এগৰাকী মহিলাৰ আপত্তিজনক ভিডিঅ’ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে এজন বিমান পাইলটৰ বিৰুদ্ধে। অভিযোগ অনুসৰি মহিলাগৰাকীৰ অনুমতি অবিহনে চোৰাংচোৱা কেমেৰাত ভিডিঅ’ কৰি আছিল পাইলটে।
বিষয়টোৰ বিষয়ে জানিবলৈ অহাৰ পিছত মহিলাগৰাকীয়ে আপত্তি কৰি আৰক্ষীৰ কাষ চাপিছিল। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত পাইলটজনক। জানিব পৰা মতে অভিযুক্ত মোহিত প্ৰিয়দৰ্শী ব্যক্তিগত কোম্পানীৰ পাইলট। ৩১ বছৰীয়া যুৱকজন আগ্ৰাৰ চিভিল লাইনছৰ বাসিন্দা।
অৱশ্যে বিমানত এই ঘটনা সংঘটিত হোৱা নাছিল। দিল্লীৰ সমীপৰ কিষানগড় নামৰ এখন গাঁৱত সংঘটিত হৈছে এই ঘটনা। মহিলাগৰাকীয়ে ৩০ আগষ্টৰ নিশা ১০ বজাৰ পিছত কিষানগড় গাঁৱৰ এখন বজাৰলৈ যোৱা বুলি আৰক্ষীক অভিযোগ কৰে। তাত এজন লোকে গোপনে তেওঁৰ চিত্ৰগ্ৰহণ কৰা দেখা পায়। কেমেৰাটো যে মানুহজনৰ লাইটাৰত লুকুৱাই থোৱা আছে সেই কথাও মহিলাগৰাকীয়ে বুজিব পাৰে। ইয়াৰ পিছতে মহিলাগৰাকীয়ে কিষানগড় আৰক্ষী থানাত সমগ্ৰ বিষয়টো অৱগত কৰি পাইলটৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
আৰক্ষীয়ে তদন্তৰ অন্তত অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰে। তাৰ পিছতে অভিযুক্ত পাইলটৰ ছবি ৰাজহুৱা কৰা হয়। স্থানীয় ৰাইজৰ সৈতে সোধা-পোছা কৰাৰ পিছত আৰু গোচৰীয়াৰ সহায়ত আৰক্ষীয়ে পাইলট মোহিত প্ৰিয়দৰ্শীক গ্ৰেপ্তাৰ কৰে।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, ঘটনাৰ সত্যতা স্বীকাৰ কৰিছে অভিযুক্তই। অৱশ্যে মোহিতে কিয় এনে ঘটনা সংঘটিত কৰিলে সেই সন্দৰ্ভত মুখ খোলা নাই।