বুধবাৰে গোলাঘাটৰ বগীঢলা চাহ বাগিচাত সংঘটিত গুলীচালনাৰ ঘটনাক কেন্দ্ৰ কৰি আজি স্তব্ধ হৈ পৰে গোলাঘাটৰ জনজীৱন। চাহ বাগিচাখনৰ শ্ৰমিকৰ ওপৰত মালিক পক্ষই গুলী চালনা কৰাৰ প্ৰতিবাদত আজি আটছাই আহ্বান কৰা ১২ ঘন্টীয়া গোলাঘাট জিলা বন্ধ সৰ্বাত্মক ৰূপত পৰিলক্ষিত হয়। আজি পুৱাৰে পৰাই জিলাখনৰ বিভিন্ন স্থানৰ লগতে ফৰকাটিং, গৰঙা, মেৰাপানী আদি স্থানত দোকান পোহাৰ বন্ধ কৰি ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাবস্ত্য কৰে। লগতে গোলাঘাট জিলাৰ সমূহ চাহ বাগিচা বন্ধ ৰখাৰ কথাও ঘোষণা কৰে। সংগঠনটোৱে বগীঢলা বাগিচাৰ মালিক তথা অভিযুক্তদ্বয়ক উচিত শাস্তি প্ৰদানৰ দাবী জনোৱাৰ লগতে আহত সকলক ক্ষতিপূৰণৰ দাবী জনায়।
জানিব পৰা মতে বাগিচা কৰ্তৃপক্ষই শ্ৰমিক সকলক যোৱা ন মাহতকৈ অধিক সময়ৰ দৰমহা দিয়া নাছিল। পি এফ, গ্ৰেচুইটিও দিবলৈ বাকী আছিল। আনকি যোৱা বছৰৰ ২০ শতাংশ পূজাৰ বোনাচো শ্ৰমিকসকলক দিয়া নাছিল। এই সম্পৰ্কত যোৱা ১৮ নৱেম্বৰত ৩০০তকৈও অধিক শ্ৰমিকে বাগিচাখনৰ কাৰ্য্যালয় তথা মালিকপক্ষক ঘেৰাও কৰিছিল। ইয়াৰ ফলশ্ৰুতিতে গোলাঘাটৰ শ্ৰম আয়ুক্ত আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ উপস্থিতিত শ্ৰমিকসকলৰ তীব্ৰ প্ৰতিবাদত সেও মানি মালিকপক্ষই তেওঁলোকক ১২ ডিচেম্বৰৰ ভিতৰত ১৪ শতাংশ বোনাছ দিয়াৰ লিখিত প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেই সময়সীমা উকলি যোৱাত কালি কিছু সংখ্যক শ্ৰমিকে সমীৰ ৰয় আৰু সুধীৰ ৰয়ৰ লগত আলোচনাত মিলিত হৈ থকা সময়তে দুই পক্ষৰ মাজত কথাৰ কটাকটি হৈ ক্ৰমে হতাহতিৰ ৰূপ লয়। পৰিস্থিতিটোৰ বিষয়ে তৎক্ষণাত নুমলীগড় আৰক্ষীলৈ খবৰ দিয়া হয়। অলপ পিছতে নুমলীগড় আৰক্ষী আহি উপস্থিত হয় আৰু আৰক্ষী বিষয়াৰ উপস্থিতিতে মালিকদ্বয়ে শ্ৰমিকসকলৰ ওপৰত গুলী চালনা কৰে। এই গুলীচলনাত দহজনকৈ লোক আহত হৈছিল।এই ঘটনা সংঘটিত হোৱাৰ পিছত দুহেজাৰতকৈও অধিক শ্ৰমিক বাগিচাৰ কাৰ্য্যালয়ৰ সন্মুখত একত্ৰিত হৈ কাৰ্য্যালয় ঘেৰাও কৰিছিল।