অসমৰ ৰংমালিত পোহৰলৈ আহিছে এক দুখজনক ঘটনা। যি সময়ত চৰকাৰে স্মৰ্ট চিটি, ডিজিটেল ইণ্ডিয়াৰ কথা কয়, সেই দেশৰে গুৱহটীৰ পৰা নাতিদূৰত অৱস্থিত ৰাণী আৰু গড়ভংগা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ ৰংমালি গাঁওখনে দেখা নাই উন্নয়নৰ পোহোৰ পৰা নাই। এতিয়াও গাঁৱৰ ৰাস্তাৰ দুৰ্বল অৱস্থাৰ বাবে এগৰাকী ২৭ বছৰীয়া গৰ্ভৱতী মহিলাক বাঁহৰ চাঙিত প্রায় ৭ কিলোমিটাৰ কঢ়িয়াই চিকিৎসালয়লৈ নিবলগীয়া হয়। ৰাণী আৰু গড়ভংগা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ ৰংমালিৰ পখিলা ৰংপিক শনিবাৰে প্ৰসৱ যন্ত্ৰণা আৰম্ভ হয়। কিন্তু ধাৰাসাৰ বৰষুণ আৰু কদৰ্যময় পথৰ বাবে কোনো বাহন গাঁওলৈ প্ৰবেশ কৰিব নোৱাৰা পৰিস্থিতি সৃষ্টি হয়।
অবশেষত পৰিয়াল আৰু স্থানীয় ৰাইজে বাঁহৰ চাঙিত নিৰ্মাণ কৰি তেওঁক গড়ভংগালৈ কঢ়িয়াই লৈ যায়। তাত এখন পিকআপ বাহনে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (জিএমচিএইচ)লৈ লৈ যায়। চিকিৎসকে নিশ্চিত কৰিছে, মাতৃ আৰু নবজাতক দুয়ো নিৰাপদ।
এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিছে যে অসম-মেঘালয় সীমান্তৰ বহু গাঁও এতিয়াও আধুনিক পথসংযোগৰ পৰা বঞ্চিত। গাঁওবসীয়ে হতাশা প্ৰকাশ কৰি কয়, এনে পৰিস্থিতিয়ে চৰকাৰৰ উন্নয়নৰ দাবী আৰু বাস্তৱৰ মাজৰ গভীৰ পাৰ্থক্য উন্মোচিত কৰিছে।