উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ জনাইছে যে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে মত প্ৰকাশৰ স্বাধীনতাক ঢাল হিচাপে ব্যৱহাৰ কৰি কন্টেন্ট সৃষ্টি কৰিব নোৱাৰিব। আদালতে মন্তব্য কৰিছে যে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে প্ৰায়েই বাণিজ্যিক উদ্দেশ্যৰে অনলাইন সামগ্ৰী তৈয়াৰ কৰে, সেয়েহে যদি কিবা বিষয়বস্তু ‘বাণিজ্যিক’ বা ‘নিষিদ্ধ’ প্ৰকাশৰ অন্তৰ্গত হয়, তেন্তে ইয়াৰ ক্ষেত্ৰত মত প্ৰকাশৰ স্বাধীনতা প্ৰযোজ্য নহ’ব।
শেহতীয়াকৈ ৰণবীৰ এলাহাবাদিয়াৰ এক অনলাইন অনুষ্ঠানক লৈ হোৱা বিতৰ্কৰ পটভূমিত উচ্চতোম ন্যায়ালয়ে এই ৰায় প্ৰদান কৰিছে। এই ঘটনাত ৰণবীৰৰ লগতে আন পাঁচজন নেট ইনফ্লুৱেন্সাৰ সময় ৰাইনা, বিপুল গোৱাল, বলৰাজ পৰমজিৎ সিং ঘাই, সোণালী ঠাকুৰ আৰু নিশান্ত জগদীশ তনৱাৰৰ বিৰুদ্ধেও গোচৰ ৰুজু হৈছিল। অভিযোগ আছিল যে তেওঁলোকে প্ৰতিবন্ধী ব্যক্তিসকলক ঠাট্টা-মস্কৰা কৰিছিল। ইতিমধ্যে তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ ওচৰত ক্ষমা বিচাৰিছে। আদালতে এইবাৰ স্পষ্টকৈ কৈছে যে কেৱল আদালতৰ আগত নহয়, নিজৰ ছ’চিয়েল মিডিয়া চেনেলৰ জৰিয়তে সাধাৰণ জনতাৰ ওচৰতো ক্ষমা খুজিব লাগিব।
ন্যায়াধীশ সূৰ্য কান্ত আৰু জয়মল্য বাগচিৰ বিচাৰপীঠে কৈছে, “নেটিজেনসকলে সীমা অতিক্ৰম কৰিলে হোৱা ক্ষতি একেই হ’ব লাগে। নহ’লে তেওঁলোকে ভাবিব যে কেৱল ক্ষমা খুজিলেই ৰক্ষা পাব।” লগতে আদালতে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক বিশেষভাৱে সক্ষম লোকসকলক সমাজৰ মূলধাৰালৈ আনিবলৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিৱৰণ শপতনামাৰ ৰূপত দাখিল কৰিবলৈ নিৰ্দেশ দিছে।
কেন্দ্ৰৰ হৈ এটৰ্নী জেনেৰেল আৰ ভেংকটাৰমণীয়ে আদালতক জনাইছে যে অনলাইন ভাষণৰ বাবে নিৰ্দেশনা নিৰ্ধাৰণৰ ক্ষেত্ৰত ইতিমধ্যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ক ধৰি সংশ্লিষ্ট পক্ষৰ সৈতে আলোচনা চলিছে যদিও বিষয়টো মত প্ৰকাশৰ স্বাধীনতাৰ সৈতে জড়িত, সেইবাবে অত্যন্ত সংবেদনশীলভাৱে বিবেচনা কৰিব লাগিব।
আদালতে স্পষ্টকৈ কৈছে, এখন ব্যৱহাৰিক নিৰ্দেশনা প্ৰয়োজন। নহ’লে যুৱ প্ৰজন্মৰ ইনফ্লুৱেন্সাৰে নিয়ম এৰাই চলা অব্যাহত ৰাখিব।