ব্যৰ্থ প্ৰেমৰ পৰা ঋণৰ বোজালৈকে মানুহে হাজাৰ কাৰণত আত্মহত্যা কৰে। কিন্তু কণীৰ জোলৰ বাবেও আত্মহত্যা কৰা হয়! এই ঘটনা সংঘটিত হৈছে সোমবাৰে ছত্তীশগড় জিলাৰ ধামটাৰী জিলাৰ ছিহাৱা থানাৰ অন্তৰ্গত শংকৰ গাঁৱত। আৰক্ষীয়ে জনোৱা মতে, স্থানীয় উৎসৱৰ আগদিনা পত্নীয়ে কণীৰ জোল ৰান্ধিব বিচৰা নাছিল। ইয়াৰ বাবেই এজন ৪০ বছৰীয়া যুৱকে গৌৰৱৰ বাবে ডিঙিত ৰছীৰে ওলমি আত্মহত্যা কৰে।
আৰক্ষীয়ে জনোৱা মতে, মৃত লোকজনৰ নাম টিকুৰাম সেন।ঘটনা সংঘটিত হোৱাৰ দিনা কণী কিনি ঘৰলৈ উভতি আহিছিল। পত্নীক কণীৰ জোল ৰান্ধিবলৈ ক’লে। অৱশ্যে মহিলাগৰাকীয়ে উৎসৱৰ আগদিনা ‘কৰু ভাট’ (এবিধ বিশেষ ধৰণৰ খাদ্য) খাব লাগিব বুলি অৱগত কৰে। যিহেতু পিছদিনা পানীবিহীন ব্ৰত থাকে। সেইবাবে মহিলাগৰাকীয়ে কণীৰ জোল ৰান্ধিব নোৱাৰো বুলি কয়। এই প্ৰত্যাখ্যান যুৱকজনে মানি ল’ব পৰা নাছিল। বিচলিত হৈ যুৱকজনে ঘৰৰ পৰা ওলাই গ’ল। কিছু সময়ৰ পাছতে টিকুৰামৰ মৃতদেহ ঘৰৰ সমীপৰ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়।
চত্তীশগড়ৰ বিবাহিতা মহিলাসকলে পৰম্পৰাগতভাৱে তীজ উৎসৱৰ প্ৰাকক্ষণত ‘কৰু ভাট’ খায়। স্বামীৰ দীৰ্ঘায়ু আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ পানীবিহীন উপবাস পালন কৰাৰ আগতে এই খাদ্য খোৱাৰ প্ৰথা। ইয়াৰ ভিতৰত কৰালাৰ পৰা তৈয়াৰী খাদ্যও অন্তৰ্ভুক্ত। আৰক্ষীয়ে জনোৱা মতে, মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আত্মহত্যাৰ সঠিক কাৰণ নিশ্চিত কৰিবলৈ তদন্ত অব্যাহত আছে।