ্ধাৰ্থ সিঙৰ সন্ধান অব্যাহত আছে।