• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জনজাতীয় লোকক উচ্ছেদ কৰি জৈৱ বৈচিত্ৰ ধ্বংসেৰে কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰৰ অভিলাষী গ্ৰেট নিকোবৰ প্ৰকল্প

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 9, 2025 1:45 pm
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উন্নয়ন মানে ধ্বংশ নেকি? সচেতন নাগৰিকৰ মনত সম্প্ৰতি এই প্ৰশ্নই উদ্বেগৰ সৃষ্টি কৰিছে, কাৰণ ভাৰত চৰকাৰে গ্ৰহণ কৰা আন্তঃগাঁথনি উন্নয়নমূলক প্ৰকল্প সমূহে পৰিৱেশৰ ব্যাপক হাৰত অনিষ্ট সাধন কৰিছে। চৰকাৰৰ এনে স্থিতিয়ে বহনক্ষম উন্নয়নক নস্যাৎ কৰি আহিছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে পৰিৱেশৰ লগত সহৱস্থান কৰি পৰিৱেশ ধ্বংশ নকৰাকৈ দেশৰ আন্তঃগাঁথনি উন্নয়ন সম্ভৱ নহয় নেকি? নে চৰকাৰ তেনে সদিচ্ছা নাই?  এই প্ৰশ্ন অৱতাৰণা কৰাৰ মূলতে হৈছে শেহতীয়া কৈ চৰকাৰে গ্ৰহণ কৰা ৭২,০০০ কোটি টকাৰ গ্ৰেট নিকোবৰ দ্বীপৰ মেগা-আন্তঃগাঁথনি প্ৰকল্প। কেন্দ্ৰীয় চৰকাৰৰ এই অভিলাষী প্ৰকল্পই কেন্দ্ৰীয় শাসিত অঞ্চলটোত জৈৱবৈচিত্ৰ্ৰ তথা ঠাইখনৰ জনগাঁথনিৰ ওপৰত সাম্ভাব্য প্ৰাভাৱকৈলৈ সচেতন মহলে উদ্বেগ প্ৰকাশ কৰিছে।

কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে ৭২,০০০ কোটি টকাৰ গ্ৰেট নিকোবৰ দ্বীপৰ মেগা-আন্তঃগাঁথনি প্ৰকল্পটোক তীব্ৰ সমালোচনা কৰি ইয়াক থলুৱা জনজাতি বিপন্ন কৰা আৰু এক অনন্য পৰিৱেশ তন্ত্ৰ ধ্বংস কৰা ব্যৱস্থা বুলি অভিহিত কৰিছে। ৮ ছেপ্টেম্বৰত দ্য হিন্দুত প্ৰকাশিত এটা প্ৰবন্ধত ছোনিয়া গান্ধীয়ে চৰকাৰে আইনী প্ৰক্ৰিয়া আৰু জনজাতীয় অধিকাৰক আওকাণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

Apply Now

উল্লেখ্য যে আন্দামান আৰু নিকোবৰ দ্বীপ শৃংখলৰ দক্ষিণতম দ্বীপত আৰম্ভ হোৱা এই প্ৰকল্পত বিমানবন্দৰ, বন্দৰ আৰু চহৰৰ পৰিকল্পনা সন্নিবিষ্ট কৰিছে। ছোনিয়া গান্ধীয়ে মত পোষণ কৰিছে যে ইয়াৰ ফলত দ্বীপটোত বসবাস কৰা নিকোব’ৰী আৰু শ্ব’ম্পেন জনজাতিৰ প্ৰতি ভাবুকি আহিছে। ২০০৪ চনৰ ভাৰত মহাসাগৰৰ ছুনামীৰ বাবে নিকোবাৰীসকল স্থানচ্যুত হৈছিল আৰু এতিয়া তেওঁলোকৰ পূৰ্বপুৰুষৰ গাঁৱৰ পৰা স্থায়ীভাৱে উচ্ছেদিত হৈছে। বিশেষভাৱে দুৰ্বল জনজাতীয় গোট শ্ব’ম্পেনসকলে বনাঞ্চল ধ্বংস আৰু বাহিৰৰ মানুহৰ আগমনৰ বাবে নিজৰ বনাঞ্চল আৰু জীৱনশৈলী হেৰুৱাৰ আশংকা প্ৰকাশ কৰিছে।

চৰকাৰে বন অধিকাৰ আইন (২০০৬) আৰু ভূমি অধিগ্ৰহণ, পুনৰ্বাসন আৰু পুনৰ সংস্থাপন আইন (২০১৩)ৰ ন্যায্য ক্ষতিপূৰণ আৰু স্বচ্ছতাৰ অধিকাৰৰ দৰে আইন উলংঘাৰ অভিযোগো উত্থাপন কৰিছে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে।

ইয়াৰপৰি চৰকাৰে সামাজিক প্ৰভাৱ মূল্যায়নত জনজাতিসকলক অংশীদাৰ হিচাপে আওকাণ কৰাৰ লগতে ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগ আৰু গ্ৰেট নিকোবৰ আৰু লিটিল নিকোবৰ দ্বীপপুঞ্জৰ ট্ৰাইবেল কাউন্সিলৰ লগতো পৰামৰ্শ গ্ৰহণ কৰা নাছিল বুলি তেওঁ অভিযোগ উত্থাপন কৰিছে। পৰিষদৰ পৰাও হেঁচা প্ৰয়োগ কৰি  সন্মতি আদায় কৰা বুলিও মত পোষ্ণ কৰিছে। সেয়ে পিছলৈ সন্মতি পত্ৰ বাতিল কৰা হয়।

তেওঁ পৰিৱেশ সন্দৰ্ভত সকীয়াই দি যে এই প্ৰকল্পৰ ফলত দ্বীপটোৰ ১৫% মাটি নোহোৱা হৈ পৰিব। যাৰ ফলত বিৰল বৰ্ষাৰণ্যৰ পৰিৱেশ তন্ত্ৰৰ ৫৮ লাখ গছ-গছনি ক্ষতিগ্ৰস্ত হ’ব। অৱশ্যে চৰকাৰী হিচাপত এই সংখ্যা ৮.৫ লাখ গছ বুলি কোৱা হৈছে যদিও আচল পৰিসংখ্যা বহু বেছি। আৰু দ্বীপটোৰ পৰিৱেশ তন্ত্ৰৰ পৰা আঁতৰত থকা হাৰিয়ানাত ক্ষতিপূৰণমূলক বনানীকৰণৰ পৰিকল্পনা কৰা হৈছে যদিও সেই মাটিৰো এক চতুৰ্থাংশ খননৰ বাবে নিলাম কৰা হৈছে।

ইফালে বন্দৰ স্থাপনৰ স্থানো স্পৰ্শকাতৰ উপকূলীয় নিয়ন্ত্ৰণ মণ্ডল (চি আৰ জেড) ১এ অঞ্চলত পৰে, য’ত কাছ বাহ আৰু প্ৰবাল প্ৰাচীৰ আছে, য’ত নিৰ্মাণ নিষিদ্ধ। এখন চৰকাৰী কমিটীয়ে ইয়াক পুনৰ শ্রেণীভুক্ত কৰে যদিও প্রতিবেদন এতিয়াও গোপনে ৰাখিছে৷

বন্যপ্ৰাণী বিশেষজ্ঞসকলেও এই বৃ্হৎ প্ৰকল্পৰ পৰা কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ পৰিৱেশৰ ক্ষয় ক্ষতিৰ প্ৰতি আশংকা প্ৰকাশ কৰিছে। বিশেষ  কৈ নিকোবৰৰ দীঘল ঠেংযুক্ত মেকাকৰ দৰে প্ৰজাতিৰ ওপৰত ইয়াৰ প্ৰভাৱক লৈ উদ্বেগ প্ৰকাশ কৰিছে। লগতে তেওঁলকে জৈৱ বৈচিত্ৰ্যৰ জৰীপ ত্ৰুটিপূৰ্ণ আছিল, অফ-ছিজন বা হেঁচাত কৰা হৈছিল বুলিও মত প্ৰকাশ কৰিছে।

গান্ধীয়ে দ্বীপটোৰ ভূমিকম্পৰ ইতিহাস আৰু ২০০৪ চনৰ ছুনামীৰ কথা উল্লেখ কৰি ভূমিকম্পজনিত বিপদৰ কথাও আঙুলিয়াই দিয়ে, যাৰ ফলত ১৫ ফুট ভূমি ডুব গৈছিল। ২০২৫ চনৰ জুলাই মাহত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ৬.২ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হৈছিল।

এই প্ৰকল্পৰ বিৰোধিতা কৰি সংৰক্ষণবিদ আৰু জনজাতীয় গোটসমূহে এই কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ পৰিৱেশ আৰু মানৱ অধিকাৰক নস্যাত কৰি এই প্ৰকল্প হাতত লৈছে বুলি মত পোষণ কৰিছে। অৱশ্যে চৰকাৰে এই সন্দৰ্ভত এই পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd