• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 9, 2025 9:30 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰম্ভ কৰা “টেৰিফ যুদ্ধ”ই দেশৰ অৰ্থনীতিৰ ওপৰত ডাঙৰ প্ৰভাৱ পেলাইছে। অসমৰ দৰে ৰাজ্যৰ চাহ উদ্যোগত কাম কৰা সাধাৰণ শ্ৰমিকজনো ইয়াৰ বলি হ‘বলগীয়া হৈছে – এই মন্তব্য কৰিছে চি পি আই (এম)ৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক এম এ বেবীয়ে।

আজি গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ আয়োজন কৰা আলোচনা সভাত এই মন্তব্যৰ লগতে সাম্প্ৰতিক অৰ্থনৈতিক-ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কত বিস্তৃত ব্যাখ্যা দাঙি ধৰে। চি পি আই (এম)ৰ প্ৰয়াত সাধাৰণ সম্পাদক সীতাৰাম ইয়েচুৰীৰ সোঁ‌ৰণত “সাম্প্ৰতিক পৰিস্থিতি আৰু বাঁ‌ওপন্থীৰ ভুমিকা”  বিষয়ৰ ওপৰত আলোচনাত অংশ লৈ বেবীয়ে আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ লগতে দেশৰ পৰিস্থিতি সম্পৰ্কত বক্তব্য দাঙি ধৰে।

Apply Now

আলোচনা সভাৰ বিষয়বস্তু তুলি ধৰি চি পি আই(এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে দেশত গণতন্ত্ৰ থাকিবনে নাই সেই বিষয়ে উদ্বিগ্নতাৰ প্ৰকাশ কৰি কয়, অসমৰ মুখ্যমন্ত্ৰীজন সাম্প্ৰতিক ঘৃণা প্ৰচাৰৰ হোতা৷ চুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা আছে এনে সাংবিধানিক বিধান ভংগ কৰিলে পুলিছে স্বপ্ৰোণদিত ভাবে গোচৰ তৰিব লাগে। সেয়াটো কৰা নায়েই আমাৰ পাৰ্টিৰ পৰা লতাশিল থানাত গোচৰ তৰাৰ পিছতো কোনো ব্যাৱস্থা লোৱা নাই৷  গুৱাহাটী উচ্চ ন্যায়ালয়ত এই বিষয়ে আবেদন কৰাতো মৌন হৈ আছে৷”

তেওঁ কয়, “সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে ৰাজনৈতিক সাংস্কৃতিক সাংগঠনিক ভাবে মোকাবিলা কৰিবলৈঐকবদ্ধভাবে অহোপুৰুষাৰ্থ কৰিব লাগিব৷ দেশৰ এই বিপদৰ সময়ত সকলো গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ দল সংগঠন সকলোকে ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তুলিবলৈ তেওঁ আহ্বান জনায়৷’’

সাধাৰণ সম্পাদক হিচাপে প্ৰথম বাৰ অসমলৈ অহা বেবীয়ে বক্তব্য ৰাখি কয় যে- বিশ্ব, আমাৰ দেশ ,অসম সকলোৱে সোপন্থী অশুভ শক্তিৰ দ্বাৰা শোষিত বঞ্চিত হৈছে৷ আজি শ্ৰমজীৱী, কৃষক, ছাত্ৰ-যুৱ সকলোকে ঐকবদ্ধহৈ শোষণ বঞ্চনাৰ বিৰুদ্ধে আন্দোলন সংগ্ৰাম চলাই গৈছে। বিশ্বৰ প্ৰগতিবাদী শক্তিয়ে এই সোপন্থী  সাম্প্ৰতিক অপশক্তিক পৰাস্ত কৰিবই৷

সম্প্ৰতি সামাজ্যবাদৰ চূড়ামণি ডোনাল ট্ৰাম্পে ন্যস্তস্বাৰ্থৰে টেৰিফ যুদ্ধ ঘোষণা কৰিছে৷ ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল সস্তাতে কিনাৰ বাবে ভাৰতৰ  ৰপ্তানিৰ ওপৰত ৫০শতাংশ টেৰিফ  আৰোপ কৰিছে ৷ ইয়াৰ ফলত আমাৰ দেশৰ অসম, পশ্চিমবংগ আৰু কেৰেলাৰ চাহ ৰপ্তানি ক্ষতিৰ সমুখীন হৈছে ৷ কিউবাৰ ক্ষেত্ৰতো তাকে কৰা হৈছে৷ এফালে সিহঁতে মুক্ত বাণিজ্যৰ কথা কৈছে বাস্তৱত হৈছে  তাৰ ওলোটাটো ৷  মুক্ত বাণিজ্য সাম্ৰাজ্যবাদীৰ মুক্ত বাণিজ্যলৈ পৰ্যবসিত হৈছে ৷ ট্ৰামে নিজকে বিশ্বৰ ৰাষ্ট্ৰপতি বুলি নিজকে ভাবিছে  আমাৰ  প্ৰধানমন্ত্ৰীজনে নিজকে ভাৰতৰ ট্ৰাম্পৰ দৰে আচৰণ কৰিছে৷ এনে ঔদ্ধত্যৰ বিৰুদ্ধে শোষিত বঞ্চিতসকলৰ শক্তিশালী প্ৰতিৰোধ আন্দোলন গঢ়িবৰ বাবে আমাৰ সৰ্বশক্তি নিয়োজিত কৰিব লাগিব৷ আৰ এছ এছৰ শতবৰ্ষৰ সময়ত মোদী চৰকাৰে হিন্দুত্ববাদী সকলৰ ক্ষিপ্ৰতাৰে কাৰ্যসূচী ৰূপায়িত কৰিবৈ উঠিপৰি লাগিছে৷  আৰ এছ এছৰ প্ৰধান মোহন ভাগবতে ভাবুকি দি মুছলমান ধৰ্মনেতাসকলক ভাৰতত থাকিবলৈ হ’লে কাশী মথুৰাৰ মছজিদ এৰি দিবলৈ পৰামৰ্শ (আল্টিমেটাম) দিছে৷ বাংলাভাষী মুছলমান সকলক গাৰ জোৰেৰে নি সীমান্তৰ সিপাৰে ঠেলি পঠিওৱাৰ দৰে বেআইনী অমানৱীয় দুষ্কাৰ্য কৰা হৈছে৷

তেওঁ আৰু কয় যে বিজেপি দলে ভাৰতৰ সবাতোকৈ দুৰ্নীতি পৰায়ণ বুলি অভিযোগ কৰা ব্যক্তিজনক বিজেপিয়ে মুখ্যমন্ত্ৰী পাতিছে৷ যিজনে এতিয়া দুৰ্নীতিৰ চূড়ামণি হৈ পৰিছে৷ এই সময়ত অসম, বংগ, বিহাৰ আদি ৰাজ্যৰ পৰা বাংলাভাষী মুছলমানসকলক বংগোপ সাগৰত পেলাই দিয়াৰ কথা কোৱা হৈছে ৷ আমি এনে অমানৱীয় আচৰণৰ বিৰুদ্ধে  নিৰ্যাতিত সকলৰ কাষত থিয় হৈ তেওঁৰলোকৰ বৈধ অধিকাৰৰ বাবে সংগঠিত কৰিব লাগিব৷ গুৱাহাটীৰ জিলা পুথি ভৰাঁল প্ৰেক্ষাগৃহ ভৰি পৰা আলোচন সভাখনৰ সঞ্চালক পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ সদস্য  ইচফাকুৰ ৰহমানে শেহতীয়াকৈ সম্পূৰ্ণ সাম্প্ৰদায়িক দৃষ্টিৰে অবৈধ বিদেশীক স্বদেশীকৰা আইনৰ দ্বাৰা অসম চুক্তিৰ অবৈধ বিদেশী নাগৰিক চিনাক্ত কৰা সীমা ‘কা‘ আইনৰ ২০১৪ চন চেৰাই আৰু দহবচৰ পিছুৱাই  ২০২৫ কৰা সৰ্বনশীয়া নীতিৰ বিৰুদ্ধে প্ৰবল জনমত গঢ়ি তোলাৰ বাবে আহ্বান জনায়৷

আজিৰ অনুষ্ঠানতে “www.lyricsofbhupenda.in” নামেৰে ভূপেন হাজৰিকাৰ প্ৰায়সংখ্যক অসমীয়া  আৰু কিছু বাংলা আৰু হিন্দী গীতৰ কথা সহজতে বিচাৰি পোৱাকৈ এক ৱেবচাইট মুকলি কৰে চি পি আই (এম)-ৰ সাধাৰণ সম্পাদক এম এ বেবীয়ে। উল্লেখ্য যে এই  ৱেবছাইট প্ৰস্তুত কৰি উলিয়াইছে উত্তৰ-পূৱ পাৰ্বত্য বিশ্ববিদ্যালয়ৰ দুই গৱেষক  ছাত্ৰ ক্ৰমে আশীষ শৰ্মা আৰু সুস্মিত ইচ্‌ফাকে। ৱেবছাইট প্ৰস্তুতকাৰী ছাত্ৰদ্বয়ৰ অনুৰোধ মৰ্মে আজিৰ অনুষ্ঠানটোতে তেখেতে এই ৱেবছাইটটি মুকলি কৰে।

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতি বিশেষ শ্ৰদ্ধাঞ্জলি

জিলা পুথিভঁৰালৰ আলোচনা সভাৰ আৰম্ভণিতে দীঘলীপুখুৰী পাৰত থকা সুধাকণ্ঠৰ প্ৰতিমূৰ্তিৰ কাষত তেখেতৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে আঁ‌ত ধৰা অনুষ্ঠানটোত প্ৰথমতেই ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি মাল্যদান কৰি শ্ৰদ্ধা জনায় পাৰ্টিৰ সাধাৰণ সম্পাদক তথা কেৰালাৰ প্ৰাক্তন শিক্ষা আৰু সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী এম এ বেবীয়ে। উল্লেখনীয় যে দেশ তথা বিভিন্ন ৰাজ্যৰ সাংস্কৃতিক জগতখনৰ সম্পৰ্কত বিশেষ দখল থকা বেবী ড° ভূপেন হাজৰিকাকো ওচৰৰ পৰা পাইছে আৰু তেওঁ কালজয়ী গীতসমূহৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। পুষ্পমাল্য নিবেদন কৰাৰ পিছতে ড° ভূপেন হাজৰিকাৰ সৃষ্টি আৰু সেই সময়ৰ সাংস্কৃতিক দিশসমূহৰ বিষয়ে তুলি ধৰে। অনুষ্ঠানত চি পি আই (এম)ৰ জ্যেষ্ঠ নেতা প্ৰাক্তন বিধায়ক হেমেন দাস, প্ৰাক্তন সাংসদ উদ্ধব বৰ্মন, প্ৰাক্তন ৰাজ্যিক সম্পাদক দেবেন ভট্টাচাৰ্য, বিধায়ক মনোৰঞ্জন তালুকদাৰ, কেন্দ্ৰীয় কমিটিৰ সদস্য ইচফাকুৰ ৰহমানৰ লগতে সাত শতাধিক চি পি আই (এম) দলৰ কৰ্মী সমৰ্থক উপস্থিত থাকে। অনুষ্ঠানত গণশিল্পী ঘন ডেকাই ড° ভূপেন হাজৰিকাৰ দুটি কালজয়ী গীত পৰিৱেশন কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd