তীব্ৰ গণবিক্ষোভ, ৰক্তাক্ত সংঘৰ্ষ আৰু ব্যাপক চাপৰ পিছত অৱশেষত কে পি শৰ্মা অলি নেতৃত্বাধীন নেপাল চৰকাৰে ছ’চিয়েল মিডিয়া নিষেধাজ্ঞা উঠাই দিলে। সোমবাৰে নিশা কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়। নেপালত ফেচবুক, এক্স, হোৱাটছএপ, ইউটিউবকে ধৰি ২৬টা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম পুনৰ আৰম্ভ হৈছে।
তিনিদিন পূৰ্বে নেপাল চৰকাৰে এই প্লেটফৰ্মসমূহৰ পঞ্জীয়নৰ নিৰ্দেশ দিছিল। সময়সীমা শেষ হ’লেও কোনো সংগঠনে আবেদন নকৰাত নিষেধাজ্ঞা জাৰি কৰা হয়। ইয়াৰ প্ৰতিবাদত দেশৰ যুৱসমাজে আন্দোলন আৰম্ভ কৰে। ক্ৰমান্বয়ে ই এক বৃহৎ গণবিক্ষোভলৈ পৰিণত হয়।
কাঠমাণ্ডুকে ধৰি বিভিন্ন চহৰৰ সংসদ ভৱনৰ সন্মুখত সমবেত হয় হাজাৰ হাজাৰ যুৱক-যুৱতী। স্কুল কলেজৰ ইউনিফৰ্ম পিন্ধা ছাত্ৰ-ছাত্ৰীৰ ভিৰত ভাঙি যায় আৰক্ষীৰ বেৰিকেড। কেইবাটাও স্থানত অগ্নিসংযোগ কৰা হয়।
এই সংঘৰ্ষত এতিয়ালৈকে ১৯ জন লোক নিহত হোৱাৰ লগতে ৩০০ৰো অধিক লোক আহত হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কাঠমাণ্ডুত সেনা মোতায়েন কৰিবলগীয়া হয়। আৰক্ষীৰ গুলীচালনাক লৈ পদত্যাগ কৰিছে গৃহমন্ত্ৰী ৰমেশ লখকাৰে।
উত্তেজনাৰ মাজতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী পৃথ্বী চুব্বা গুৰুঙে কয়, “চৰকাৰে নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে। আশা কৰিছো এইবাৰ প্ৰতিবাদকাৰীসকল ঘৰলৈ উভতি যাব।” কিন্তু প্ৰতিবাদকাৰীসকলে কয় যে এই প্ৰতিবাদ কেৱল ছ’চিয়েল মিডিয়াৰ বিৰুদ্ধে নহয়, দুৰ্নীতি আৰু নীতিহীন শাসনৰ বিৰুদ্ধেও। তেওঁলোকৰ শ্লোগান হৈছে “ছ’চিয়েল মিডিয়া নহয়, দুৰ্নীতি বন্ধ কৰক।”
সোমবাৰে প্ৰতিবাদকাৰীয়ে সংসদ চৌহদত প্ৰৱেশ কৰি এখন গেট ভাঙি জুই লগাই দিয়ে। অঞ্চলটো ক’লা ধোঁৱাই আৱৰি ধৰিছিল। বিশ্লেষকসকলে ইয়াক ‘জেন জেড বিপ্লৱ’ বা নেপালৰ নতুন প্ৰজন্মৰ নাগৰিক অধিকাৰ আন্দোলন বুলি অভিহিত কৰিছে। তেওঁলোকৰ মতে, অলি চৰকাৰৰ চেঞ্চৰশ্বিপৰ সিদ্ধান্তৰ জৰিয়তে দীৰ্ঘদিনীয়া ক্ষোভৰ বিস্ফোৰণ ঘটিছে। হোৱাটছএপ, লিংকডইন, ফেচবুকৰ দৰে সংস্থা অবিহনে বৰ্তমান যুগত জীৱন অস্থায়ী নহয় বুলি প্ৰতিবাদকাৰীসকলে বাৰ্তা প্ৰদান কৰে।
পৰিস্থিতি যদিও কিছু নিয়ন্ত্ৰণলৈ আহিছে, তথাপিও কাঠমাণ্ডুৰ ৰাজপথত অশান্তিৰ ছাপ দেখা গৈছে। মঙলবাৰে আৰু প্ৰতিবাদৰ আশংকা আছে বুলি কৰ্তৃপক্ষই ধাৰণা কৰিছে।