মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। এখন ঘৰত জন্মদিনৰ পাৰ্টি চলি আছিল। আলহীৰে ভৰি আছিল ঘৰখন। বহু সময় নাথকিল এই আনন্দৰ সময়, হঠাৎ ভাঙি পৰিল ঘৰৰ এটা অংশ।
জানিব পৰা মতে, ভাছাইৰ নৰঙী পথৰ এটা চাৰি মহলীয়া ঘৰ ভাঙি যায়। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত অট্টালিকাটোৰ চতুৰ্থ মহলাত জন্মদিনৰ পাৰ্টি চলি আছিল। এতিয়ালৈকে এই দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হৈছে। কমেও ৯জন গুৰুতৰভাৱে আহত হৈছে। অৱশ্যে ধ্বংসাৱশেষৰ তলত আৰু কেইবাজনো লোক সোমাই আছে। তেওঁলোকক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে।
এই দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী ঘটনাস্থলীত উপস্থিত হয়। গোটেই নিশা ধ্বংসাৱশেষ আঁতৰাই জীৱিত লোকৰ সন্ধান কৰে উদ্ধাৰকাৰীৰ দলে। বুধবাৰে পুৱালৈ উদ্ধাৰৰ কাম অব্যাহত থাকে।
ভাছাই-বিৰাৰ চহৰ পৌৰ নিগমৰ এজন বিষয়াৰ মতে, “বুধবাৰে পুৱালৈকে ১১ জন লোকক উদ্ধাৰ কৰা হৈছে। ইয়াৰে এজন শিশুকে ধৰি দুজনৰ মৃত্যু হৈছে।