দিনৰ দুপৰতে এক চাঞ্চল্যকৰ ঘটনা। ধৰ্ষণৰ অভিযোগত অভিযুক্ত বিধায়কগৰাকীয়ে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে। কেৱল সাৰেসুৰে পলায়ন কৰা নহয়, আৰক্ষীক দেখুৱাই গুলী ফুটাই ফুটাই পলাই যায়।
অভিযুক্ত বিধায়ক আৰু তেওঁৰ সহযোগীসকলক বিচাৰি উলিয়াবলৈ আৰম্ভ কৰা হৈছে এক অভিযান। আৰক্ষীয়ে এখন স্ক’ৰপিঅ’ আৰু এখন ফৰ্চুনাৰ গাড়ীৰো সন্ধান চলাইছে।
পঞ্জাৱৰ ছানুৰৰ পৰা বিধায়ক হৰমীত পাথানমাজৰা। তেওঁ আম আদমী পাৰ্টিৰ নিৰ্বাচিত সদস্য। মঙলবাৰে পুৱা ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ কৰে তেওঁক। স্থানীয় থানালৈ যোৱাৰ পথত হৰমীতৰ সহযোগীয়ে আৰক্ষীক দেখি গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। হৰমীতে নিজেও আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰে। এজন আৰক্ষীয়ে তেওঁক ৰখাবলৈ চেষ্টা কৰাত দুখন এছ ইউ ভি গাড়ীয়ে তেওঁক খুন্দিয়াই থৈ গুচি যায়।
ফৰ্চুনাৰ গাড়ীখনৰ গতিবিধি আৰক্ষীৰ ৰাডাৰত ধৰা পৰিছে যদিও বিধায়ক হৰমীতৰ কোনো সন্ধান পোৱা নাই। স্ক’ৰপিঅ’ গাড়ীখনৰ কোনো শুংসূত্ৰ নাই। জানিব পৰা মতে আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰিছে।
হৰমীতৰ বিৰুদ্ধে ধৰ্ষণ, প্ৰতাৰণা, অপৰাধমূলক ভাবুকি আদি ঘটনাৰ গোচৰ আছে। শেহতীয়াকৈ এগৰাকী মহিলাই তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে। তেওঁ জনায় যে হৰমীতে নিজকে বিবাহ বিচ্ছেদ হোৱা বুলি পৰিচয় দিছিল। দুয়োৰে মাজত এক সম্পৰ্ক গঢ় লৈ উঠে। বিধায়কগৰাকীয়ে তেওঁৰ পৰা যৌন সুবিধা ভোগ কৰে। তেওঁক ভাবুকি দি লেতেৰা মেছেজ পঠিয়াবলৈ ধৰে।
এফ আই আৰত উল্লেখ আছে যে ৪৫ বছৰীয়া মহিলাগৰাকীৰ বিবাহ বিচ্ছেদ হৈছে। এগৰাকী কন্যা বিদেশত থাকে। ২০১৩ চনত হৰমীতৰ সৈতে সম্পৰ্ক হয়। ২০২১ চনত লুধিয়ানাৰ এটা গুৰুদ্বাৰাত বিয়াও হৈছিল। কিন্তু ২০২২ চনত যেতিয়া গুৰমীতে ছানৌৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল তেতিয়া তেওঁ নিৰ্বাচনী শপতনামাত প্ৰথম পত্নীৰ নাম লিখিছিল। ইয়াৰ ফলত দুয়োৰে মাজত সংঘাতৰ সৃষ্টি হয়। মহিলাগৰাকীয়ে হৰমীতক বিবাহ বিচ্ছেদ কৰিবলৈ হেঁচা দিবলৈ ধৰে।
বহুদিন ধৰি বাতৰিৰ শিৰোনাম দখল কৰিছে হৰমীতে। পঞ্জাৱৰ বানপানী চম্ভালাক লৈ ৰাজ্যখনৰ নিজৰ চৰকাৰখনকে সমালোচনা কৰে। এফআইআৰ দাখিল কৰাৰ পিছত মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানকো তীব্ৰ আক্ৰমণ কৰে।
ফেচবুক লাইভত তেওঁ দাবী কৰে যে দিল্লীৰ আপ নেতৃত্বই পঞ্জাৱত অবৈধভাৱে চৰকাৰ চলাই আছে। হৰমীতে দাবী কৰে যে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলি আছে। যিমানেই এফ আই আৰ দাখিল নহওক কিয়, তেওঁ মনে মনে নাথাকে।
দলটোক সমালোচনা কৰাৰ বাবে তেওঁৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰা বুলি দাবী কৰে হৰমীতে। তেওঁক এনেকৈ ভয় খুৱাব নোৱাৰে বুলিও জনাই দিয়ে। আৰু তাৰ পিছতে ঘটিছে এই ঘটনা।