পুনৰ শ্ৰীলংকাত চীনৰ ভাৰত বিৰোধী ষড়যন্ত্ৰ! দ্বীপৰাষ্ট্ৰ খনত ক্ৰমান্বয়ে শক্তিশালী হৈ আহিছে চীনৰ শক্তি। ভাৰতৰ সমৰ্থক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ এই কথা অধিক স্পষ্ট কৰি তুলিছে।
তেওঁৰ গ্ৰেপ্তাৰৰ তথ্য পোহৰলৈ অহাৰ লগে লগে স্বাভাৱিকতে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে, চৰকাৰী সা-সম্পত্তিৰ অপব্যৱহাৰৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।
জানিব পৰা মতে, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হৈ থকাৰ সময়তে ২০২৩ চনত বিক্ৰমসিংহ তেওঁৰ পত্নীয়ে ব্ৰিটেইন ভ্ৰমণ কৰিছিল। অভিযোগ উত্থাপন হৈছে যে সেই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতিয়ে চৰকাৰী ধন ব্যক্তিগত কামত ব্যৱহাৰ কৰিছিল।
অভিযোগৰ ভিত্তিত শেহতীয়াকৈ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী আৰু তেওঁৰ পত্নীক সোধা-পোছা কৰা হৈছিল। ইয়াৰ পিছতে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়। জানিব পৰা মতে, অতি সোনকালে তেওঁলোকক কলম্বো আদালতৰ দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰা হ’ব।
২০২৩ চনত জি-৭৭ৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ বিক্ৰমসিংহ আৰু তেওঁৰ পত্নী মেট্ৰি ব্ৰিটেইনলৈ গৈছিল।এই ভ্ৰমণৰ সময়ত ৰানিলৰ পত্নীয়ে উলভাৰহামপটন বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। ইয়াৰ ফলত বিতৰ্কৰ সৃষ্টি হৈছিল। কিন্তু বিতৰ্কৰ সময়ত বিক্ৰমসিঙে কয় যে তেওঁৰ পত্নীৰ ভ্ৰমণ খৰচ চৰকাৰী পুঁজিত ব্যয় হোৱা নাছিল। ইয়াৰ পিছতে তেওঁৰ ৰাষ্ট্ৰপতি পদ বাতিল হোৱাৰ পিছতে এই বিষয়ত তদন্ত আৰম্ভ হয়।
তদন্তকাৰীয়ে দাবী কৰা মতে, সেই ভ্ৰমণৰ সময়ত তেওঁৰ পত্নীৰ খৰচ চৰকাৰী কোষাগাৰৰ পৰা বহন কৰা হৈছিল।
মন কৰিবলগীয়া যে ২০২২ চনত শ্ৰীলংকাত ভয়াৱহ ৰূপ ধাৰণ কৰা আৰ্থিক সংকটৰ বাবে তদানীন্তন ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্সই দেশ এৰি পলায়ন কৰিছিল। সেই কঠিন সময়ত বিক্ৰমসিংহই দেশৰ দায়িত্ব লৈছিল। ভাৰতৰ সহায়ত তেওঁ দেশক অৰ্থনৈতিক সংকটৰ পৰা উলিয়াই আনিছিল।
২০২২ চনৰ জুলাইৰ পৰা ২০২৪ চনৰ ছেপ্টেম্বৰ মাহলৈকে তেওঁ ক্ষমতাত আছিল। এই সময়ছোৱাত ভাৰত-শ্ৰীলংকাৰ সম্পৰ্কই এক নতুন মাত্ৰা লাভ কৰিছিল।