• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘সিহঁতেই মোক…’ ৰাস্তাৰ কুকুৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 31, 2025 12:27 pm
52
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা ৰায়দানে তেওঁক জনসাধাৰণৰ মাজত বিখ্যাত কৰি তুলিছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথে নিজেই এই কথা কৈছে। তেওঁৰ ভাষাত, ‘ৰাস্তাৰ কুকুৰৰ ৰায়দানে মোক সমগ্ৰ বিশ্বৰ নাগৰিক সমাজত বিখ্যাত কৰি তুলিছে!’

উল্লেখ্য যে, আদালত কক্ষৰ ভিতৰে-বাহিৰে লঘু ঠাট্টা-বিদ্ৰুপৰ বাবে ন্যায়াধীশগৰাকীৰ ভাল নাম আছে। সেইদৰে তেওঁক ৰাস্তাৰ অঘৰী কুকুৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা দেখা গ’ল।

Apply Now

প্ৰসংগক্ৰমে ১১ আগষ্টত উচ্চতম ন্যায়ালয়ৰ দুজনীয়া ন্যায়াধীশৰ খণ্ড বিচাৰপীঠে ৰায় দিছিল যে দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত অঘৰী কুকুৰবোৰক বাহিৰলৈ ওলাবলৈ দিয়া উচিত নহয়। এই ৰায় ৰাজহুৱা হোৱাৰ পিছত নাগৰিক সমাজত হুলস্থুলৰ সৃষ্টি হয়। পশুপ্ৰেমীয়ে ৰাজপথলৈ ওলাই আহি আন্দোলন আৰম্ভ কৰে।

ইয়াৰ পিছতে গোচৰটো তিনিজনীয়া বিশেষ বিভাগীয় বিচাৰপীঠলৈ যায়। এই বিভাগীয় বিচাৰপীঠৰ মুৰব্বী আছিল ন্যায়াধীশ বিক্ৰম নাথ। ২২ আগষ্টত তেওঁৰ বিচাৰপীঠে ১১ আগষ্টৰ ৰায়টো সংশোধন কৰে।

শেহতীয়াকৈ কেৰালাৰ তিৰুৱনন্তপুৰমত মানৱ-বন্যপ্ৰাণী সংঘাতৰ ওপৰত এখন আঞ্চলিক সন্মিলনৰ আয়োজন কৰা হৈছিল। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণে আয়োজন কৰা সন্মিলনত ভাষণ দি ন্যায়াধীশ নাথে এই বিষয়টো উত্থাপন কৰে। তাত তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ বিষয়েও কয়। ন্যায়াধীশ নাথে এই গোচৰটো তেওঁৰ বিচাৰপীঠত দিয়াৰ বাবে মুখ্য ন্যায়াধীশগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। ২০২৭ চনত ন্যায়াধীশ বিক্ৰম নাথ দেশৰ মুখ্য ন্যায়াধীশ হোৱাৰ সম্ভাৱনা আছে।

তেওঁ কয়, ‘বহুদিন ধৰি আইনী জগতত মই মোৰ অদ্ভুত কামৰ বাবে পৰিচিত হৈ আহিছো। কিন্তু মই অঘৰী কুকুৰবোৰৰ প্ৰতিও কৃতজ্ঞ। কাৰণ সিহঁতে মোক কেৱল এইখন দেশতে নহয় সমগ্ৰ বিশ্বৰ নাগৰিক সমাজত স্বীকৃতি দিছে। আমাৰ মুখ্য ন্যায়াধীশৰ ওচৰতো মই কৃতজ্ঞ, কাৰণ তেওঁ মোক এই গোচৰটোৰ দায়িত্ব দিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

July 3, 2026 9:08 am
গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

July 3, 2026 8:09 am
৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

July 3, 2026 7:05 am
কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

July 3, 2026 9:08 am
গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

July 3, 2026 8:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd